--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুজৰাটৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামলৈ ভাবুকি প্ৰেৰণ কৰাৰ অভিযোগত মধ্যপ্ৰদেশৰ ৰীবাৰ দুজন যুৱকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ধৃত দুজন হৈছে ৰাহুল কুমাৰ আৰু নৰেন্দ্ৰ কুশৱা। দুয়োজন মধ্যপ্ৰদেশৰ সতনাৰ বাসিন্দা।

গুজৰাটৰ সহকাৰী আৰক্ষী আয়ুক্ত (চাইবাৰ ক্ৰাইম) জিতেন্দ্ৰ যাদৱে কয়, ‘আমি ভাবুকি দিয়া বাৰ্তা প্ৰেৰণৰ সৈতে জড়িত ২ জন লোকক গ্ৰেপ্তাৰ কৰিছো। এই ভাবুকি দিয়া ভিডিঅ’ বাৰ্তা চিনাক্ত কৰি আৰক্ষীৰ এটা দলে মধ্যপ্ৰদেশৰ ৰিবাত উপস্থিত হয়। তাত থকা এটা ঘৰৰ পৰা ২ জন লোকক আটক কৰা হয়। এনে ভাবুকিপূৰ্ণ ফোন, মেছেজ প্ৰেৰণৰ সঁজুলিও উদ্ধাৰ কৰা হৈছে। জব্দ ১১টা চিম বক্স, ৩০০টা চিম কাৰ্ড আৰু ৪-৫টা ৰাউটাৰ।”

যাদৱে কয় যে যি পদ্ধতিৰে ভাবুকি বাৰ্তা প্ৰেৰণ কৰা হৈছিল সেই পদ্ধতি কোনো কাৰণতে অনুসন্ধান কৰিব পৰা হোৱা নাছিল। কিন্তু একাধিক উৎস ব্যৱহাৰ কৰি অভিযুক্তক ধৰিব পৰাটো সম্ভৱ হৈ উঠিছিল।

উল্লেখ্য যে ৯ মাৰ্চৰ পৰা আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত আৰম্ভ হৈছে ভাৰত-অষ্ট্ৰেলিয়াৰ টেষ্ট মেচ। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজে খেলখন চাবলৈ আহিছিল। কিন্তু সেই মেচখনৰ পূৰ্বে গুজৰাটত বিয়পি পৰিছিল খালিস্তানৰ উগ্ৰপন্থী গুৰপতৱন্ত সিং পাননুনৰ নামত ভিডিঅ’ আৰু অডিঅ’ মেছেজ।

বাৰ্তাটোত কোৱা হৈছে, “৯ মাৰ্চত গুজৰাটীসকলে ঘৰতে থাকক, সুৰক্ষিত থাকক। কাৰণ খালিস্তান সমৰ্থকে নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত আক্ৰমণ কৰিব। তাতে খালিস্তানী পতাকা উত্তোলন কৰা হ’ব।”

দুয়োগৰাকী ৰাষ্ট্ৰপতি ষ্টেডিয়ামত উপস্থিত হোৱাৰ পূৰ্বে গুজৰাট আৰক্ষী প্ৰশাসনে এনে এক ভাবুকিপূৰ্ণ বাৰ্তা লাভ কৰাৰ পাছতে তীব্ৰ চৰ্চা চলিছিল। নিৰাপত্তা কটকটীয়া কৰা হৈছিল। নিৰ্ধাৰিত সময়ত আৰম্ভ হ’ল ভাৰত-অষ্ট্ৰেলিয়াৰ খেল। মোডী আৰু আলবানীও আহিছিল খেল চাবলৈ। কিন্তু তাৰ পিছতো গুজৰাট আৰক্ষীয়ে এই ভাবুকি বাৰ্তাত নিশ্চিন্ততা লাভ কৰা নাছিল। ভাবুকি বাৰ্তাৰ উৎসৰ সন্ধান অব্যাহত আছিল। অৱশেষত সেই সূত্ৰৰ উৎস মধ্যপ্ৰদেশত পোৱা গ’ল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু