--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিশ্বব্যাপী বাঢ়ি অহা ধৰ্মীয় উগ্ৰতা আৰু সাম্প্ৰদায়িক পৰিস্থিতিয়ে গঢ়ি তোলা অসহিষ্ণু পৰিৱেশৰ সময়তে সমগ্ৰ বিশ্বৰ সমুখত মানৱীয়তাৰ এক অমূল্য নিদৰ্শন দাঙি ধৰিছে এক দুৰ্যোগ বিধ্বস্ত অঞ্চলৰ ৰাইজে। বিশ্ব সম্প্ৰদায়ৰ সমুখত এই বন্দিত  দৃশ্য তুলি ধৰিছে সদায়ে সন্ত্ৰাসবাদৰ বৈধ্যভূমি বুলি নিন্দা কৰা পাকিস্তানত। বানত বিধ্বস্ত হৈ পৰা ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰখনৰ ৰাষ্ট্ৰখনৰ নাগৰিকে দাঙি ধৰা এই মানৱতাৰ জয়গানে দৃষ্টি আকৰ্ষণ কৰিছে এতিয়া সমগ্ৰ বিশ্বৰে।

বানৰ প্ৰকোপত দিশহাৰা হোৱা পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ কাচ্চি জিলাৰ অন্তৰ্গত এক অঞ্চলৰ মুছলমান ধৰ্মাৱলম্বী লোক সকলে আশ্ৰয় ল’ব পৰাকৈ কাষৰীয়া জালাল নামৰ এখন গাঁৱত বাস কৰা হিন্দু ধৰ্মাৱলম্বী লোকসকলে শিবিৰ হিচাপে মুকলি কৰি দিছে উপাসনাস্থলী।  নাৰী, বোলন আৰু লেহৰী নদীৰ পানীৰ স্তৰ বৃদ্ধি হোৱাৰ পিছত সৃষ্টি হোৱা ভয়াৱহ বানৰ ফলত বেলুচিস্তানৰ কাচ্চি জিলাৰ জালাল গাওঁ প্ৰদেশখনৰ বাকী অংশৰ পৰা সম্পূৰ্ণ বিচ্ছিন্ন হৈ পৰিছে।

এনে বিপদৰ সময়ত মানৱতাৰ নিদৰ্শন দাঙি ধৰি বানপীড়িত মুছলমান সম্প্ৰদায়ৰ লোকসকলৰ কাষত থিয় দিছে স্থানীয় হিন্দু সম্প্ৰদায়ৰ লোকসকল। হিন্দুসকলৰ উপাসনাস্থলী বাবা মধুদাস মন্দিৰৰ দুৱাৰ বানপীড়িত লোক আৰু তেওঁলোকৰ পশুধনৰ বাবে মুকলি কৰি দিয়ে।

স্থানীয় লোকসকলৰ মতে, হিন্দু সাধু বাবা মধুদাছ বিভাজনৰ পূৰ্বে অঞ্চলটোৰ মুছলমান আৰু হিন্দুসকলৰ দ্বাৰা সমানে লালিত-পালিত হৈছিল। জাতি আৰু ধৰ্মৰ পৰিৱৰ্তে মানৱতাৰ পৰিচয়েৰে মানুহক বিচাৰ কৰাৰ জ্ঞান দিয়া মধুদাসৰ মন্দিৰৰ দ্বাৰ সেয়ে  সকলোৰে বাবে খোলা বুলি তেওঁলোকে উল্লেখ কৰে।

উল্লেখ্য যে পাকিস্তানত শেহতীয়া বানে তাণ্ডৱৰ সৃষ্টি কৰিছে। দেশখনৰ ৮০ খন জিলাত বানে প্ৰায় বিধ্বস্ত কৰি তুলিছে। বানৰ ফলত দেশখনত সহস্ৰাধিক লোকৰ ইতিমধ্যে মৃত্যু হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
বানে সৃষ্টি কৰা সমস্যা দূৰ কৰিবলৈ ‘অসম বান-সহায় সেতু’ নিৰ্মাণ যুৱ উদ্যোগী প্ৰীতম ৰঞ্জন ডেকাৰ
শীঘ্ৰেই মুকলি হ’ব হৰমুজ প্রণালী; ইৰান-ওমানৰ মাজত বুজাবুজি
অসম প্ৰিমিয়াৰ লীগ: নগাঁও ৰেঞ্জাৰ্চৰ বিৰুদ্ধে ৭০ ৰানৰ বৃহৎ বিজয় সাব্যস্ত বৰপেটা ব্ৰেভছৰ
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ