--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ বৰ্ষীয়ান অভিনেতা সতীশ কৌশিকৰ মৃত্যুক লৈ সৃষ্টি হৈছে ৰহস্যৰ৷ কৌশিকৰ মৃত্যু সন্দৰ্ভত ফাৰ্মহাউচৰ গৰাকী বিকাশ মালুৰ দ্বিতীয় পত্নীয়ে তেওঁৰ স্বামীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷ তেওঁৰ মতে অভিনেতাজনৰ মৃত্যুত তেওঁৰ স্বামী বিকাশ মালু জড়িত হৈ আছে।

ইতিমধ্যে বিকাশ মালুৰ দ্বিতীয় পত্নীয়েও বিষয়টো সন্দৰ্ভত আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছে, যাৰ পাছত দিল্লী আৰক্ষীয়ে উক্ত অভিযোগৰ ভিত্তিত নিজৰ তদন্ত আৰম্ভ কৰিছে।

দিল্লী আৰক্ষীয়ে সংবাদমাধ্যমক উদ্দেশ্যি এক বিবৃতিত কয় যে, অভিনেতা সতীশ কৌশিকৰ মৃত্যুৰ গোচৰত এগৰাকী মহিলাৰ দ্বাৰা উত্থাপিত অভিযোগৰ তদন্ত ইতিমধ্যে আৰম্ভ কৰা হৈছে। দক্ষিণ পশ্চিম জিলাৰ এজন পৰিদৰ্শক পৰ্যায়ৰ বিষয়াক সমগ্ৰ বিষয়টো তদন্ত কৰিবলৈ কোৱা হৈছে।

সংবাদ মাধ্যমক উদ্দেশ্যি বিকাশ মালুৰ পত্নীয়ে কয় যে, সতীশ কৌশিকৰ মৃত্যু সন্দৰ্ভত মোৰ ওচৰত এটা অভিযোগ আছে৷ কাৰণ ফাৰ্মহাউচত হোৱা পাৰ্টিতেই সতীশ কৌশিকক অসুস্থ দেখা গৈছিল আৰু ফাৰ্মহাউচৰ পৰা বহু আপত্তিজনক দৰৱো উদ্ধাৰ কৰা হৈছে৷

মহিলাগৰাকীৰ অভিযোগ অনুসৰি সতীশ কৌশিক আৰু বিকাশ মালুৰ ব্যৱসায়িক সম্পৰ্ক আছিল আৰু দুয়োৰে মাজত শেহতীয়াকৈ কিছু আৰ্থিক বিবাদ আহি পৰিছিল।

মহিলাগৰাকীৰ মতে সতীশ কৌশিক আৰু বিকাশ মালুৰ ব্যৱসায়িক সম্পৰ্কও আছিল। ২০২২ চনৰ আগষ্ট মাহত সতীশ কৌশিক আৰু তেওঁৰ স্বামীৰ মাজত তৰ্ক আৰম্ভ হয়, য'ত সতীশ কৌশিকে তেওঁক আগতে দিয়া ১৫ কোটি টকা দাবী কৰে। 

তেওঁ লগতে অভিযোগ কৰে, যেতিয়া পত্নীয়ে পিছত তেওঁৰ পৰা টকাখিনিৰ বিষয়ে সুধিছিল, তেতিয়া তেখেতৰ স্বামীয়ে কৈছিল যে তেওঁ সতীশ কৌশিকৰ পৰা টকা ধাৰ লৈছিল, কিন্তু ক’ভিড সময়ত টকাখিনি লোকচানৰ সন্মুখীন হৈছিল। তেওঁৰ স্বামীৰ টকা ঘূৰাই দিয়াৰ কোনো অভিপ্ৰায় নাছিল, তেওঁ আনকি কৈছিল যে তেওঁ সতীশ কৌশিকক আঁতৰাবলৈ ড্ৰাগছ আৰু ৰাছিয়ান ছোৱালী ব্যৱহাৰ কৰিব। সেইকাৰণে মহিলাগৰাকীয়ে নিৰপেক্ষ তদন্তৰ বাবে আৰক্ষীৰ ওচৰলৈ গৈ এই দিশটো উদঙাই দিয়াৰ প্ৰয়াস কৰে৷

আনকি বিকাশ মালুৰ পত্নীয়ে তেওঁৰ নিজৰ স্বামীৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিছে৷ তেওঁৰ মতে, তেওঁক বলপূৰ্বকভাৱে ধৰ্ষণ কৰাৰ পাছত তেওঁৰ লগত বিবাহপাশত আবদ্ধ হয়৷ বিবাহৰ পিছত মালুৰ পুত্ৰয়ো তেওঁক ঘৰত যৌন শাসন কৰিবলৈ লয় যাৰ বাবে তেওঁ ২০২২চনত স্বামীগৃহ ত্যাগ কৰে৷

মন কৰিবলগীয়া যে বিকাশ মালুৰ প্ৰথম পত্নীৰ নাবালক পুত্ৰই বিকাশ মালুৰ দ্বিতীয় পত্নীৰ বিৰুদ্ধে যৌন অপৰাধৰ পৰা শিশুৰ সুৰক্ষা (POSCO) আইনৰ অধীনত এখন এজাহাৰ দাখিল কৰিছে।

দুয়োপক্ষৰ পৰা অভিযোগ পোৱাৰ পাছত আৰক্ষীয়ে দুয়োপক্ষৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰিছে, কিন্তু উভয়পক্ষৰ কাকো আৰক্ষীয়ে বৰ্তমানলৈকে গ্ৰেপ্তাৰ কৰা নাই।

৬৬ বছৰীয়া প্ৰবীণ অভিনেতাজনৰ মৃত্যুৰ কেইদিনমান পিছতে দিল্লীৰ দক্ষিণ-পশ্চিম জিলা আৰক্ষীৰ এটা দলে মৃত অভিনেতাজন থকা ফাৰ্মহাউচটো পৰিদৰ্শন কৰে বুলি শনিবাৰে এটা সূত্ৰই জানিবলৈ দিছে৷

আৰক্ষীৰ সূত্ৰ অনুসৰি, অনুসন্ধানকাৰী দলে ফাৰ্মহাউচৰ পৰা কিছুমান 'ঔষধ' উদ্ধাৰ কৰিছিল। ঔষধবোৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে আৰু প্ৰতিবেদন এতিয়াও অহা নাই। অৱশ্যে, ঘটনাস্থলীত কোনো নিষিদ্ধ ঔষধ পোৱা হোৱা নাই, অৱশ্যে, মালুৰ পত্নীয়ে দিয়া গোচৰৰ ভিত্তিত দিল্লী আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ