--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৪ৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি কোন হ’ব? প্ৰথমে মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনক ভাৰতৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি হিচাবে আমন্ত্ৰণ জনোৱা হৈছিল যদিও বাইডেনে বিশেষ কাৰণত ভাৰতত সেই সময়ত উপস্থিত থাকিব নোৱাৰিব বুলি জনাই দিছে। ফলত গণৰাজ্য দিৱসৰ মুখ্য অতিথি হিচাবে ভাৰত চৰকাৰে এইবাৰ  ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনক  আমন্ত্ৰণ জনাইছে। বিশেষ সূত্ৰই এই কথা প্ৰকাশ কৰিছে।খবৰ অনুসৰি মেক্ৰন ২৬ জানুৱাৰীত দিল্লীত উপস্থিত থাকিব। 

উল্লেখ্য জো বাইডেনক অনুষ্ঠানটোত মুখ্য অতিথি হ'বলৈ আমন্ত্ৰণ জনোৱা হৈছিল। কিন্তু কেইদিনমান আগতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিয়ে কৈছিল যে তেওঁ গণৰাজ্য  দিৱস উদযাপনৰ অনুষ্ঠানত  উপস্থিত থাকিব নোৱাৰিব।৮ ছেপ্টেম্বৰত নতুন দিল্লীত জি-২০ সন্মিলনৰ সময়ত মোদী আৰু বাইডেনৰ মাজত দ্বিপাক্ষিক বৈঠক হৈছিল। সেই সময়তে প্ৰধানমন্ত্ৰীয়ে তেওঁক গণৰাজ্য দিৱসত ভাৰতলৈ আহিবলৈ আমন্ত্ৰণ জনাইছিল। কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিয়ে জনাই দিছে  যে তেওঁ এতিয়া অনুষ্ঠানলৈ আহিব নোৱাৰিব।

বাইডেনে উপস্থিত থাকিব নোৱাৰিব বুলি জনোৱাৰ পিছতে মেক্ৰনক আমন্ত্ৰণ জনোৱাৰ কথা চিন্তা কৰা হয়।  মেক্ৰন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অতি ঘনিষ্ঠ বুলি জনা যায়। এই বছৰৰ জুলাই মাহত ফ্ৰান্সৰ ৰাষ্ট্ৰপতিয়ে মোদীক বাষ্টিল দিৱসৰ কুচকাৱাজত মুখ্য অতিথি হিচাপে উপস্থিত থাকিবলৈ আমন্ত্ৰণ জনাইছিল। মোদীয়ে ফ্ৰান্সৰ পৰম্পৰাগত অনুষ্ঠানটোত সন্মানীয় অতিথি হিচাপে উপস্থিতো আছিল। তাৰ পিছত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰনে  জি-২০  সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ভাৰতলৈ আহিছিল। 
 

ইপিনে কোৱাড সন্মিলন ২৭ জানুৱাৰীত অনুষ্ঠিত হোৱাৰ কথা । ভাৰতৰ উপৰি আমেৰিকা, জাপান আৰু অষ্ট্ৰেলিয়ায়ো এই সন্মিলনত  অংশগ্ৰহণ কৰাৰ কথা । কিন্তু বাইডেনৰ অনুপস্থিতিয়ে সমস্যাৰ সৃষ্টি কৰিব বুলি ধাৰণা  কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক