--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোনো সন্ত্ৰাসবাদী নহয়, এইবাৰ ভাৰত-পাক সীমান্তৰ কাঁইটীয়া তাঁৰৰ বেৰ জঁপিয়াই পাৰ হৈ ভাৰতত সোমাল পাকিস্তানৰ এটা বাঘ৷ তাকেলৈ এতিয়া সীমান্তত আতংক বিয়পি পৰিছে৷ সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানসকলে  পাকিস্তানৰ পৰা সীমান্ত পাৰ হৈ ভাৰতীয় ভূখণ্ডত প্ৰৱেশ কৰা নতুন অনুপ্ৰৱেশকাৰীক লৈ অলপ চিন্তিত হৈ পৰিছে।

কাৰণ বাঘে কেতিয়া ক’ত কাক আক্ৰমণ কৰে তাৰ কোনো নিশ্চয়তা নাই৷  স্থানীয় লোকসকলেও বাঘটোৰ আগমণৰ কথা শুনি  ভয় খাইছে। জানিব পৰা মতে নাহৰফুটুকী বাঘটোৱে   জম্মু-কাশ্মীৰৰ চাম্বা জিলাৰ ৰামগড় উপ-খণ্ডত সীমান্ত অতিক্ৰম কৰি পাকিস্তানৰ পৰা ভাৰতত প্ৰৱেশ কৰিছে।নাহৰফুটুকী বাঘৰ অনুপ্ৰৱেশৰ ভিডিঅ'টো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে৷ 

 নাহৰফুটুকী বাঘটোৱে শনিবাৰে সন্ধিয়া প্ৰায় ৭ বজাত সীমান্ত পাৰ হৈ ভাৰতীয় ভূখণ্ডত প্ৰৱেশ কৰে৷ বাঘটোৱে  প্ৰায়ে  কাঁইটীয়া তাঁৰৰ সিপাৰে ঘূৰি ফুৰিছিল আৰু কালি হঠাতে ভাৰতত প্ৰৱেশ কৰে। তাৰ পিছত বাঘটোৱে ভাৰতৰ  অৰণ্যত সোমাই পৰে৷ প্ৰশাসনে স্থানীয় লোকসকলক বাঘটোৰ পৰা সাৱধানে থাকিবলৈ সতৰ্ক কৰি দিছে। ভিডিঅ'টো চোৱাৰ পিছত এজন ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে মন্তব্য কৰিছে, "এনে ধৰণৰ অনুপ্ৰৱেশ চলিয়েই থাকিব ’’। এজনে লিখিছিল, "নাহৰফুটুকী বাঘটোৱে আৰু পাকিস্তানত থাকিব নিবিচাৰে। বাঘটোৱে  সেই দেশত সুৰক্ষিত অনুভৱ কৰা নাই। ''


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু