--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চীনৰ স্মাৰ্টফোন নিৰ্মাতা কোম্পানী  ভিভো-ইণ্ডিয়া আৰু আন কিছু লোকৰ বিৰুদ্ধে অবৈধ ধন সৰবৰাহৰ গোচৰত  প্ৰৱৰ্তন সঞ্চালকালয়ে প্ৰথমবাৰৰ বাবে  অভিযোগনামা দাখিল কৰিছে।  চৰকাৰী সূত্ৰই এই কথা জানিবলৈ দিয়ে।

মানি লণ্ডাৰিং প্ৰতিৰোধ আইনৰ অপৰাধমূলক ধাৰাৰ অধীনত  এখন বিশেষ আদালতত গোচৰ ৰুজু কৰা হৈছে আৰু এই গোচৰত গ্ৰেপ্তাৰ হোৱা সকলৰ উপৰি  ভিভো-ইণ্ডিয়াকো  অভিযুক্ত কৰা হৈছে। 

ফেডাৰেল তদন্ত সংস্থাটোৱে এই তদন্তত লাভা ইণ্টাৰনেচনেল মোবাইল কোম্পানীৰ হৰি ওম ৰায়ৰ লগতে  চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে। জিম্মাত লোৱা আন সকল হ’ল  চীনা নাগৰিক গুয়াংগুৱেন ওৰফে এণ্ড্ৰিউ কুয়াং, চাৰ্টাৰ্ড একাউণ্টেণ্ট নিতিন গাৰ্গ আৰু ৰাজন মালিক।

ইডিয়ে দাবী কৰিছে যে এইসকল লোকৰ  কাৰ্যকলাপে ভিভো-ইণ্ডিয়াক ভাৰতৰ অৰ্থনৈতিক সাৰ্বভৌমত্বৰ বাবে ক্ষতিকাৰক কৰি তুলিছে।

ই যোৱা বছৰ জুলাইত ভিভো-ইণ্ডিয়া আৰু ইয়াৰ সৈতে  সম্পৰ্কিত ব্যক্তিসকলৰ বিৰুদ্ধে  অভিযান চলোৱা হৈছিল। সেই সময়তে  চীনা নাগৰিক আৰু একাধিক ভাৰতীয় কোম্পানীৰ সৈতে জড়িত লোকে গঢ়ি তোলা এটা ডাঙৰ মানি লণ্ডাৰিং ৰেকেট উদ্ঘাটন কৰা বুলি দাবী কৰা হৈছিল।

ইডিয়ে তেতিয়াই অভিযোগ কৰিছিল যে ভাৰতত কৰ পৰিশোধ নকৰাকৈয়ে  ভিভো-ইণ্ডিয়াই  চীনলৈ ৬২,৪৭৬ কোটি টকা "অবৈধভাৱে" স্থানান্তৰ কৰিছিল। কোম্পানীটোৱে কৈছিল যে ই   নৈতিক বিষয়ৰ  নীতিবোৰ দৃঢ়ভাৱে পালন কৰি আহিছে। চীনা  কোম্পানীৰ বিষয়া ৰায়ে অলপতে  এখন আদালতক কৈছিল যে যদিও তেওঁৰ কোম্পানী আৰু ভিভো-ইণ্ডিয়াই এক দশক আগতে ভাৰতত এটা যৌথ উদ্যোগ আৰম্ভ কৰাৰ বাবে আলোচনা কৰি আছিল, ২০১৪  চনৰ পৰা চীনা প্ৰতিষ্ঠান বা ইয়াৰ প্ৰতিনিধিসকলৰ সৈতে তেওঁৰ কোনো সম্পৰ্ক নাই।

তেওঁ প্ৰকাশ কৰা মতে চীনৰ পৰা তেওঁ কোনো আৰ্থিক সহায় লাভ  কৰা নাই  বা তেওঁ ভিভো-ইণ্ডিয়া বা ভিভোৰ সৈতে সম্পৰ্কিত কোনো সংস্থাৰ সৈতেও  লেনদেনত লিপ্ত হোৱা নাই।

সংস্থাটোৱে যোৱা বছৰ ডিচেম্বৰত দিল্লী আৰক্ষীৰ এজাহাৰ অধ্যয়ন কৰাৰ পিছত ভিভো-ইণ্ডিয়া, গ্ৰেণ্ড প্ৰস্পেক্ট ইণ্টাৰনেচনেল কমিউনিকেচন প্ৰাইভেট লিমিটেড (জিপিআইচিপিএল), ইয়াৰ সঞ্চালক, শ্বেয়াৰহোল্ডাৰ আৰু আন কিছু  লোকৰ বিৰুদ্ধে ৩ ফেব্ৰুৱাৰীত গোচৰৰ তথ্য প্ৰতিবেদন (ইচিআইআৰ) দাখিল কৰিছিল।

কেন্দ্ৰীয় মন্ত্ৰী অজয় ভাটে   বাংগালুৰুৰ হিন্দুস্তান এৰোনটিক্সৰ মুখ্য কাৰ্যালয়ত যুঁজাৰু বিমানখন হস্তান্তৰ কৰা  অনুষ্ঠানত উপস্থিত আছিল। বায়ুসেনাক   তেজছ বিমান হস্তান্তৰ কৰাটোৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 'মেক ইন ইণ্ডিয়া'ৰ উদ্যোগত ইতিবাচক দিশ হিচাবে বিবেচিত হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক