--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন শীৰ্ষ ভাৰতীয় সেনা বিষয়াই কৰা এক মন্তব্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে৷পশ্চিম কমাণ্ডৰ জেনেৰেল অফিচাৰ কামাণ্ডিং ইন চিফ লেফটেনেণ্ট জেনেৰেল মনোজ কুমাৰ কাটিয়াৰে ভাৰতীয় সেনাৰ শক্তিক ‘অৰাজনৈতিক’ আৰু ‘ধৰ্মনিৰপেক্ষ স্বভাৱ’ বুলি অভিহিত কৰিছে। এই নীতিসমূহৰ সৈতে যিকোনো আপোচ কৰিলে সেনাবাহিনীৰ ক্ষতি হ’ব বুলিও তেওঁ উল্লেখ কৰে।

১৩ জানুৱাৰী (শনিবাৰে) ৱেষ্টাৰ্ণ কমাণ্ডৰ ইনভেষ্টিচাৰ অনুষ্ঠানত জোৱানসকলক সম্বোধন কৰি লেফটেনেণ্ট জেনেৰেল কাটিয়াৰে কয়, ‘ভাৰতীয় সেনাক সকলোতকৈ পৃথক কৰি তোলা কথাটো হ’ল আমি দুটা গুৰুত্বপূৰ্ণ নীতি কঠোৰভাৱে পালন কৰোঁ। প্ৰথমতে আমাৰ ধৰ্মনিৰপেক্ষ দৃষ্টিভংগী আৰু দ্বিতীয়তে আমাৰ অৰাজনৈতিক চৰিত্ৰ। অৰ্থাৎ আমি সকলো ধৰ্মক সন্মান কৰো আৰু ৰাজনীতিৰ পৰা আঁতৰি থাকোঁ।’তেওঁ আৰু কয়, ‘অৰাজনৈতিক আৰু ধৰ্মনিৰপেক্ষ নীতিত আবদ্ধ হৈ থকাটো গুৰুত্বপূৰ্ণ আৰু এই কথাটো স্বীকাৰ কৰাটো গুৰুত্বপূৰ্ণ যে এই ফ্ৰণ্টসমূহত যিকোনো আপোচ বা সেইবোৰ আনুগত্য নকৰাটো সেনাৰ বাবে ক্ষতিকাৰক হ’ব।’

লেফটেনেণ্ট জেনেৰেল কাটিয়াৰে কয় যে ভৱিষ্যতে যিকোনো যুদ্ধত মহিলা সৈনিকে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। তেওঁ কয়, ‘সেনাবাহিনীত মহিলা জোৱান নিযুক্তিৰ বাবে এখন ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰা হৈছে।’

নিউজ এজেন্সী পিটিআইয়ে প্রতিবেদনত প্রকাশ কৰিছে যে সেনাবাহিনীৰ পশ্চিম কমাণ্ডৰ মুৰব্বীয়ে বিগত সময়ত ভাৰতীয় সেনা জোৱানসকলে কৰা সাহসী কার্যক প্রেৰণাৰ বাবে গুৰুত্বপূর্ণ বুলি অভিহিত কৰিছে৷ তেওঁ কয় যে ভৱিষ্যতৰ যুদ্ধসমূহত প্ৰযুক্তিৰ সকলো উন্নতিৰ পিছতো জোৱানৰ ভূমিকা গুৰুত্বপূৰ্ণ হৈ থাকিব।

উল্লেখ্য যে,২০২৩ চনৰ জুলাই মাহত লেফটেনেণ্ট জেনেৰেল কাটিয়াৰে বৰ্তমানৰ পদটো গ্ৰহণ কৰে। ইয়াৰ পূৰ্বে তেওঁ ভাৰতীয় সেনাৰ সামৰিক অভিযানৰ সঞ্চালক প্ৰধান (DGMO) আছিল। ২০২১ চনত বিশিষ্ট সেৱাৰ বাবে জেনেৰেল কাটিয়াৰক আতি বিশিষ্ট সেৱা পদক প্ৰদান কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক