--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এছিয়াৰ সকলোতকৈ ধনাঢ্য ব্যক্তি তথা ৰিলায়েন্স গ্ৰুপৰ পৰিচালন সঞ্চালক মুকেশ আম্বানীৰ বিশ্বৰ ধনী ব্যক্তিৰ তালিকাত স্থান অৱনমিত হৈছে৷ আনহাতেদি,আন এজন ভাৰতীয় উদ্যোগপতি গৌতম আদানীৰ উপাৰ্জন এদিনৰ ভিতৰতে বহু গুণে বৃদ্ধি পাইছে৷

গৌতম আদানীৰ এই আয় বৃদ্ধিৰ মুখ্য কাৰণ হিচাপে শুকুৰবাৰে শ্বেয়াৰ বজাৰত আদানী গ্ৰুপৰ মূল্য বৃদ্ধি হোৱাটো ৷ আদানী গ্ৰুপৰ ট্ৰান্সমিছন কোম্পানীৰ শ্বেয়াৰ সৰ্বাধিক ৫%লৈকে বৃদ্ধি পাইছে,সমান্তৰালভাৱে আদানী এণ্টাৰপ্ৰাইজেছৰ শ্বেয়াৰ বজাৰ মূল্য ১.৬৪% লৈকে বৃদ্ধি পাইছে৷

ৰিলায়েন্স গ্ৰুপৰ স্বতাধিকাৰী মুকেশ আম্বানী ফ’ৰ্বছ আলোচনীৰ ৰিয়েল টাইম বিলিয়নাৰৰ তালিকাত বিশ্বৰ ভিতৰত ১২ নম্বৰ স্থানৰ পৰা ১৩ নম্বৰ স্থানলৈ অৱনমিত হৈছে৷আম্বানীৰ মুঠ সম্পত্তিৰ পৰিমাণ শুকুৰবাৰে ১০৩মিলিয়ন ডলাৰ অৰ্থাৎ ৮০৫ কোটিলৈ নিম্নগামী হৈছে৷শুকুৰবাৰে শ্বেয়াৰ বজাৰ বন্ধ হোৱাৰ সময়ত ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ শ্বেয়াৰ মূল্য ০.০৬৭% অৰ্থাৎ ২,২২৪ টকাত বন্ধ হৈছে৷

ইফালে,আদানী গ্ৰুপৰ গৰাকী গৌতম আদানীয়ে এদিনত বিশ্বৰ সকলো বিলিয়নেয়াৰৰ তুলনাত অধিক উপাৰ্জন কৰিছে। গৌতম আদানিৰ সম্পত্তি এদিনত ১.১ বিলিয়ন ডলাৰ বা ৯০৭৮ কোটি টকা বৃদ্ধি পাইছে। গৌতম আদানীয়ে এই উপাৰ্জনৰ জৰিয়তে বিশ্বৰ ধনী মানুহৰ তালিকাত ২৪ নম্বৰত উপনীত হৈছে।

উল্লেখযোগ্য যে,ফ'ৰ্বছৰ তালিকা অনুসৰি, বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি বাৰ্ণাৰ্ড আৰ্নাল্ডে এদিনতে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে, যিয়ে ৩.৭বিলিয়ন ডলাৰ হেৰুৱাইছে। ইয়াৰ পিছত, মেটাৰ মুখ্য কাৰ্যবাহী বিষয়া মাৰ্ক জুকাৰবাৰ্গে ৩.২ বিলিয়ন ডলাৰ, ৱাৰেন বাফেটে ২.৯ বিলিয়ন ডলাৰ আৰু ইলন মাস্কে ২.৬ বিলিয়ন ডলাৰ হেৰুৱাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইৰানৰ শান্তি প্ৰস্তাৱ প্রত্যাখ্যান ড’নাল্ড ট্রাম্পৰ
গণিত অলিম্পিয়াডত দেশৰ ভিতৰত শীৰ্ষ স্থান দখল ডিব্ৰুগড়ৰ নিখিলেশ গগৈৰ
ভাৰতৰ বাবে কঠিন প্রত্যাহ্বান! ‘এল নিনো’ৰ প্ৰভাৱত এইবাৰ প্ৰচণ্ড গৰমৰ গ্ৰাসত পৰিব দেশ
অসমবাসীৰ অপৰিসীম আস্থা, বিশ্বাস আৰু আশীৰ্বাদ শিৰত লৈ দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিলে ড° হিমন্ত বিশ্ব শৰ্মাই
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সুস্বাস্থ্য কামনা আৰু নতুন চৰকাৰৰ কুশলাৰ্থে পুৰণিগুদামৰ ঐতিহাসিক মছজিদত সমূহীয়া দোৱা
৩ দুৰ্ধৰ্ষ ডকাইত ইউচুফ আলী, চানোৱাৰ হুছেইন আৰু তাইবুৰ আলীক গ্ৰেপ্তাৰ বশিষ্ঠ আৰক্ষীৰ
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ
শুভেন্দু চৰকাৰৰ আন এক বৃহৎ সিদ্ধান্ত;মমতা চৰকাৰৰ দিনৰ সকলো মনোনীত বিষয়াক পদৰ পৰা অব্যাহতি
হৰমুজ প্রণালীত মোতায়েন ব্রিটেইনৰ যুঁজাৰু জাহাজ 'ড্ৰেগন'
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
ঔষধি গুণেৰে ভৰপূৰ তিয়ঁহ; উপকাৰিতা জানিলে আচৰিত হ’ব
আজি অসমত NDA চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান; দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ড° হিমন্ত বিশ্ব শৰ্মাই