--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ কন্যা শ্বেনেল ইৰাণীয়ে শীঘ্ৰে বিবাহপাশত আৱদ্ধ হ'ব। ৭ ফেব্ৰুৱাৰীৰ পৰা ৯ ফেব্ৰুৱাৰীৰ ভিতৰত ৰাজস্থানৰ খিনৱছাৰ গড় (নগৌৰ)ত শ্বেনেল ইৰাণীৰ বিবাহৰ কাৰ্যসূচী আছে। তথ্য অনুসৰি শ্বেনেলে অৰ্জুন ভল্লাৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব।

আজিৰে পৰা আৰম্ভ হৈছে শ্বেনেল ইৰাণীৰ বিবাহৰ ৰীতি-নীতি। খিনৱছাৰৰ দুৰ্গটো ৭, ৮ আৰু ৯ ফেব্ৰুৱাৰীলৈ তিনিদিনৰ বাবে বুকিং কৰা হৈছে। স্মৃতি ইৰাণীৰ কন্যাৰ বিয়াৰ বাবে খিনৱছাৰ গড় অতি সুন্দৰকৈ সজাই তোলা হৈছে। থ্ৰীডি পোহৰ আৰু শব্দৰে নৃত্য, গায়ন-বায়ন আৰু অন্যান্য অনুষ্ঠান পৰিৱেশন কৰা হ’ব, আজিৰে পৰা আৰম্ভ হৈছে এই অনুষ্ঠান। বাৰাত আৰু ফেৰেৰ বাবেও বিশেষ সজ্জা কৰা হৈছে।

এই বিবাহৰ কাৰ্যসূচী অতি ব্যক্তিগতভাৱে ৰখা হৈছে। কেৱল পৰিয়ালৰ লোকৰ মাজতে আবদ্ধ কৰি ৰখা হৈছে বিবাহ অনুষ্ঠান। এই বিবাহত কেৱল পৰিয়াল আৰু ব্যক্তিগত লোককহে নিমন্ত্ৰণ কৰা হৈছে। অৱশ্যে এই বিবাহত কোনো ডাঙৰ ভিভিআইপিৰ আগমন নিশ্চিত হোৱা নাই।

বহুদিন পূৰ্বে স্মৃতি ইৰাণীয়ে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টৰ পৰা কন্যা শ্বেনেল আৰু হ’বলগীয়া জোঁৱাই অৰ্জুন ভল্লাৰ ছবি শ্বেয়াৰ কৰি সুখ প্ৰকাশ কৰিছিল। তেওঁ লিখিছে, ‘'অৰ্জুন ভল্লা এতিয়া আমাৰ হৃদয়ত বাস কৰে। আমাৰ পৰিয়াললৈ তোমাক স্বাগতম।'' ধেমালিতে স্মৃতি ইৰাণীয়ে আৰু লিখিছে, ‘আপুনি এজন পাগলৰ দৰে মানুহক শহুৰ হিচাপে মোকাবিলা কৰিব লাগিব আৰু তাতোকৈ বেয়া কথাটো হ’ল... তুমি মোক শাহুৱেক হিচাপে পাইছা। (তোমাক আনুষ্ঠানিকভাৱে সকীয়াই দিয়া হৈছে)। ভগৱানে আশীৰ্বাদ কৰক।''

উল্লেখ্য যে শ্বেনেল ইৰাণী এগৰাকী অধিবক্তা আৰু তেওঁ স্কুলীয়া শিক্ষা মুম্বাইৰ পৰাই কৰিছিল। শ্বেনেলে উচ্চ অধ্যয়নৰ বাবে আমেৰিকালৈ যায় আৰু জৰ্জটাউন বিশ্ববিদ্যালয়ৰ পৰা আইন বিভাগৰ ডিগ্ৰী লাভ কৰে। উল্লেখ্য যে স্মৃতি ইৰাণী শ্বেনেল ইৰাণীৰ জন্মদাত্ৰী মাতৃ নহয়। স্মৃতি ইৰাণীৰ স্বামী জুবিন ইৰাণীৰ প্ৰথমা পত্নী মনা ইৰাণীৰ কন্যা শ্বেনেল।










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক