--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: তীৰ্থভূমি অযোধ্যাত বৰ্তমান নিৰ্মাণ সম্পূৰ্ণ হৈছে আধ্যাত্মিকতাৰে পৰিপূৰ্ণ ৰাম মন্দিৰৰ৷ কিন্তু অযোধ্যাত কেৱল ৰাম মন্দিৰৰে নিৰ্মাণ হোৱা নাই। তীৰ্থভূমিখনত নিৰ্মাণ হ’বলৈ আগবাঢ়িছে আন এটা বৃহৎ উপাসনা-গৃহৰো। সেইটো হৈছে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ মছজিদ। 

ৰাম মন্দিৰ নিৰ্মাণৰ ৰায়ৰ সময়তে উচ্চতম ন্যায়ালয়ৰ পৰা লাভ কৰা পাঁচ একৰ ভূমিত নিৰ্মাণ হ’ব এই বিশাল আৰু আটকধুনীয়া মছজিদটো। গুৰুত্বপূৰ্ণ যে ৰাম মন্দিৰৰ পৰা মাত্ৰ ২৫ কিলোমিটাৰ দূৰত্বৰ ধনীপুৰত নিৰ্মাণ হ’ব এই মছজিদটো। 

এতিয়া দাবী কৰা হৈছে মছজিদটো তাজমহলতকৈ সুন্দৰকৈ নিৰ্মাণ কৰা হ’ব। এই দাবী কৰিছে মছজিদ নিৰ্মাণ পক্ষৰ অধ্যক্ষগৰাকীয়ে। লগতে কোৱা হৈছে মছজিদটো হ’ব ভাৰতৰ সৰ্ববৃহৎ মছজিদটোত। এই মছজিদটো হ’ব ২১ ফুট উচ্চতাৰ। মছজিদটো হ’ব ৩৬ ফুট বহল। গেৰুৱা ৰঙৰ বিশ্বৰ সৰ্ববৃহৎ কোৰান ইয়াত স্থাপন কৰা হ’ব বুলি উল্লেখ কৰিছে মছজিদ নিৰ্মাণ পক্ষই। 

উল্লেখ যে এই মছজিদটো কেৱল উপাসনাৰ বাবেই ব্যৱহাৰ নহ’ব। ইয়াত থাকিব মানৱ সেৱাৰ ব্যবস্থাও। মছজিদটোৰ সংলগ্ন হিচাপে থাকিব ৫০০ বিছনাযুক্ত এখন কেন্সাৰ চিকিৎসালয়। এই চিকিৎসালয়খন নিৰ্মাণ হ’লে উত্তৰ প্ৰদেশৰ পৰা কোনো লোক কেন্সাৰ চিকিৎসাৰ বাবে মুম্বাইলৈ যাব নালাগিব। এই বুলি মানৱ সেৱাৰ মহান উদ্দেশ্য দাঙি ধৰিছে মছজিদ নিৰ্মাণ পক্ষই। এনেদৰে প্ৰভু শ্ৰীৰামৰ জন্মভূমি অযোধ্যা হবলৈ আগবাঢ়িছে হিন্দু আৰু ইছলাম ধৰ্মৰ সম্প্ৰীতিৰ আধুনিক নিদৰ্শন হিচাপে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক