--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক; এছিয়াৰ সকলোতকৈ ধনাঢ্য ব্যক্তি তথা ৰিলায়েন্স গ্ৰুপৰ পৰিচালন সঞ্চালক মুকেশ আম্বানীৰ বিশ্বৰ ধনী ব্যক্তিৰ তালিকাত স্থান অৱনমিত হৈছে৷

আনহাতেদি, আন এজন ভাৰতীয় উদ্যোগপতি মুকেশ আম্বানীৰ উপাৰ্জন এদিনৰ ভিতৰতে বহুগুণে বৃদ্ধি পাইছে৷

গৌতম আদানীৰ এই আয় বৃদ্ধিৰ মুখ্য কাৰণ হিচাপে শুকুৰবাৰে শ্বেয়াৰ বজাৰত আদানী গ্ৰুপৰ মূল্য বৃদ্ধি হোৱাটোকে ধাৰণা কৰা হৈছে৷ আদানী গ্ৰুপৰ ট্ৰান্সমিছন কোম্পানীৰ শ্বেয়াৰ সৰ্বাধিক ৫%লৈকে বৃদ্ধি পাইছে৷ সমান্তৰালভাৱে আদানী এণ্টাৰপ্ৰাইজেছৰ শ্বেয়াৰ বজাৰ মূল্য ১.৬৪%লৈকে বৃদ্ধি পাইছে৷

ৰিলায়েন্স গ্ৰুপৰ স্বত্বাধিকাৰী মুকেশ আম্বানী ফ’ৰ্বছ আলোচনীৰ ৰিয়েল টাইম বিলিয়নাৰৰ তালিকাত বিশ্বৰ ভিতৰত ১২ নম্বৰ স্থানৰ পৰা ১৩ নম্বৰ স্থানলৈ অৱনমিত হৈছে৷ আম্বানীৰ মুঠ সম্পত্তিৰ পৰিমাণ শুকুৰবাৰে ১০৩ মিলিয়ন ডলাৰ অৰ্থাৎ ৮০৫ কোটিলৈ নিম্নগামী হৈছে৷ 

শুকুৰবাৰে শ্বেয়াৰ বজাৰ বন্ধ হোৱাৰ সময়ত ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ শ্বেয়াৰ মূল্য ০.০৬৭% অৰ্থাৎ ২,২২৪ টকাত বন্ধ হৈছে৷

ইফালে, আদানী গ্ৰুপৰ গৰাকী গৌতম আদানীয়ে এদিনত বিশ্বৰ সকলো বিলিয়নেয়াৰৰ তুলনাত অধিক উপাৰ্জন কৰিছে। গৌতম আদানীৰ সম্পত্তি এদিনত ১.১ বিলিয়ন ডলাৰ বা ৯০৭৮ কোটি টকা বৃদ্ধি পাইছে। গৌতম আদানীয়ে এই উপাৰ্জনৰ জৰিয়তে বিশ্বৰ ধনী মানুহৰ তালিকাত ২৪ নম্বৰত উপনীত হৈছে।

উল্লেখযোগ্য যে ফ'ৰ্বছৰ তালিকা অনুসৰি বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি বাৰ্ণাৰ্ড আৰ্নাল্ডে এদিনতে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে, যিয়ে ৩.৭ বিলিয়ন ডলাৰ হেৰুৱাইছে। ইয়াৰ পিছত, মেটাৰ মুখ্য কাৰ্যবাহী বিষয়া মাৰ্ক জুকাৰবাৰ্গে ৩.২ বিলিয়ন ডলাৰ, ৱাৰেন বাফেটে ২.৯ বিলিয়ন ডলাৰ আৰু ইলন মাস্কে ২.৬ বিলিয়ন ডলাৰ হেৰুৱাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ ব্যাপক আয়োজন
প্ৰজ্ঞা আৰু বিনোদনৰ মেটমৰা সম্ভাৰ লৈ প্ৰকাশ পালে দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহিব পাৰে প্রধানমন্ত্রী
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল
বিদেশী ন্যায়ধিকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰৰ দাবী
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান