--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এফালে পাঁচ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিৰ প্ৰসংগ আনফালে কৃষিখণ্ডৰ পয়ালগা ৰূপ সমুখলৈ আহিছে৷ কৃষি মন্ত্ৰালয়ৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে যোৱা কিছু বছৰত চৰকাৰে মন্ত্ৰালয়ৰ বাজেট বৃদ্ধি কৰিছে, কিন্তু মন্ত্ৰালয়ে ইয়াৰ সম্পূৰ্ণ ব্যৱহাৰ কৰা নাই, কিয়নো যোৱা পাঁচ বছৰত ১ লাখ কোটিতকৈ অধিক টকাৰ ধন ঘূৰাই দিছিল৷

ইণ্ডিয়ান এক্সপ্ৰেছৰ ‘২০২২-২০২৩ বৰ্ষৰ একাউণ্টৰ আভাস’ শীৰ্ষক প্ৰতিবেদন অনুসৰি কৃষি আৰু কৃষক কল্যাণ বিভাগে যোৱা বিত্তীয় বৰ্ষত (২০২২ চনৰ এপ্ৰিল-২০২৩ মাৰ্চ) আৱণ্টিত ১.২৪ লাখ কোটি টকাৰ ভিতৰত ২১,০০৫.১৩ কোটি টকা ঘূৰাই দিয়া হয়।বিগত ২০২১-২২ বৰ্ষৰ ভিতৰত বিভাগটোৱে ঘূৰাই দিয়া ধনৰ প্ৰায় চাৰিগুণ, যিটো ১.২৩ লাখ কোটি টকাৰ আবণ্টনৰ ভিতৰত ৫,১৫২.৬ কোটি টকা।

২০২০-২১ চনত বিভাগটোৱে ২৩,৮২৪.৫৩ কোটি, ২০১৯-২০ চনত ৩৪,৫১৭.৭ কোটি আৰু ২০১৮-১৯ চনত ২১,০৪৩.৭৫ কোটি টকা ঘূৰাই দিছিল।


২০১৮-১৯ বিত্তীয় বৰ্ষত কেন্দ্ৰই প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আৰম্ভ কৰাৰ লগে লগে কৃষি মন্ত্ৰালয়ৰ অধীনস্থ এই দুটা বিভাগৰ সংযুক্ত বাজেট আছিল ৫৪,০০০ কোটি টকা (অৰ্থাৎ কেন্দ্ৰৰ মুঠ বাজেট ২৪.৪২ লাখ কোটি টকাৰ ২.৩ শতাংশ )৷বিগত পাঁচ বছৰত এই আঁচনিৰ বাৰ্ষিক আবণ্টন ২০,০০০ কোটিৰ পৰা ৭৫,০০০ কোটি টকাৰ ভিতৰত আছে।

কিন্তু হয়তো পুঁজিৰ অব্যৱহাৰৰ বাবে চৰকাৰে চলিত বিত্তীয় বৰ্ষ ২০২৩-২৪ত মন্ত্ৰালয়ৰ বাবে মুঠ আবণ্টন ১.৩২ লাখ কোটি টকাৰ পৰা ২০২২-২৩ চনত ১.২৫ লাখ কোটি টকালৈ কিছু পৰিমাণে হ্ৰাস কৰিছে।

২০২৩ চনৰ ১৩ মাৰ্চত সংসদৰ সন্মুখত দাখিল কৰা কৃষি আৰু কৃষক কল্যাণ বিভাগৰ অনুদানৰ দাবী (২০২৩-২৪) পেনেল প্ৰতিবেদনত কোৱা হৈছে যে, ‘উভতাই দিবলগীয়া ধন মূলতঃ উত্তৰ-পূব ৰাজ্য, অনুসূচিত জাতি উপ- পৰিকল্পনা আৰু জনজাতীয় এলেকাৰ উপ-পৰিকল্পনা আঁচনিৰ উপাদানসমূহৰ অধীনত প্ৰয়োজনীয়তা কম হোৱাৰ বাবেই এনে হৈছে৷’

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক