--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এছিয়াৰ সকলোতকৈ ধনাঢ্য ব্যক্তি তথা ৰিলায়েন্স গ্ৰুপৰ পৰিচালন সঞ্চালক মুকেশ আম্বানীৰ বিশ্বৰ ধনী ব্যক্তিৰ তালিকাত স্থান অৱনমিত হৈছে৷ আনহাতেদি,আন এজন ভাৰতীয় উদ্যোগপতি গৌতম আদানীৰ উপাৰ্জন এদিনৰ ভিতৰতে বহু গুণে বৃদ্ধি পাইছে৷

গৌতম আদানীৰ এই আয় বৃদ্ধিৰ মুখ্য কাৰণ হিচাপে শুকুৰবাৰে শ্বেয়াৰ বজাৰত আদানী গ্ৰুপৰ মূল্য বৃদ্ধি হোৱাটো ৷ আদানী গ্ৰুপৰ ট্ৰান্সমিছন কোম্পানীৰ শ্বেয়াৰ সৰ্বাধিক ৫%লৈকে বৃদ্ধি পাইছে,সমান্তৰালভাৱে আদানী এণ্টাৰপ্ৰাইজেছৰ শ্বেয়াৰ বজাৰ মূল্য ১.৬৪% লৈকে বৃদ্ধি পাইছে৷

ৰিলায়েন্স গ্ৰুপৰ স্বতাধিকাৰী মুকেশ আম্বানী ফ’ৰ্বছ আলোচনীৰ ৰিয়েল টাইম বিলিয়নাৰৰ তালিকাত বিশ্বৰ ভিতৰত ১২ নম্বৰ স্থানৰ পৰা ১৩ নম্বৰ স্থানলৈ অৱনমিত হৈছে৷আম্বানীৰ মুঠ সম্পত্তিৰ পৰিমাণ শুকুৰবাৰে ১০৩মিলিয়ন ডলাৰ অৰ্থাৎ ৮০৫ কোটিলৈ নিম্নগামী হৈছে৷শুকুৰবাৰে শ্বেয়াৰ বজাৰ বন্ধ হোৱাৰ সময়ত ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ শ্বেয়াৰ মূল্য ০.০৬৭% অৰ্থাৎ ২,২২৪ টকাত বন্ধ হৈছে৷

ইফালে,আদানী গ্ৰুপৰ গৰাকী গৌতম আদানীয়ে এদিনত বিশ্বৰ সকলো বিলিয়নেয়াৰৰ তুলনাত অধিক উপাৰ্জন কৰিছে। গৌতম আদানিৰ সম্পত্তি এদিনত ১.১ বিলিয়ন ডলাৰ বা ৯০৭৮ কোটি টকা বৃদ্ধি পাইছে। গৌতম আদানীয়ে এই উপাৰ্জনৰ জৰিয়তে বিশ্বৰ ধনী মানুহৰ তালিকাত ২৪ নম্বৰত উপনীত হৈছে।

উল্লেখযোগ্য যে,ফ'ৰ্বছৰ তালিকা অনুসৰি, বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি বাৰ্ণাৰ্ড আৰ্নাল্ডে এদিনতে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে, যিয়ে ৩.৭বিলিয়ন ডলাৰ হেৰুৱাইছে। ইয়াৰ পিছত, মেটাৰ মুখ্য কাৰ্যবাহী বিষয়া মাৰ্ক জুকাৰবাৰ্গে ৩.২ বিলিয়ন ডলাৰ, ৱাৰেন বাফেটে ২.৯ বিলিয়ন ডলাৰ আৰু ইলন মাস্কে ২.৬ বিলিয়ন ডলাৰ হেৰুৱাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু