--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোনো সন্ত্ৰাসবাদী নহয়, এইবাৰ ভাৰত-পাক সীমান্তৰ কাঁইটীয়া তাঁৰৰ বেৰ জঁপিয়াই পাৰ হৈ ভাৰতত সোমাল পাকিস্তানৰ এটা বাঘ৷ তাকেলৈ এতিয়া সীমান্তত আতংক বিয়পি পৰিছে৷ সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানসকলে  পাকিস্তানৰ পৰা সীমান্ত পাৰ হৈ ভাৰতীয় ভূখণ্ডত প্ৰৱেশ কৰা নতুন অনুপ্ৰৱেশকাৰীক লৈ অলপ চিন্তিত হৈ পৰিছে।

কাৰণ বাঘে কেতিয়া ক’ত কাক আক্ৰমণ কৰে তাৰ কোনো নিশ্চয়তা নাই৷  স্থানীয় লোকসকলেও বাঘটোৰ আগমণৰ কথা শুনি  ভয় খাইছে। জানিব পৰা মতে নাহৰফুটুকী বাঘটোৱে   জম্মু-কাশ্মীৰৰ চাম্বা জিলাৰ ৰামগড় উপ-খণ্ডত সীমান্ত অতিক্ৰম কৰি পাকিস্তানৰ পৰা ভাৰতত প্ৰৱেশ কৰিছে।নাহৰফুটুকী বাঘৰ অনুপ্ৰৱেশৰ ভিডিঅ'টো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে৷ 

 নাহৰফুটুকী বাঘটোৱে শনিবাৰে সন্ধিয়া প্ৰায় ৭ বজাত সীমান্ত পাৰ হৈ ভাৰতীয় ভূখণ্ডত প্ৰৱেশ কৰে৷ বাঘটোৱে  প্ৰায়ে  কাঁইটীয়া তাঁৰৰ সিপাৰে ঘূৰি ফুৰিছিল আৰু কালি হঠাতে ভাৰতত প্ৰৱেশ কৰে। তাৰ পিছত বাঘটোৱে ভাৰতৰ  অৰণ্যত সোমাই পৰে৷ প্ৰশাসনে স্থানীয় লোকসকলক বাঘটোৰ পৰা সাৱধানে থাকিবলৈ সতৰ্ক কৰি দিছে। ভিডিঅ'টো চোৱাৰ পিছত এজন ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে মন্তব্য কৰিছে, "এনে ধৰণৰ অনুপ্ৰৱেশ চলিয়েই থাকিব ’’। এজনে লিখিছিল, "নাহৰফুটুকী বাঘটোৱে আৰু পাকিস্তানত থাকিব নিবিচাৰে। বাঘটোৱে  সেই দেশত সুৰক্ষিত অনুভৱ কৰা নাই। ''


FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ