--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যুদ্ধ প্ৰযুক্তিৰ ক্ষেত্ৰত ক্ৰমে আত্মনিৰ্ভৰ হৈ পৰিছে ভাৰত।   সম্পূৰ্ণ দেশীয় প্ৰযুক্তিৰে ভাৰতে নিজৰ দেশতে নিৰ্মাণ কৰা তেজছ যুদ্ধ বিমান ক্ৰয় কৰিবলৈ এতিয়া বিশ্বৰ কেইবাখনো দেশে আগ্ৰহ প্ৰকাশ কৰিছে। ইয়াৰ পূৰ্বে বিশ্বৰ আন কেইবাখনো দেশেও ভাৰতৰ পৰা তেজ বিমান ক্ৰয় কৰাৰ বাবে ভাৰতক অনুৰোধ জনাইছিল।

উল্লেখ্য প্ৰতিৰক্ষা অধিগ্ৰহণ পৰিষদে (ডিএচি) শেহতীয়াকৈ ভাৰতীয় বায়ু সেনাৰ বাবে ৯৭ খন তেজছ যুঁজাৰু বিমান আৰু ১৫৬ খন  বিশেষ  হেলিকপ্টাৰ ক্ৰয়ৰ বাবে অনুমোদন জনাইছে।  ৰাজহুৱা খণ্ডৰ হিন্দুস্তান এৰোনটিক্স লিমিটেড (এইচএএল)ৰ ওপৰত এই বিমানসমূহ যোগান ধৰাৰ দায়িত্ব আহি পৰিব বুলি এজন জ্যেষ্ঠ বিষয়াই নিশ্চিত কৰিছে।

ইপিনে নাইজেৰিয়া, ফিলিপাইনছ, আৰ্জেণ্টিনা আৰু ইজিপ্তয়ো ভাৰতে  স্বদেশী ভাৱে বিকশিত তেজছ লাইট কমবেট বিমান ক্ৰয় কৰিবলৈ আগ্ৰহ দেখুৱাইছে।  হিন্দুস্তান এৰোনটিক্স লিমিটেডৰ অধ্যক্ষ আৰু পৰিচালনা সঞ্চালক চিবি অনন্তকৃষ্ণনে এই কথা প্ৰকাশ কৰিছে।  অনন্তকৃষ্ণনে  কয় যে তেজছ লাইট কমবেট বিমান বিক্ৰীৰ  বাবে এই দেশসমূহৰ সৈতে আলোচনা চলি আছে।


তেজছ হৈছে  হিন্দুস্তান এৰোনটিক্স লিমিটেডে (এইচএএল) নিৰ্মাণ কৰা দ্বিতীয় চুপাৰচনিক যুঁজাৰু বিমান। ভাৰতীয় বায়ু সেনাৰ বাবে তেজছ মাৰ্ক ১-ৰ উৎপাদন ২০১৬  চনত আৰম্ভ হৈছিল। শেহতীয়াকৈ ভাৰতীয় বায়ুসেনাই প্ৰথমবাৰৰ বাবে  দুখন আসন বিশিষ্ট  তেজছ বিমান লাভ কৰিছে ।অলপতে হিন্দুস্তান এৰোনটিক্স লিমিটেডে অত্যাধুনিক তেজছ বিমানখন ভাৰতীয় বায়ু সেনাক হস্তান্তৰ কৰে। এই দুখন আসন থকা বিমান প্ৰশিক্ষণৰ কামত ব্যৱহাৰ কৰা হ’ব। এই বিমান হস্তান্তৰ কৰাৰ পিছত দেশখনে থলুৱা প্ৰযুক্তিৰে বিমান নিৰ্মাণৰ ক্ষেত্ৰত আৰু এখোজ আগুৱাই গৈছে। 

হিন্দুস্তান এৰোনটিক্স লিমিটেডে প্ৰকাশ কৰা মতে  দুখন আসনৰ অত্যাধুনিক তেজছ প্ৰশিক্ষণ বিমানখনৰ বিভিন্ন বৈশিষ্ট্য আছে। এই বিমান বায়ু সেনাক  প্ৰশিক্ষণ দিয়াত সহায় কৰিবলৈ বিশেষভাৱে  প্ৰস্তুত কৰা হৈছে। প্ৰয়োজন হ'লে এই বিমানখন যুদ্ধৰ সময়তো  ব্যৱহাৰ কৰিব পৰা যাব। ইয়াৰ পূৰ্বে  ভাৰতত একক আসনৰ তেজছ যুঁজাৰু বিমান আছিল। এতিয়া দেশৰ মাটিত দুখন আসন থকা তেজছ বিমান  তৈয়াৰ কৰা সম্ভৱ হৈ উঠিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন