--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সংখ্যালঘুৰ উন্নয়ন আৰু সুৰক্ষাৰ  নীতিৰ ক্ষেত্ৰত ভাৰতৰ সংখ্যালঘু নীতিয়ে আন দেশৰ বাবে এক উদাহৰণ হিচাপে পৰিগণিত হৈছে৷  ধৰ্মীয় সংখ্যালঘুৰ গ্ৰহণযোগ্যতাৰ ক্ষেত্ৰত আমেৰিকা যুক্তৰাজ্য, দক্ষিণ কোৰিয়া, জাপান, পানামা আৰু ভাৰত হৈছে ১১০ খন ৰাষ্ট্ৰৰ ভিতৰত শীৰ্ষ পাঁচখন দেশ৷

শেহতীয়া এক প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে৷  চেণ্টাৰ ফৰ পলিচী এনালাইচিছ (চিপিএ)ই প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি তালিকাত  মালদ্বীপ, আফগানিস্তান আৰু চোমালিয়া  তলৰ পিনে  আছে৷  ব্ৰিটেইন আৰু সংযুক্ত আৰব গণৰাজ্যৰ   স্থান হৈছে ক্ৰমান্বয়ে ৫৪ আৰু ৬১। তালিকাৰ প্ৰথম স্থানতে আছে ভাৰত৷  প্ৰতিবেদন খনত কোৱা হৈছে যে ভাৰতক বাদ দি আন দেশ কেইখনৰ   ভাষিক আৰু ধৰ্মীয় সংখ্যালঘুসকলৰ সুৰক্ষাৰ  বাবে সংবিধানত কোনো  স্পষ্ট নীতিৰ কথা উল্লেখ নাই। 

চেণ্টাৰ ফৰ পলিচী এনালাইচিছ (চিপিএ)ৰ মতে সেয়ে  ভাৰত ধৰ্মীয় সংখ্যালঘুসকলৰ উন্নয়নৰ ব্যৱস্থাৰ বাবে ১১০ খন দেশৰ ভিতৰত শীৰ্ষ স্থানত আছে। আমেৰিকা যুক্তৰাজ্য, দক্ষিণ কোৰিয়া, জাপান, পানামা আৰু ভাৰত হৈছে ধৰ্মীয় সংখ্যালঘুসকলৰ উন্নয়নৰ  ক্ষেত্ৰত ১১০  খন দেশৰ ভিতৰত শীৰ্ষ পাঁচখন দেশ। উল্লেখ্য  চি.পি.এ. হৈছে  এটা আন্তৰ্জাতিক গৱেষণা সংস্থা।সংস্থাটোৰ মতে  ভাৰতৰ সংবিধানে সংস্কৃতি আৰু শিক্ষা দুয়োটাতে ধৰ্মীয় সংখ্যালঘুসকলক উৎসাহিত কৰি আহিছে। প্ৰতিবেদনখনে  দাবী কৰা হৈছে যে ভাষিক আৰু ধৰ্মীয় সংখ্যালঘুসকলৰ উন্নয়নৰ  বাবে আন কোনো সংবিধানত স্পষ্ট নীতি  নাই। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
‘সংসদ চল’ সমদলত আৰক্ষীৰ কাৰ্যকলাপ সন্দৰ্ভত জৰুৰী শুনানি অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ
Advertisement