--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক; এছিয়াৰ সকলোতকৈ ধনাঢ্য ব্যক্তি তথা ৰিলায়েন্স গ্ৰুপৰ পৰিচালন সঞ্চালক মুকেশ আম্বানীৰ বিশ্বৰ ধনী ব্যক্তিৰ তালিকাত স্থান অৱনমিত হৈছে৷

আনহাতেদি, আন এজন ভাৰতীয় উদ্যোগপতি মুকেশ আম্বানীৰ উপাৰ্জন এদিনৰ ভিতৰতে বহুগুণে বৃদ্ধি পাইছে৷

গৌতম আদানীৰ এই আয় বৃদ্ধিৰ মুখ্য কাৰণ হিচাপে শুকুৰবাৰে শ্বেয়াৰ বজাৰত আদানী গ্ৰুপৰ মূল্য বৃদ্ধি হোৱাটোকে ধাৰণা কৰা হৈছে৷ আদানী গ্ৰুপৰ ট্ৰান্সমিছন কোম্পানীৰ শ্বেয়াৰ সৰ্বাধিক ৫%লৈকে বৃদ্ধি পাইছে৷ সমান্তৰালভাৱে আদানী এণ্টাৰপ্ৰাইজেছৰ শ্বেয়াৰ বজাৰ মূল্য ১.৬৪%লৈকে বৃদ্ধি পাইছে৷

ৰিলায়েন্স গ্ৰুপৰ স্বত্বাধিকাৰী মুকেশ আম্বানী ফ’ৰ্বছ আলোচনীৰ ৰিয়েল টাইম বিলিয়নাৰৰ তালিকাত বিশ্বৰ ভিতৰত ১২ নম্বৰ স্থানৰ পৰা ১৩ নম্বৰ স্থানলৈ অৱনমিত হৈছে৷ আম্বানীৰ মুঠ সম্পত্তিৰ পৰিমাণ শুকুৰবাৰে ১০৩ মিলিয়ন ডলাৰ অৰ্থাৎ ৮০৫ কোটিলৈ নিম্নগামী হৈছে৷ 

শুকুৰবাৰে শ্বেয়াৰ বজাৰ বন্ধ হোৱাৰ সময়ত ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ শ্বেয়াৰ মূল্য ০.০৬৭% অৰ্থাৎ ২,২২৪ টকাত বন্ধ হৈছে৷

ইফালে, আদানী গ্ৰুপৰ গৰাকী গৌতম আদানীয়ে এদিনত বিশ্বৰ সকলো বিলিয়নেয়াৰৰ তুলনাত অধিক উপাৰ্জন কৰিছে। গৌতম আদানীৰ সম্পত্তি এদিনত ১.১ বিলিয়ন ডলাৰ বা ৯০৭৮ কোটি টকা বৃদ্ধি পাইছে। গৌতম আদানীয়ে এই উপাৰ্জনৰ জৰিয়তে বিশ্বৰ ধনী মানুহৰ তালিকাত ২৪ নম্বৰত উপনীত হৈছে।

উল্লেখযোগ্য যে ফ'ৰ্বছৰ তালিকা অনুসৰি বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি বাৰ্ণাৰ্ড আৰ্নাল্ডে এদিনতে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে, যিয়ে ৩.৭ বিলিয়ন ডলাৰ হেৰুৱাইছে। ইয়াৰ পিছত, মেটাৰ মুখ্য কাৰ্যবাহী বিষয়া মাৰ্ক জুকাৰবাৰ্গে ৩.২ বিলিয়ন ডলাৰ, ৱাৰেন বাফেটে ২.৯ বিলিয়ন ডলাৰ আৰু ইলন মাস্কে ২.৬ বিলিয়ন ডলাৰ হেৰুৱাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ