--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সংখ্যালঘুৰ উন্নয়ন আৰু সুৰক্ষাৰ  নীতিৰ ক্ষেত্ৰত ভাৰতৰ সংখ্যালঘু নীতিয়ে আন দেশৰ বাবে এক উদাহৰণ হিচাপে পৰিগণিত হৈছে৷  ধৰ্মীয় সংখ্যালঘুৰ গ্ৰহণযোগ্যতাৰ ক্ষেত্ৰত আমেৰিকা যুক্তৰাজ্য, দক্ষিণ কোৰিয়া, জাপান, পানামা আৰু ভাৰত হৈছে ১১০ খন ৰাষ্ট্ৰৰ ভিতৰত শীৰ্ষ পাঁচখন দেশ৷

শেহতীয়া এক প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে৷  চেণ্টাৰ ফৰ পলিচী এনালাইচিছ (চিপিএ)ই প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি তালিকাত  মালদ্বীপ, আফগানিস্তান আৰু চোমালিয়া  তলৰ পিনে  আছে৷  ব্ৰিটেইন আৰু সংযুক্ত আৰব গণৰাজ্যৰ   স্থান হৈছে ক্ৰমান্বয়ে ৫৪ আৰু ৬১। তালিকাৰ প্ৰথম স্থানতে আছে ভাৰত৷  প্ৰতিবেদন খনত কোৱা হৈছে যে ভাৰতক বাদ দি আন দেশ কেইখনৰ   ভাষিক আৰু ধৰ্মীয় সংখ্যালঘুসকলৰ সুৰক্ষাৰ  বাবে সংবিধানত কোনো  স্পষ্ট নীতিৰ কথা উল্লেখ নাই। 

চেণ্টাৰ ফৰ পলিচী এনালাইচিছ (চিপিএ)ৰ মতে সেয়ে  ভাৰত ধৰ্মীয় সংখ্যালঘুসকলৰ উন্নয়নৰ ব্যৱস্থাৰ বাবে ১১০ খন দেশৰ ভিতৰত শীৰ্ষ স্থানত আছে। আমেৰিকা যুক্তৰাজ্য, দক্ষিণ কোৰিয়া, জাপান, পানামা আৰু ভাৰত হৈছে ধৰ্মীয় সংখ্যালঘুসকলৰ উন্নয়নৰ  ক্ষেত্ৰত ১১০  খন দেশৰ ভিতৰত শীৰ্ষ পাঁচখন দেশ। উল্লেখ্য  চি.পি.এ. হৈছে  এটা আন্তৰ্জাতিক গৱেষণা সংস্থা।সংস্থাটোৰ মতে  ভাৰতৰ সংবিধানে সংস্কৃতি আৰু শিক্ষা দুয়োটাতে ধৰ্মীয় সংখ্যালঘুসকলক উৎসাহিত কৰি আহিছে। প্ৰতিবেদনখনে  দাবী কৰা হৈছে যে ভাষিক আৰু ধৰ্মীয় সংখ্যালঘুসকলৰ উন্নয়নৰ  বাবে আন কোনো সংবিধানত স্পষ্ট নীতি  নাই। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু