--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আপুনি এনেধৰণৰ চিৰিয়াখানা দেখিছেনে বা শুনিছেনে য’ত মানুহ থাকে পিঞ্জৰাত আৰু জীৱ-জন্তুৱে মুক্তভাৱে বিচৰণ কৰে।  এনে চিৰিয়াখানাৰ বিষয়ে যদি আপুনি অৱগত নহয় তেন্তে আজিয়েই জানি লওক। চীনৰ লেহে লেদু বন্যপ্ৰাণী অভয়াৰণ্য এনে এখন চিৰিয়াখানা য’ত জীৱ-জন্তুৱে মুক্তভাৱে বিচৰণ কৰে আৰু ইয়াত সেই জীৱ-জন্তুবোৰ চাব বিচাৰিলে পিঞ্জৰাত আহিব লাগিব। সেই পিঞ্জৰাৰ ভিতৰৰ পৰা জীৱ-জন্তুবোৰ চাব লাগে।

মানুহে অনন্য বস্তু আৰু জীৱ-জন্তু চাব বিচাৰিলে সাধাৰণতে সংগ্ৰহালয় আৰু চিৰিয়াখানালৈ যায়। বিশ্বৰ বিভিন্ন দেশত বহুতো সংগ্ৰহালয়, চিৰিয়াখানা আছে। এনে চিৰিয়াখানাত আপুনি পিঞ্জৰাত ৰখা বহুতো ধৰণৰ বিপজ্জনক  জীৱ-জন্তু দেখিব। কিন্তু এনে কিছুমান চিৰিয়াখানাবোৰ দেখিছেনে বা শুনিছেনে য’ত মানুহক পিঞ্জৰাত ৰাখি জীৱ-জন্তুৱে মুক্তভাৱে বিচৰণ কৰে?

এনে চিৰিয়াখানাৰ বিষয়ে যদি আপুনি অৱগত নহয় তেন্তে আজিয়েই জানি লওক। চীনৰ লেহে লেদু বন্যপ্ৰাণী অভয়াৰণ্য এনে এখন চিৰিয়াখানা য’ত জীৱ-জন্তুৱে মুক্তভাৱে বিচৰণ কৰে আৰু ইয়াত সেই জীৱ-জন্তুবোৰ চাব বিচাৰিলে পিঞ্জৰাত আহিব লাগিব। সেই পিঞ্জৰাৰ ভিতৰৰ পৰা জীৱ-জন্তুবোৰ চাব লাগে। আহকচোন এই চিৰিয়াখানাখনৰ বিষয়ে আৰু কিছু আমোদজনক তথ্য।

চীনৰ চংকিঙত অৱস্থিত এই অদ্ভুত চিৰিয়াখানাখন। চীনৰ এই চিৰিয়াখানাখন বহুত দিনৰ আগতে নহয়, মাত্ৰ কেইবছৰমান আগতে ২০১৫ চনত মুকলি কৰা হৈছিল। লেহ লেডু বন্যপ্ৰাণী অভয়াৰণ্য নামৰ এই চিৰিয়াখানাত মানুহে জীৱ-জন্তুবোৰক ওচৰৰ পৰা চোৱাৰ এক অনন্য সুযোগ পায়। পৰ্যটকে পিঞ্জৰাৰ ভিতৰৰ পৰা নিজ হাতেৰেও জীৱ-জন্তুবোৰক খুৱাব পাৰে। এই চিৰিয়াখানাত মানুহেৰে ভৰা পিঞ্জৰা বন্যপ্ৰাণী অঞ্চললৈ লৈ যোৱা হয়। সিংহৰ সৈন্যবাহিনী ইমান ওচৰত দেখাৰ অভিজ্ঞতা স্বাভাৱিকতে একেবাৰে বেলেগ।

জীৱ-জন্তুবোৰক মানুহৰে ভৰা পিঞ্জৰাৰ ওচৰলৈ লৈ যোৱা হয়। চিকাৰ কৰা জীৱ-জন্তুৰ প্ৰলোভনও দেখুওৱা হৈছে। আৰু জীৱ-জন্তুবোৰে পিঞ্জৰাটোৰ চাৰিওফালে আহে আৰু কেতিয়াবা আনকি পিঞ্জৰাটোৰ ওপৰলৈ উঠি যায় এই খাদ্যৰ হেঁপাহৰ বাবে। ইমান ওচৰতে সিংহ এটাক দেখা আৰু তাৰ গৰ্জন শুনি থকাটো নিশ্চিতভাৱে এক বেলেগ অভিজ্ঞতা। প্ৰতিটো পিঞ্জৰাত এখন সৰু খিৰিকী থাকে। সেই খিৰিকীৰে মানুহে বন্যপ্ৰাণীক মাংস দিয়ে।

লেহে লেডু বন্যপ্ৰাণী অভয়াৰণ্য নামৰ এই চিৰিয়াখানাৰ কৰ্তৃপক্ষই কয় যে তেওঁলোকে তেওঁলোকৰ পৰ্যটকসকলক এক বেলেগ ৰোমাঞ্চকৰ অভিজ্ঞতা দিব বিচাৰে। কিন্তু কোৱা হয় যে এই চিৰিয়াখানাখনৰ সুৰক্ষাৰ বাবে কঠোৰ নিৰ্দেশনা আছে। ইয়াৰ উপৰিও ইয়াত কঠোৰ নিৰাপত্তা ব্যৱস্থাও কৰা হৈছে।

এই চিৰিয়াখানাখনলৈ অহা পৰ্যটকৰ বাবে লেহে লেডু বন্যপ্ৰাণী অভয়াৰণ্যত কঠোৰ নিৰাপত্তা ব্যৱস্থা আছে। পিঞ্জৰা আৰু জীৱ-জন্তুবোৰ ২৪ ঘণ্টা কেমেৰাৰ দ্বাৰা নিৰীক্ষণ কৰা হয় আৰু জৰুৰীকালীন অৱস্থাত ৫ৰ পৰা ১০ মিনিটৰ ভিতৰত সহায়ৰ হাত আগবঢ়াব পাৰি। লেহ লেদু বন্যপ্ৰাণী অভয়াৰণ্য নামৰ এই চিৰিয়াখানাত পিঞ্জৰাৰ ভিতৰৰ পৰা সিংহ,  বাঘ, বগা বাঘ, ভালুক আদি বন্য আৰু বিভিন্ন ভয়ংকৰ প্ৰাণী দেখিবলৈ পোৱা যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
বানে সৃষ্টি কৰা সমস্যা দূৰ কৰিবলৈ ‘অসম বান-সহায় সেতু’ নিৰ্মাণ যুৱ উদ্যোগী প্ৰীতম ৰঞ্জন ডেকাৰ
শীঘ্ৰেই মুকলি হ’ব হৰমুজ প্রণালী; ইৰান-ওমানৰ মাজত বুজাবুজি
অসম প্ৰিমিয়াৰ লীগ: নগাঁও ৰেঞ্জাৰ্চৰ বিৰুদ্ধে ৭০ ৰানৰ বৃহৎ বিজয় সাব্যস্ত বৰপেটা ব্ৰেভছৰ
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ