--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: তীৰ্থভূমি অযোধ্যাত বৰ্তমান নিৰ্মাণ সম্পূৰ্ণ হৈছে আধ্যাত্মিকতাৰে পৰিপূৰ্ণ ৰাম মন্দিৰৰ৷ কিন্তু অযোধ্যাত কেৱল ৰাম মন্দিৰৰে নিৰ্মাণ হোৱা নাই। তীৰ্থভূমিখনত নিৰ্মাণ হ’বলৈ আগবাঢ়িছে আন এটা বৃহৎ উপাসনা-গৃহৰো। সেইটো হৈছে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ মছজিদ। 

ৰাম মন্দিৰ নিৰ্মাণৰ ৰায়ৰ সময়তে উচ্চতম ন্যায়ালয়ৰ পৰা লাভ কৰা পাঁচ একৰ ভূমিত নিৰ্মাণ হ’ব এই বিশাল আৰু আটকধুনীয়া মছজিদটো। গুৰুত্বপূৰ্ণ যে ৰাম মন্দিৰৰ পৰা মাত্ৰ ২৫ কিলোমিটাৰ দূৰত্বৰ ধনীপুৰত নিৰ্মাণ হ’ব এই মছজিদটো। 

এতিয়া দাবী কৰা হৈছে মছজিদটো তাজমহলতকৈ সুন্দৰকৈ নিৰ্মাণ কৰা হ’ব। এই দাবী কৰিছে মছজিদ নিৰ্মাণ পক্ষৰ অধ্যক্ষগৰাকীয়ে। লগতে কোৱা হৈছে মছজিদটো হ’ব ভাৰতৰ সৰ্ববৃহৎ মছজিদটোত। এই মছজিদটো হ’ব ২১ ফুট উচ্চতাৰ। মছজিদটো হ’ব ৩৬ ফুট বহল। গেৰুৱা ৰঙৰ বিশ্বৰ সৰ্ববৃহৎ কোৰান ইয়াত স্থাপন কৰা হ’ব বুলি উল্লেখ কৰিছে মছজিদ নিৰ্মাণ পক্ষই। 

উল্লেখ যে এই মছজিদটো কেৱল উপাসনাৰ বাবেই ব্যৱহাৰ নহ’ব। ইয়াত থাকিব মানৱ সেৱাৰ ব্যবস্থাও। মছজিদটোৰ সংলগ্ন হিচাপে থাকিব ৫০০ বিছনাযুক্ত এখন কেন্সাৰ চিকিৎসালয়। এই চিকিৎসালয়খন নিৰ্মাণ হ’লে উত্তৰ প্ৰদেশৰ পৰা কোনো লোক কেন্সাৰ চিকিৎসাৰ বাবে মুম্বাইলৈ যাব নালাগিব। এই বুলি মানৱ সেৱাৰ মহান উদ্দেশ্য দাঙি ধৰিছে মছজিদ নিৰ্মাণ পক্ষই। এনেদৰে প্ৰভু শ্ৰীৰামৰ জন্মভূমি অযোধ্যা হবলৈ আগবাঢ়িছে হিন্দু আৰু ইছলাম ধৰ্মৰ সম্প্ৰীতিৰ আধুনিক নিদৰ্শন হিচাপে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক