--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুজৰাটৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামলৈ ভাবুকি প্ৰেৰণ কৰাৰ অভিযোগত মধ্যপ্ৰদেশৰ ৰীবাৰ দুজন যুৱকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ধৃত দুজন হৈছে ৰাহুল কুমাৰ আৰু নৰেন্দ্ৰ কুশৱা। দুয়োজন মধ্যপ্ৰদেশৰ সতনাৰ বাসিন্দা।

গুজৰাটৰ সহকাৰী আৰক্ষী আয়ুক্ত (চাইবাৰ ক্ৰাইম) জিতেন্দ্ৰ যাদৱে কয়, ‘আমি ভাবুকি দিয়া বাৰ্তা প্ৰেৰণৰ সৈতে জড়িত ২ জন লোকক গ্ৰেপ্তাৰ কৰিছো। এই ভাবুকি দিয়া ভিডিঅ’ বাৰ্তা চিনাক্ত কৰি আৰক্ষীৰ এটা দলে মধ্যপ্ৰদেশৰ ৰিবাত উপস্থিত হয়। তাত থকা এটা ঘৰৰ পৰা ২ জন লোকক আটক কৰা হয়। এনে ভাবুকিপূৰ্ণ ফোন, মেছেজ প্ৰেৰণৰ সঁজুলিও উদ্ধাৰ কৰা হৈছে। জব্দ ১১টা চিম বক্স, ৩০০টা চিম কাৰ্ড আৰু ৪-৫টা ৰাউটাৰ।”

যাদৱে কয় যে যি পদ্ধতিৰে ভাবুকি বাৰ্তা প্ৰেৰণ কৰা হৈছিল সেই পদ্ধতি কোনো কাৰণতে অনুসন্ধান কৰিব পৰা হোৱা নাছিল। কিন্তু একাধিক উৎস ব্যৱহাৰ কৰি অভিযুক্তক ধৰিব পৰাটো সম্ভৱ হৈ উঠিছিল।

উল্লেখ্য যে ৯ মাৰ্চৰ পৰা আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত আৰম্ভ হৈছে ভাৰত-অষ্ট্ৰেলিয়াৰ টেষ্ট মেচ। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজে খেলখন চাবলৈ আহিছিল। কিন্তু সেই মেচখনৰ পূৰ্বে গুজৰাটত বিয়পি পৰিছিল খালিস্তানৰ উগ্ৰপন্থী গুৰপতৱন্ত সিং পাননুনৰ নামত ভিডিঅ’ আৰু অডিঅ’ মেছেজ।

বাৰ্তাটোত কোৱা হৈছে, “৯ মাৰ্চত গুজৰাটীসকলে ঘৰতে থাকক, সুৰক্ষিত থাকক। কাৰণ খালিস্তান সমৰ্থকে নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত আক্ৰমণ কৰিব। তাতে খালিস্তানী পতাকা উত্তোলন কৰা হ’ব।”

দুয়োগৰাকী ৰাষ্ট্ৰপতি ষ্টেডিয়ামত উপস্থিত হোৱাৰ পূৰ্বে গুজৰাট আৰক্ষী প্ৰশাসনে এনে এক ভাবুকিপূৰ্ণ বাৰ্তা লাভ কৰাৰ পাছতে তীব্ৰ চৰ্চা চলিছিল। নিৰাপত্তা কটকটীয়া কৰা হৈছিল। নিৰ্ধাৰিত সময়ত আৰম্ভ হ’ল ভাৰত-অষ্ট্ৰেলিয়াৰ খেল। মোডী আৰু আলবানীও আহিছিল খেল চাবলৈ। কিন্তু তাৰ পিছতো গুজৰাট আৰক্ষীয়ে এই ভাবুকি বাৰ্তাত নিশ্চিন্ততা লাভ কৰা নাছিল। ভাবুকি বাৰ্তাৰ উৎসৰ সন্ধান অব্যাহত আছিল। অৱশেষত সেই সূত্ৰৰ উৎস মধ্যপ্ৰদেশত পোৱা গ’ল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ