--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশৰ ধনাঢ্য উদ্যোগপতি মুকেশ আম্বানী আৰু নীতা আম্বানীৰ একমাত্ৰ কন্যা হ’ল ঈশা আম্বানী৷ আম্বানী পুত্ৰ আকাশ আম্বানী আৰু ঈশা আম্বানী হৈছে যমজ৷ উল্লেখ্য যে ইতিমধ্যে আকাশ আম্বানী শ্লোকা মেহতাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে আৰু আনজন আম্বানী পুত্ৰ অনন্ত আম্বানীয়ে ৰাধিকা মাৰ্চেণ্টৰ সৈতে বাগদান সম্পন্ন কৰিছে।

মুম্বাইত ১৯৯১ চনৰ ২৩ অক্টোবৰত জন্ম হৈছিল ঈশাৰ। ঈশাই মুম্বাইৰ ধীৰুভাই আম্বানী আন্তঃৰাষ্ট্ৰীয় বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল।

ঈশাই আমেৰিকাৰ য়েল বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। তেওঁ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা এমবিএ ডিগ্ৰী সম্পূৰ্ণ কৰিছিল। ২০১৮ চনত, বিশ্বপ্ৰসিদ্ধ আলোচনী ফৰ্বছে দিয়া ঈশাৰ অনুমানিক সম্পত্তিৰ মূল্য ৭০ নিযুত ডলাৰ। আজিৰ দিনতত এই মূল্য ৫০০ কোটি টকাৰ অধিক হ'ব। ঈশাই ২৩ বছৰ বয়সত দেউতাক মুকেশ আম্বানীৰ ব্যৱসায়ত যোগদান কৰিছিল। ২০২০ চনত, তেওঁ ৰিলায়েন্স ৰিটেইল আৰু ৰিলায়েন্স জিঅ'ৰ বৰ্ডত যোগদান কৰে।

২০১৬ চনত, ঈশাৰ নিৰ্দেশনাতে, কোম্পানীটোৱে ৰিলায়েন্স ৰিটেইলৰ ই-কমাৰ্চ আৰু ফেশ্বন প্লেটফৰ্ম আজিঅ' মুকলি কৰে।

এইগৰাকী ঈশাই  শৈশৱকালত এগৰাকী শিক্ষয়িত্ৰী হ'ব বিচাৰিছিল। কিন্তু ঈশাৰ সেই সপোন বাস্তৱত ৰূপায়িত নহ’ল৷

ঈশা আম্বানীয়ে দেশৰ যুৱ উদ্যোগী আনন্দ পিৰামলৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছে৷ আনন্দ পিৰামলৰ দেউতাক অজয় পিৰামলে পিৰামল গোটৰ নেতৃত্ব দিয়ে যাৰ মুঠ মূল্য হৈছে ২৫,০০০ কোটি টকা।

বৰ্তমান ঈশা আম্বানী মুম্বাইত অৱস্থিত এটা বাংলোত বাস কৰে যাৰ মূল্য প্ৰায় ৪৫০ কোটি টকা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু