--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ধনতেৰাছ আজি ১০ নৱেম্বৰত পৰিছে। এই দিনটোক ধন ত্ৰয়োদশী আৰু ধনন্তৰী জয়ন্তী বুলিও জনা যায়। ধনতেৰাছৰ দিনা সোণ-ৰূপৰ বজাৰ কৰাটো অতি শুভ বুলি গণ্য কৰা হয়। এইবোৰ কিনিলে ঘৰখনে আশীৰ্বাদ লাভ কৰে আৰু সমৃদ্ধি অটুট থাকে বুলি বিশ্বাস কৰা হয়। কিন্তু আপোনাৰ বাজেটত সোণ-ৰূপৰ সামগ্ৰী কিনাৰ সামৰ্থ নাথাকিলেও চিন্তাৰ কোনো প্ৰয়োজন নাই। লক্ষ্মী দেৱীৰ অতি প্ৰিয় ৭টা বস্তু আছে। সোণ-ৰূপৰ সলনি ধন ত্ৰয়োদশীৰ দিনা যদি এইবোৰ ঘৰলৈ আনে, তেন্তে ধন লক্ষ্মী আপোনাৰ লগত বহুত সুখী হব আৰু আপোনাৰ ঘৰত সদায় সমৃদ্ধি থাকিব।

সেই ৭টা বস্তু কি কি জানি লওক

১) ঝাড়ু- ঝাড়ুক লক্ষ্মী দেৱীৰ ৰূপ বুলি ধৰা হয় কাৰণ ই ঘৰৰ পৰা লেতেৰা আঁতৰাই পেলায়। লেতেৰা পদাৰ্থক দৰিদ্ৰতা বুলি গণ্য কৰা হয়। এনে অৱস্থাত ঝাড়ুক পূজাযোগ্য বুলি গণ্য কৰা হয়। এই কাৰণেই ঝাড়ুত ভৰি থোৱাটো নিষেধ। ধনতেৰাছৰ দিনা মানুহে ঘৰলৈ ঝাড়ু আনে আৰু এই ঝাড়ুৰে নৰক চতুৰ্দশীৰ দিনা ঘৰৰ লেতেৰা পৰিষ্কাৰ কৰি দিপাৱলীৰ দিনা লক্ষ্মী দেৱীৰ আগমনৰ বাবে প্ৰস্তুতি চলায়।

২) গোমতী চক্ৰ- গোমতী চক্ৰ লক্ষ্মী দেৱীৰ অতি প্ৰিয়। ধনতেৰাছৰ দিনা গোমতী চক্ৰ কিনিব আৰু দীপাৱলীৰ নিশা লক্ষ্মী দেৱীক পূজা কৰিলেও গোমতী চক্ৰৰে পূজা কৰিব। পাছত ইয়াক টকা থকা স্থানত সুৰক্ষিত কৰি ৰাখক। বিশ্বাস কৰা হয় যে এনে কৰিলে সদায় টকাৰে ভৰি থাকে।

৩) ধনীয়া গুটি- ধনতেৰাছৰ দিনা ধনীয়া গুটি অনাটোও অতি শুভ বুলি গণ্য কৰা হয়। ধনতেৰাছত এই বীজ লক্ষ্মী দেৱীক আগবঢ়াই দেৱালীৰ পাছলৈ ক’ৰবাত পাত্ৰ, বাৰী আদিত সিঁচিব লাগে। এই ধনীয়া গুটিয়ে আপোনাৰ ঘৰলৈ সুখ, শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনিব।



৪) পিতলৰ পাত্ৰ- এই দিনটোত পিতলৰ বাচন ক্ৰয় কৰাটো শুভ। ধনতেৰাছৰ দিনা পিতলৰ বাচন-বৰ্তনে ঘৰলৈ আশীৰ্বাদ কঢ়িয়াই আনে।

৫) শংখ- শংখ মাতৃ লক্ষ্মী আৰু নাৰায়ণ দুয়োৰে প্ৰিয়। ধনতেৰাছৰ দিনা শংখ কিনি ঘৰলৈ আনিব। ইয়াক অতি শুভ বুলি গণ্য কৰা হয়। লক্ষ্মী দেৱী পূজা কৰাৰ সমান্তৰালকৈ দীপাৱলীৰ দিনা এই শংখকো পূজা কৰিব লাগে।

৬) চাউল- ধনতেৰাছৰ দিনা চাউল কিনি ঘৰলৈ লৈ আহিব। চাউলক সমৃদ্ধিৰ প্ৰতীক হিচাপে গণ্য কৰা হৈছে। দীপাৱলীৰ দিনা লক্ষ্মী দেৱীৰ পূজাত এই চাউল ব্যৱহাৰ কৰক।

৭) গণেশ-লক্ষ্মী- দেৱালীত গণেশ-লক্ষ্মীক পূজা কৰা হয়। ধনতেৰাছৰ দিনা গণেশ-লক্ষ্মীৰ মূৰ্তি ঘৰলৈ আনিব লাগে। দীপাৱলীৰ দিনা তেওঁক সঠিকভাৱে পূজা কৰক। ভগৱান গণেশক মংগলৰ প্ৰতীক হিচাপে গণ্য কৰা হৈছে আৰু মাতৃ লক্ষ্মীক ধনৰ দেৱী বুলি অভিহিত কৰা হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ টা বলত ২২ ৰান ! CPL ২০২৫-ত আৰ চি বিৰ খেলুৱৈয়ে ৰচিলে ইতিহাস
চিকিৎসকৰ গাফিলতিত ঘুণীয়া হ'ল চন্দ্ৰপুৰৰ ছাত্ৰী; ঘটনাৰ তদন্ত ঘোষণা জি এম চি এইচ কর্তৃপক্ষৰ
কৰ আৰু শুল্কক লৈ আপোনাৰো লাগিছে নেকি খেলিমেলি? জানো আহক দুয়োটাৰ মাজত পাৰ্থক্য
বিহাৰত 'ভোটাৰ অধিকাৰ যাত্ৰা'ত ৰাহুলক সংগ দিলে প্ৰিয়ংকা-ৰেৱন্ত ৰেড্ডীয়ে
গাৰ নোম শিয়ৰি যোৱা এক ঘটনা ;বিদ্যালয়ৰ বাথৰুমত এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰীয়ে নিজৰ দেহত কৰিলে অগ্নিসংযোগ
উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে নিজে দিয়া মৃত্যুদণ্ডৰ ৰায়
ভাত কেৰেলা খাওক আৰু সুস্বাস্থ্য গঢ়ক; ইয়াৰ উপকাৰিতা জানিলে আপুনি আচৰিত হ’ব
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক চৰ মাৰিছিল ৰিক্সাচালক ৰাজেশভাইয়ে; পূৰ্বেও তেওঁ কৰিছে বহু অপৰাধ ! পোহৰলৈ আহিল দীঘলীয়া তালিকা
মাত্ৰ ১৪ দিন দৈনিক মেথিৰ গুটি খাওক; এই লোকসকলে লাভ কৰিব বহু উপকাৰ
ডুবিব ৯ লাখ ৮৩ হাজাৰ টকাৰ ক্ৰিকেট বজাৰ! অনলাইন গেমিং বিলৰ ফলত আই পি এলৰ উপাৰ্জনত প্ৰভাৱ পৰিব নেকি?
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ