--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ কন্যা শ্বেনেল ইৰাণীয়ে শীঘ্ৰে বিবাহপাশত আৱদ্ধ হ'ব। ৭ ফেব্ৰুৱাৰীৰ পৰা ৯ ফেব্ৰুৱাৰীৰ ভিতৰত ৰাজস্থানৰ খিনৱছাৰ গড় (নগৌৰ)ত শ্বেনেল ইৰাণীৰ বিবাহৰ কাৰ্যসূচী আছে। তথ্য অনুসৰি শ্বেনেলে অৰ্জুন ভল্লাৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব।

আজিৰে পৰা আৰম্ভ হৈছে শ্বেনেল ইৰাণীৰ বিবাহৰ ৰীতি-নীতি। খিনৱছাৰৰ দুৰ্গটো ৭, ৮ আৰু ৯ ফেব্ৰুৱাৰীলৈ তিনিদিনৰ বাবে বুকিং কৰা হৈছে। স্মৃতি ইৰাণীৰ কন্যাৰ বিয়াৰ বাবে খিনৱছাৰ গড় অতি সুন্দৰকৈ সজাই তোলা হৈছে। থ্ৰীডি পোহৰ আৰু শব্দৰে নৃত্য, গায়ন-বায়ন আৰু অন্যান্য অনুষ্ঠান পৰিৱেশন কৰা হ’ব, আজিৰে পৰা আৰম্ভ হৈছে এই অনুষ্ঠান। বাৰাত আৰু ফেৰেৰ বাবেও বিশেষ সজ্জা কৰা হৈছে।

এই বিবাহৰ কাৰ্যসূচী অতি ব্যক্তিগতভাৱে ৰখা হৈছে। কেৱল পৰিয়ালৰ লোকৰ মাজতে আবদ্ধ কৰি ৰখা হৈছে বিবাহ অনুষ্ঠান। এই বিবাহত কেৱল পৰিয়াল আৰু ব্যক্তিগত লোককহে নিমন্ত্ৰণ কৰা হৈছে। অৱশ্যে এই বিবাহত কোনো ডাঙৰ ভিভিআইপিৰ আগমন নিশ্চিত হোৱা নাই।

বহুদিন পূৰ্বে স্মৃতি ইৰাণীয়ে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টৰ পৰা কন্যা শ্বেনেল আৰু হ’বলগীয়া জোঁৱাই অৰ্জুন ভল্লাৰ ছবি শ্বেয়াৰ কৰি সুখ প্ৰকাশ কৰিছিল। তেওঁ লিখিছে, ‘'অৰ্জুন ভল্লা এতিয়া আমাৰ হৃদয়ত বাস কৰে। আমাৰ পৰিয়াললৈ তোমাক স্বাগতম।'' ধেমালিতে স্মৃতি ইৰাণীয়ে আৰু লিখিছে, ‘আপুনি এজন পাগলৰ দৰে মানুহক শহুৰ হিচাপে মোকাবিলা কৰিব লাগিব আৰু তাতোকৈ বেয়া কথাটো হ’ল... তুমি মোক শাহুৱেক হিচাপে পাইছা। (তোমাক আনুষ্ঠানিকভাৱে সকীয়াই দিয়া হৈছে)। ভগৱানে আশীৰ্বাদ কৰক।''

উল্লেখ্য যে শ্বেনেল ইৰাণী এগৰাকী অধিবক্তা আৰু তেওঁ স্কুলীয়া শিক্ষা মুম্বাইৰ পৰাই কৰিছিল। শ্বেনেলে উচ্চ অধ্যয়নৰ বাবে আমেৰিকালৈ যায় আৰু জৰ্জটাউন বিশ্ববিদ্যালয়ৰ পৰা আইন বিভাগৰ ডিগ্ৰী লাভ কৰে। উল্লেখ্য যে স্মৃতি ইৰাণী শ্বেনেল ইৰাণীৰ জন্মদাত্ৰী মাতৃ নহয়। স্মৃতি ইৰাণীৰ স্বামী জুবিন ইৰাণীৰ প্ৰথমা পত্নী মনা ইৰাণীৰ কন্যা শ্বেনেল।










FOLLOW US F
POPULAR
FEATURE
TRENDY
১ টা বলত ২২ ৰান ! CPL ২০২৫-ত আৰ চি বিৰ খেলুৱৈয়ে ৰচিলে ইতিহাস
চিকিৎসকৰ গাফিলতিত ঘুণীয়া হ'ল চন্দ্ৰপুৰৰ ছাত্ৰী; ঘটনাৰ তদন্ত ঘোষণা জি এম চি এইচ কর্তৃপক্ষৰ
কৰ আৰু শুল্কক লৈ আপোনাৰো লাগিছে নেকি খেলিমেলি? জানো আহক দুয়োটাৰ মাজত পাৰ্থক্য
বিহাৰত 'ভোটাৰ অধিকাৰ যাত্ৰা'ত ৰাহুলক সংগ দিলে প্ৰিয়ংকা-ৰেৱন্ত ৰেড্ডীয়ে
গাৰ নোম শিয়ৰি যোৱা এক ঘটনা ;বিদ্যালয়ৰ বাথৰুমত এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰীয়ে নিজৰ দেহত কৰিলে অগ্নিসংযোগ
উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে নিজে দিয়া মৃত্যুদণ্ডৰ ৰায়
ভাত কেৰেলা খাওক আৰু সুস্বাস্থ্য গঢ়ক; ইয়াৰ উপকাৰিতা জানিলে আপুনি আচৰিত হ’ব
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক চৰ মাৰিছিল ৰিক্সাচালক ৰাজেশভাইয়ে; পূৰ্বেও তেওঁ কৰিছে বহু অপৰাধ ! পোহৰলৈ আহিল দীঘলীয়া তালিকা
মাত্ৰ ১৪ দিন দৈনিক মেথিৰ গুটি খাওক; এই লোকসকলে লাভ কৰিব বহু উপকাৰ
ডুবিব ৯ লাখ ৮৩ হাজাৰ টকাৰ ক্ৰিকেট বজাৰ! অনলাইন গেমিং বিলৰ ফলত আই পি এলৰ উপাৰ্জনত প্ৰভাৱ পৰিব নেকি?
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ