--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহিলাগৰাকীৰ স্বামীয়ে লৰচৰ কৰিব নোৱাৰে, দীৰ্ঘদিন ধৰি পৰি আছে ৰোগশয্যাত। তেওঁক ঘৰত এৰি জনজাতীয় মহিলাগৰাকীয়ে ওচৰৰে এজন আত্মীয়ৰ বিয়ালৈ গৈছিল। কিন্তু সেই যে গ’ল গ’লেই , তেওঁ আৰু ঘৰলৈ জীৱন্ত অৱস্থাত ঘূৰি আহিব নোৱাৰিলে৷  বিয়া ঘৰৰ পৰাই মহিলাগৰাকীক দুৰ্বৃত্তই বাহিৰলৈ মাতি নি দলবদ্ধভাবে ধৰ্ষণ কৰে। 

অভিযোগ অনুসৰি ৪০ বছৰীয়া মহিলাগৰাকীক মাকৈ খেতিৰ মাজলৈ নি ধৰ্ষণ কৰা হয়৷  ধৰ্ষণকাৰীসকলে মহিলাগৰাকীৰ  চিঞৰ বন্ধ কৰিবলৈ প্ৰথমে তেওঁৰ মুখত ৰুমাল এখন সোপা দিছিল। কিন্তু চিঞৰ  বন্ধ নোহোৱাত তেওঁৰ মুখত এটা ম'বাইল ফোন  সুমুৱাই দিয়ে।ফলত মহলিগৰাকীয়ে ভালদৰে উশাহ ল’ব নোৱাৰা হৈ পৰি৷ এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে পশ্চিমবংগৰ দক্ষিণ দিনাজপুৰৰ গংগাৰামপুৰ মহকুমাত ৷  গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মহিলাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও তেওঁৰ মৃত্যু ঘটে। অৱশ্যে মৃত্যুৰ পূৰ্বে তেওঁ দুজন ধৰ্ষণকাৰীৰ নাম কৈ যাবলৈ সক্ষম হয়৷ 

পৰিয়ালটোৱে অভিযুক্ত দুজনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে । জিলা আৰক্ষী অধীক্ষক ৰাহুল দেই কয় যে ঘটনা সন্দৰ্ভত  আক্ৰমণ, যৌন নিৰ্যাতনৰ এটা গোচৰ ৰুজু কৰা হৈছে।অভিযুক্তক ধৰিবলৈ আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে যদিও এতিয়ালৈকে কোনো এজন অভিযুক্তই ধৰা পৰা নাই৷ঘটনাটোৱে  ৰাজনৈতিক মহলতো প্ৰচিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ বাওঁ শিবিৰে  দাবী কৰিছে যে মূল অভিযুক্তসকল শাসকীয় দলৰ কৰ্মী। টিএমচি নেতা চান্টু ৰয়ে দুই অভিযুক্তকে  দলৰ সমৰ্থক বুলি  স্বীকাৰ কৰিছে। তেওঁ কয় "অভিযুক্তসকল আমাৰ দলৰ সমৰ্থক। খবৰটো পোৱাৰ পিছত, মই অসুস্থ মহিলাগৰাকীক চিকিৎসালয়লৈ পঠোৱাৰ ব্যৱস্থা কৰিছিলো’’।

 অৱশ্যে, ব্লক আৰু জিলা টিএমচিৰ নেতাসকলে দাবী কৰিছে যে অভিযুক্তসকল ঝাৰখণ্ড দিচাম পাৰ্টিৰহে কৰ্মী ৷ মৃত মহিলাগৰাকীৰ পৰিয়ালে প্ৰকাশ কৰা মতে মহিলাগৰাকী ঘৰৰ  ওচৰৰে এখন গাঁৱৰ  বিবাহ অনুষ্ঠানলৈ গৈছিল। এগৰাকী মহিলাই তেওঁক বিয়া ঘৰৰ  পৰা বাহিৰলৈ মাতি নিছিল। তাৰ পিছত তেওঁক মাকৈ খেতিৰ মাজলৈ নি অত্যাচাৰ কৰা হৈছিল।

পিছত একাংশ লোকে কিবা সন্দেহ কৰি মাকৈ খেতিৰ মাজলৈ গৈছিল আৰু মহিলাগৰাকীক সংকটজনক অৱস্থাত উদ্ধাৰ কৰিছিল৷ মৃত মহিলাগৰাকীৰ খুৰাকে গংগাৰামপুৰ আৰক্ষী থানাত  লিখিত অভিযোগ দাখিল কৰিছে। আৰক্ষীয়ে মহিলাগৰাকীক বিয়া ঘৰৰ বাহিৰলৈ মাতি নিয়া মহিলাগৰাকীকো জেৰা কৰিছে৷ 










FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement