--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন শীৰ্ষ ভাৰতীয় সেনা বিষয়াই কৰা এক মন্তব্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে৷পশ্চিম কমাণ্ডৰ জেনেৰেল অফিচাৰ কামাণ্ডিং ইন চিফ লেফটেনেণ্ট জেনেৰেল মনোজ কুমাৰ কাটিয়াৰে ভাৰতীয় সেনাৰ শক্তিক ‘অৰাজনৈতিক’ আৰু ‘ধৰ্মনিৰপেক্ষ স্বভাৱ’ বুলি অভিহিত কৰিছে। এই নীতিসমূহৰ সৈতে যিকোনো আপোচ কৰিলে সেনাবাহিনীৰ ক্ষতি হ’ব বুলিও তেওঁ উল্লেখ কৰে।

১৩ জানুৱাৰী (শনিবাৰে) ৱেষ্টাৰ্ণ কমাণ্ডৰ ইনভেষ্টিচাৰ অনুষ্ঠানত জোৱানসকলক সম্বোধন কৰি লেফটেনেণ্ট জেনেৰেল কাটিয়াৰে কয়, ‘ভাৰতীয় সেনাক সকলোতকৈ পৃথক কৰি তোলা কথাটো হ’ল আমি দুটা গুৰুত্বপূৰ্ণ নীতি কঠোৰভাৱে পালন কৰোঁ। প্ৰথমতে আমাৰ ধৰ্মনিৰপেক্ষ দৃষ্টিভংগী আৰু দ্বিতীয়তে আমাৰ অৰাজনৈতিক চৰিত্ৰ। অৰ্থাৎ আমি সকলো ধৰ্মক সন্মান কৰো আৰু ৰাজনীতিৰ পৰা আঁতৰি থাকোঁ।’তেওঁ আৰু কয়, ‘অৰাজনৈতিক আৰু ধৰ্মনিৰপেক্ষ নীতিত আবদ্ধ হৈ থকাটো গুৰুত্বপূৰ্ণ আৰু এই কথাটো স্বীকাৰ কৰাটো গুৰুত্বপূৰ্ণ যে এই ফ্ৰণ্টসমূহত যিকোনো আপোচ বা সেইবোৰ আনুগত্য নকৰাটো সেনাৰ বাবে ক্ষতিকাৰক হ’ব।’

লেফটেনেণ্ট জেনেৰেল কাটিয়াৰে কয় যে ভৱিষ্যতে যিকোনো যুদ্ধত মহিলা সৈনিকে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। তেওঁ কয়, ‘সেনাবাহিনীত মহিলা জোৱান নিযুক্তিৰ বাবে এখন ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰা হৈছে।’

নিউজ এজেন্সী পিটিআইয়ে প্রতিবেদনত প্রকাশ কৰিছে যে সেনাবাহিনীৰ পশ্চিম কমাণ্ডৰ মুৰব্বীয়ে বিগত সময়ত ভাৰতীয় সেনা জোৱানসকলে কৰা সাহসী কার্যক প্রেৰণাৰ বাবে গুৰুত্বপূর্ণ বুলি অভিহিত কৰিছে৷ তেওঁ কয় যে ভৱিষ্যতৰ যুদ্ধসমূহত প্ৰযুক্তিৰ সকলো উন্নতিৰ পিছতো জোৱানৰ ভূমিকা গুৰুত্বপূৰ্ণ হৈ থাকিব।

উল্লেখ্য যে,২০২৩ চনৰ জুলাই মাহত লেফটেনেণ্ট জেনেৰেল কাটিয়াৰে বৰ্তমানৰ পদটো গ্ৰহণ কৰে। ইয়াৰ পূৰ্বে তেওঁ ভাৰতীয় সেনাৰ সামৰিক অভিযানৰ সঞ্চালক প্ৰধান (DGMO) আছিল। ২০২১ চনত বিশিষ্ট সেৱাৰ বাবে জেনেৰেল কাটিয়াৰক আতি বিশিষ্ট সেৱা পদক প্ৰদান কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু