--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশৰ ধনাঢ্য উদ্যোগপতি মুকেশ আম্বানী আৰু নীতা আম্বানীৰ একমাত্ৰ কন্যা হ’ল ঈশা আম্বানী৷ আম্বানী পুত্ৰ আকাশ আম্বানী আৰু ঈশা আম্বানী হৈছে যমজ৷ উল্লেখ্য যে ইতিমধ্যে আকাশ আম্বানী শ্লোকা মেহতাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে আৰু আনজন আম্বানী পুত্ৰ অনন্ত আম্বানীয়ে ৰাধিকা মাৰ্চেণ্টৰ সৈতে বাগদান সম্পন্ন কৰিছে।

মুম্বাইত ১৯৯১ চনৰ ২৩ অক্টোবৰত জন্ম হৈছিল ঈশাৰ। ঈশাই মুম্বাইৰ ধীৰুভাই আম্বানী আন্তঃৰাষ্ট্ৰীয় বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল।

ঈশাই আমেৰিকাৰ য়েল বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। তেওঁ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা এমবিএ ডিগ্ৰী সম্পূৰ্ণ কৰিছিল। ২০১৮ চনত, বিশ্বপ্ৰসিদ্ধ আলোচনী ফৰ্বছে দিয়া ঈশাৰ অনুমানিক সম্পত্তিৰ মূল্য ৭০ নিযুত ডলাৰ। আজিৰ দিনতত এই মূল্য ৫০০ কোটি টকাৰ অধিক হ'ব। ঈশাই ২৩ বছৰ বয়সত দেউতাক মুকেশ আম্বানীৰ ব্যৱসায়ত যোগদান কৰিছিল। ২০২০ চনত, তেওঁ ৰিলায়েন্স ৰিটেইল আৰু ৰিলায়েন্স জিঅ'ৰ বৰ্ডত যোগদান কৰে।

২০১৬ চনত, ঈশাৰ নিৰ্দেশনাতে, কোম্পানীটোৱে ৰিলায়েন্স ৰিটেইলৰ ই-কমাৰ্চ আৰু ফেশ্বন প্লেটফৰ্ম আজিঅ' মুকলি কৰে।

এইগৰাকী ঈশাই  শৈশৱকালত এগৰাকী শিক্ষয়িত্ৰী হ'ব বিচাৰিছিল। কিন্তু ঈশাৰ সেই সপোন বাস্তৱত ৰূপায়িত নহ’ল৷

ঈশা আম্বানীয়ে দেশৰ যুৱ উদ্যোগী আনন্দ পিৰামলৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছে৷ আনন্দ পিৰামলৰ দেউতাক অজয় পিৰামলে পিৰামল গোটৰ নেতৃত্ব দিয়ে যাৰ মুঠ মূল্য হৈছে ২৫,০০০ কোটি টকা।

বৰ্তমান ঈশা আম্বানী মুম্বাইত অৱস্থিত এটা বাংলোত বাস কৰে যাৰ মূল্য প্ৰায় ৪৫০ কোটি টকা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement