--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যুদ্ধ প্ৰযুক্তিৰ ক্ষেত্ৰত ক্ৰমে আত্মনিৰ্ভৰ হৈ পৰিছে ভাৰত।   সম্পূৰ্ণ দেশীয় প্ৰযুক্তিৰে ভাৰতে নিজৰ দেশতে নিৰ্মাণ কৰা তেজছ যুদ্ধ বিমান ক্ৰয় কৰিবলৈ এতিয়া বিশ্বৰ কেইবাখনো দেশে আগ্ৰহ প্ৰকাশ কৰিছে। ইয়াৰ পূৰ্বে বিশ্বৰ আন কেইবাখনো দেশেও ভাৰতৰ পৰা তেজ বিমান ক্ৰয় কৰাৰ বাবে ভাৰতক অনুৰোধ জনাইছিল।

উল্লেখ্য প্ৰতিৰক্ষা অধিগ্ৰহণ পৰিষদে (ডিএচি) শেহতীয়াকৈ ভাৰতীয় বায়ু সেনাৰ বাবে ৯৭ খন তেজছ যুঁজাৰু বিমান আৰু ১৫৬ খন  বিশেষ  হেলিকপ্টাৰ ক্ৰয়ৰ বাবে অনুমোদন জনাইছে।  ৰাজহুৱা খণ্ডৰ হিন্দুস্তান এৰোনটিক্স লিমিটেড (এইচএএল)ৰ ওপৰত এই বিমানসমূহ যোগান ধৰাৰ দায়িত্ব আহি পৰিব বুলি এজন জ্যেষ্ঠ বিষয়াই নিশ্চিত কৰিছে।

ইপিনে নাইজেৰিয়া, ফিলিপাইনছ, আৰ্জেণ্টিনা আৰু ইজিপ্তয়ো ভাৰতে  স্বদেশী ভাৱে বিকশিত তেজছ লাইট কমবেট বিমান ক্ৰয় কৰিবলৈ আগ্ৰহ দেখুৱাইছে।  হিন্দুস্তান এৰোনটিক্স লিমিটেডৰ অধ্যক্ষ আৰু পৰিচালনা সঞ্চালক চিবি অনন্তকৃষ্ণনে এই কথা প্ৰকাশ কৰিছে।  অনন্তকৃষ্ণনে  কয় যে তেজছ লাইট কমবেট বিমান বিক্ৰীৰ  বাবে এই দেশসমূহৰ সৈতে আলোচনা চলি আছে।


তেজছ হৈছে  হিন্দুস্তান এৰোনটিক্স লিমিটেডে (এইচএএল) নিৰ্মাণ কৰা দ্বিতীয় চুপাৰচনিক যুঁজাৰু বিমান। ভাৰতীয় বায়ু সেনাৰ বাবে তেজছ মাৰ্ক ১-ৰ উৎপাদন ২০১৬  চনত আৰম্ভ হৈছিল। শেহতীয়াকৈ ভাৰতীয় বায়ুসেনাই প্ৰথমবাৰৰ বাবে  দুখন আসন বিশিষ্ট  তেজছ বিমান লাভ কৰিছে ।অলপতে হিন্দুস্তান এৰোনটিক্স লিমিটেডে অত্যাধুনিক তেজছ বিমানখন ভাৰতীয় বায়ু সেনাক হস্তান্তৰ কৰে। এই দুখন আসন থকা বিমান প্ৰশিক্ষণৰ কামত ব্যৱহাৰ কৰা হ’ব। এই বিমান হস্তান্তৰ কৰাৰ পিছত দেশখনে থলুৱা প্ৰযুক্তিৰে বিমান নিৰ্মাণৰ ক্ষেত্ৰত আৰু এখোজ আগুৱাই গৈছে। 

হিন্দুস্তান এৰোনটিক্স লিমিটেডে প্ৰকাশ কৰা মতে  দুখন আসনৰ অত্যাধুনিক তেজছ প্ৰশিক্ষণ বিমানখনৰ বিভিন্ন বৈশিষ্ট্য আছে। এই বিমান বায়ু সেনাক  প্ৰশিক্ষণ দিয়াত সহায় কৰিবলৈ বিশেষভাৱে  প্ৰস্তুত কৰা হৈছে। প্ৰয়োজন হ'লে এই বিমানখন যুদ্ধৰ সময়তো  ব্যৱহাৰ কৰিব পৰা যাব। ইয়াৰ পূৰ্বে  ভাৰতত একক আসনৰ তেজছ যুঁজাৰু বিমান আছিল। এতিয়া দেশৰ মাটিত দুখন আসন থকা তেজছ বিমান  তৈয়াৰ কৰা সম্ভৱ হৈ উঠিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক