--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এফালে পাঁচ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিৰ প্ৰসংগ আনফালে কৃষিখণ্ডৰ পয়ালগা ৰূপ সমুখলৈ আহিছে৷ কৃষি মন্ত্ৰালয়ৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে যোৱা কিছু বছৰত চৰকাৰে মন্ত্ৰালয়ৰ বাজেট বৃদ্ধি কৰিছে, কিন্তু মন্ত্ৰালয়ে ইয়াৰ সম্পূৰ্ণ ব্যৱহাৰ কৰা নাই, কিয়নো যোৱা পাঁচ বছৰত ১ লাখ কোটিতকৈ অধিক টকাৰ ধন ঘূৰাই দিছিল৷

ইণ্ডিয়ান এক্সপ্ৰেছৰ ‘২০২২-২০২৩ বৰ্ষৰ একাউণ্টৰ আভাস’ শীৰ্ষক প্ৰতিবেদন অনুসৰি কৃষি আৰু কৃষক কল্যাণ বিভাগে যোৱা বিত্তীয় বৰ্ষত (২০২২ চনৰ এপ্ৰিল-২০২৩ মাৰ্চ) আৱণ্টিত ১.২৪ লাখ কোটি টকাৰ ভিতৰত ২১,০০৫.১৩ কোটি টকা ঘূৰাই দিয়া হয়।বিগত ২০২১-২২ বৰ্ষৰ ভিতৰত বিভাগটোৱে ঘূৰাই দিয়া ধনৰ প্ৰায় চাৰিগুণ, যিটো ১.২৩ লাখ কোটি টকাৰ আবণ্টনৰ ভিতৰত ৫,১৫২.৬ কোটি টকা।

২০২০-২১ চনত বিভাগটোৱে ২৩,৮২৪.৫৩ কোটি, ২০১৯-২০ চনত ৩৪,৫১৭.৭ কোটি আৰু ২০১৮-১৯ চনত ২১,০৪৩.৭৫ কোটি টকা ঘূৰাই দিছিল।


২০১৮-১৯ বিত্তীয় বৰ্ষত কেন্দ্ৰই প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আৰম্ভ কৰাৰ লগে লগে কৃষি মন্ত্ৰালয়ৰ অধীনস্থ এই দুটা বিভাগৰ সংযুক্ত বাজেট আছিল ৫৪,০০০ কোটি টকা (অৰ্থাৎ কেন্দ্ৰৰ মুঠ বাজেট ২৪.৪২ লাখ কোটি টকাৰ ২.৩ শতাংশ )৷বিগত পাঁচ বছৰত এই আঁচনিৰ বাৰ্ষিক আবণ্টন ২০,০০০ কোটিৰ পৰা ৭৫,০০০ কোটি টকাৰ ভিতৰত আছে।

কিন্তু হয়তো পুঁজিৰ অব্যৱহাৰৰ বাবে চৰকাৰে চলিত বিত্তীয় বৰ্ষ ২০২৩-২৪ত মন্ত্ৰালয়ৰ বাবে মুঠ আবণ্টন ১.৩২ লাখ কোটি টকাৰ পৰা ২০২২-২৩ চনত ১.২৫ লাখ কোটি টকালৈ কিছু পৰিমাণে হ্ৰাস কৰিছে।

২০২৩ চনৰ ১৩ মাৰ্চত সংসদৰ সন্মুখত দাখিল কৰা কৃষি আৰু কৃষক কল্যাণ বিভাগৰ অনুদানৰ দাবী (২০২৩-২৪) পেনেল প্ৰতিবেদনত কোৱা হৈছে যে, ‘উভতাই দিবলগীয়া ধন মূলতঃ উত্তৰ-পূব ৰাজ্য, অনুসূচিত জাতি উপ- পৰিকল্পনা আৰু জনজাতীয় এলেকাৰ উপ-পৰিকল্পনা আঁচনিৰ উপাদানসমূহৰ অধীনত প্ৰয়োজনীয়তা কম হোৱাৰ বাবেই এনে হৈছে৷’

FOLLOW US F
POPULAR
FEATURE
TRENDY
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু