--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিশ্বব্যাপী বাঢ়ি অহা ধৰ্মীয় উগ্ৰতা আৰু সাম্প্ৰদায়িক পৰিস্থিতিয়ে গঢ়ি তোলা অসহিষ্ণু পৰিৱেশৰ সময়তে সমগ্ৰ বিশ্বৰ সমুখত মানৱীয়তাৰ এক অমূল্য নিদৰ্শন দাঙি ধৰিছে এক দুৰ্যোগ বিধ্বস্ত অঞ্চলৰ ৰাইজে। বিশ্ব সম্প্ৰদায়ৰ সমুখত এই বন্দিত  দৃশ্য তুলি ধৰিছে সদায়ে সন্ত্ৰাসবাদৰ বৈধ্যভূমি বুলি নিন্দা কৰা পাকিস্তানত। বানত বিধ্বস্ত হৈ পৰা ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰখনৰ ৰাষ্ট্ৰখনৰ নাগৰিকে দাঙি ধৰা এই মানৱতাৰ জয়গানে দৃষ্টি আকৰ্ষণ কৰিছে এতিয়া সমগ্ৰ বিশ্বৰে।

বানৰ প্ৰকোপত দিশহাৰা হোৱা পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ কাচ্চি জিলাৰ অন্তৰ্গত এক অঞ্চলৰ মুছলমান ধৰ্মাৱলম্বী লোক সকলে আশ্ৰয় ল’ব পৰাকৈ কাষৰীয়া জালাল নামৰ এখন গাঁৱত বাস কৰা হিন্দু ধৰ্মাৱলম্বী লোকসকলে শিবিৰ হিচাপে মুকলি কৰি দিছে উপাসনাস্থলী।  নাৰী, বোলন আৰু লেহৰী নদীৰ পানীৰ স্তৰ বৃদ্ধি হোৱাৰ পিছত সৃষ্টি হোৱা ভয়াৱহ বানৰ ফলত বেলুচিস্তানৰ কাচ্চি জিলাৰ জালাল গাওঁ প্ৰদেশখনৰ বাকী অংশৰ পৰা সম্পূৰ্ণ বিচ্ছিন্ন হৈ পৰিছে।

এনে বিপদৰ সময়ত মানৱতাৰ নিদৰ্শন দাঙি ধৰি বানপীড়িত মুছলমান সম্প্ৰদায়ৰ লোকসকলৰ কাষত থিয় দিছে স্থানীয় হিন্দু সম্প্ৰদায়ৰ লোকসকল। হিন্দুসকলৰ উপাসনাস্থলী বাবা মধুদাস মন্দিৰৰ দুৱাৰ বানপীড়িত লোক আৰু তেওঁলোকৰ পশুধনৰ বাবে মুকলি কৰি দিয়ে।

স্থানীয় লোকসকলৰ মতে, হিন্দু সাধু বাবা মধুদাছ বিভাজনৰ পূৰ্বে অঞ্চলটোৰ মুছলমান আৰু হিন্দুসকলৰ দ্বাৰা সমানে লালিত-পালিত হৈছিল। জাতি আৰু ধৰ্মৰ পৰিৱৰ্তে মানৱতাৰ পৰিচয়েৰে মানুহক বিচাৰ কৰাৰ জ্ঞান দিয়া মধুদাসৰ মন্দিৰৰ দ্বাৰ সেয়ে  সকলোৰে বাবে খোলা বুলি তেওঁলোকে উল্লেখ কৰে।

উল্লেখ্য যে পাকিস্তানত শেহতীয়া বানে তাণ্ডৱৰ সৃষ্টি কৰিছে। দেশখনৰ ৮০ খন জিলাত বানে প্ৰায় বিধ্বস্ত কৰি তুলিছে। বানৰ ফলত দেশখনত সহস্ৰাধিক লোকৰ ইতিমধ্যে মৃত্যু হৈছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
নাটোৰ ভাবুকিৰ মাজতে ৰাছিয়া-ভাৰত-চীনৰ ত্রিদেশীয় জোঁট পুনৰুজ্জীৱিতকৰণৰ প্ৰচেষ্টা
আমেৰিকাৰ অধিকাংশ প্রাপ্তবয়স্ক লোকক উপকৃত কৰা নাই ট্রাম্পৰ নীতিয়ে
ATMৰ পৰা পইছা উলিওৱাৰ সময়ত আপুনি কৰে নেকি এইকেইটা কাম ? যদি কৰে পৰিব আপোনাৰ ভয়ংকৰ বিপদ
বিমান উৰণৰ পূৰ্বে পায়লটে ব্যৱহাৰ কৰিব নোৱাৰে এইকেইটা বস্তু ; জানো আহক কি এই বিশেষ বস্তু...
দিল্লীৰ ২০খন বিদ্যালয়ত বোমাৰ ভাবুকি, তৎপৰতাৰে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী উপস্থিত
আপুনি চাহ ভাল পাই নে ? যদি ভাল পাই তেন্তে জীৱনত এবাৰ হ'লেও চাই আহক এইসমূহ ঠাই
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে