--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৪ৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি কোন হ’ব? প্ৰথমে মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনক ভাৰতৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি হিচাবে আমন্ত্ৰণ জনোৱা হৈছিল যদিও বাইডেনে বিশেষ কাৰণত ভাৰতত সেই সময়ত উপস্থিত থাকিব নোৱাৰিব বুলি জনাই দিছে। ফলত গণৰাজ্য দিৱসৰ মুখ্য অতিথি হিচাবে ভাৰত চৰকাৰে এইবাৰ  ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনক  আমন্ত্ৰণ জনাইছে। বিশেষ সূত্ৰই এই কথা প্ৰকাশ কৰিছে।খবৰ অনুসৰি মেক্ৰন ২৬ জানুৱাৰীত দিল্লীত উপস্থিত থাকিব। 

উল্লেখ্য জো বাইডেনক অনুষ্ঠানটোত মুখ্য অতিথি হ'বলৈ আমন্ত্ৰণ জনোৱা হৈছিল। কিন্তু কেইদিনমান আগতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিয়ে কৈছিল যে তেওঁ গণৰাজ্য  দিৱস উদযাপনৰ অনুষ্ঠানত  উপস্থিত থাকিব নোৱাৰিব।৮ ছেপ্টেম্বৰত নতুন দিল্লীত জি-২০ সন্মিলনৰ সময়ত মোদী আৰু বাইডেনৰ মাজত দ্বিপাক্ষিক বৈঠক হৈছিল। সেই সময়তে প্ৰধানমন্ত্ৰীয়ে তেওঁক গণৰাজ্য দিৱসত ভাৰতলৈ আহিবলৈ আমন্ত্ৰণ জনাইছিল। কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিয়ে জনাই দিছে  যে তেওঁ এতিয়া অনুষ্ঠানলৈ আহিব নোৱাৰিব।

বাইডেনে উপস্থিত থাকিব নোৱাৰিব বুলি জনোৱাৰ পিছতে মেক্ৰনক আমন্ত্ৰণ জনোৱাৰ কথা চিন্তা কৰা হয়।  মেক্ৰন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অতি ঘনিষ্ঠ বুলি জনা যায়। এই বছৰৰ জুলাই মাহত ফ্ৰান্সৰ ৰাষ্ট্ৰপতিয়ে মোদীক বাষ্টিল দিৱসৰ কুচকাৱাজত মুখ্য অতিথি হিচাপে উপস্থিত থাকিবলৈ আমন্ত্ৰণ জনাইছিল। মোদীয়ে ফ্ৰান্সৰ পৰম্পৰাগত অনুষ্ঠানটোত সন্মানীয় অতিথি হিচাপে উপস্থিতো আছিল। তাৰ পিছত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰনে  জি-২০  সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ভাৰতলৈ আহিছিল। 
 

ইপিনে কোৱাড সন্মিলন ২৭ জানুৱাৰীত অনুষ্ঠিত হোৱাৰ কথা । ভাৰতৰ উপৰি আমেৰিকা, জাপান আৰু অষ্ট্ৰেলিয়ায়ো এই সন্মিলনত  অংশগ্ৰহণ কৰাৰ কথা । কিন্তু বাইডেনৰ অনুপস্থিতিয়ে সমস্যাৰ সৃষ্টি কৰিব বুলি ধাৰণা  কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক