--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহিলাগৰাকীৰ স্বামীয়ে লৰচৰ কৰিব নোৱাৰে, দীৰ্ঘদিন ধৰি পৰি আছে ৰোগশয্যাত। তেওঁক ঘৰত এৰি জনজাতীয় মহিলাগৰাকীয়ে ওচৰৰে এজন আত্মীয়ৰ বিয়ালৈ গৈছিল। কিন্তু সেই যে গ’ল গ’লেই , তেওঁ আৰু ঘৰলৈ জীৱন্ত অৱস্থাত ঘূৰি আহিব নোৱাৰিলে৷  বিয়া ঘৰৰ পৰাই মহিলাগৰাকীক দুৰ্বৃত্তই বাহিৰলৈ মাতি নি দলবদ্ধভাবে ধৰ্ষণ কৰে। 

অভিযোগ অনুসৰি ৪০ বছৰীয়া মহিলাগৰাকীক মাকৈ খেতিৰ মাজলৈ নি ধৰ্ষণ কৰা হয়৷  ধৰ্ষণকাৰীসকলে মহিলাগৰাকীৰ  চিঞৰ বন্ধ কৰিবলৈ প্ৰথমে তেওঁৰ মুখত ৰুমাল এখন সোপা দিছিল। কিন্তু চিঞৰ  বন্ধ নোহোৱাত তেওঁৰ মুখত এটা ম'বাইল ফোন  সুমুৱাই দিয়ে।ফলত মহলিগৰাকীয়ে ভালদৰে উশাহ ল’ব নোৱাৰা হৈ পৰি৷ এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে পশ্চিমবংগৰ দক্ষিণ দিনাজপুৰৰ গংগাৰামপুৰ মহকুমাত ৷  গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মহিলাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও তেওঁৰ মৃত্যু ঘটে। অৱশ্যে মৃত্যুৰ পূৰ্বে তেওঁ দুজন ধৰ্ষণকাৰীৰ নাম কৈ যাবলৈ সক্ষম হয়৷ 

পৰিয়ালটোৱে অভিযুক্ত দুজনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে । জিলা আৰক্ষী অধীক্ষক ৰাহুল দেই কয় যে ঘটনা সন্দৰ্ভত  আক্ৰমণ, যৌন নিৰ্যাতনৰ এটা গোচৰ ৰুজু কৰা হৈছে।অভিযুক্তক ধৰিবলৈ আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে যদিও এতিয়ালৈকে কোনো এজন অভিযুক্তই ধৰা পৰা নাই৷ঘটনাটোৱে  ৰাজনৈতিক মহলতো প্ৰচিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ বাওঁ শিবিৰে  দাবী কৰিছে যে মূল অভিযুক্তসকল শাসকীয় দলৰ কৰ্মী। টিএমচি নেতা চান্টু ৰয়ে দুই অভিযুক্তকে  দলৰ সমৰ্থক বুলি  স্বীকাৰ কৰিছে। তেওঁ কয় "অভিযুক্তসকল আমাৰ দলৰ সমৰ্থক। খবৰটো পোৱাৰ পিছত, মই অসুস্থ মহিলাগৰাকীক চিকিৎসালয়লৈ পঠোৱাৰ ব্যৱস্থা কৰিছিলো’’।

 অৱশ্যে, ব্লক আৰু জিলা টিএমচিৰ নেতাসকলে দাবী কৰিছে যে অভিযুক্তসকল ঝাৰখণ্ড দিচাম পাৰ্টিৰহে কৰ্মী ৷ মৃত মহিলাগৰাকীৰ পৰিয়ালে প্ৰকাশ কৰা মতে মহিলাগৰাকী ঘৰৰ  ওচৰৰে এখন গাঁৱৰ  বিবাহ অনুষ্ঠানলৈ গৈছিল। এগৰাকী মহিলাই তেওঁক বিয়া ঘৰৰ  পৰা বাহিৰলৈ মাতি নিছিল। তাৰ পিছত তেওঁক মাকৈ খেতিৰ মাজলৈ নি অত্যাচাৰ কৰা হৈছিল।

পিছত একাংশ লোকে কিবা সন্দেহ কৰি মাকৈ খেতিৰ মাজলৈ গৈছিল আৰু মহিলাগৰাকীক সংকটজনক অৱস্থাত উদ্ধাৰ কৰিছিল৷ মৃত মহিলাগৰাকীৰ খুৰাকে গংগাৰামপুৰ আৰক্ষী থানাত  লিখিত অভিযোগ দাখিল কৰিছে। আৰক্ষীয়ে মহিলাগৰাকীক বিয়া ঘৰৰ বাহিৰলৈ মাতি নিয়া মহিলাগৰাকীকো জেৰা কৰিছে৷ 










FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু