--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : অক্টোবৰ মাহ মানে উৎসৱৰ মাহ। এটাৰ পাছত আহে আনটো উৎসৱ, আগন্তুক ২৩ অক্টোবৰত দেশজুৰি পালিত হ’ব ধনতেৰছ। আনহাতে ২৪ অক্টোবৰত পালন কৰা হ’ব নৰক চতুৰ্দশী আৰু দীপাৱলী। ইয়াৰ পাছত ক্ৰমান্বয়ে ২৫ আৰু ২৬ অক্টোবৰত পালিত হ’ব গোবৰ্ধন পূজা ভাইদুজ। দীপাৱলীত মালক্ষ্মীক পূজা কৰি সুখ-সমৃদ্ধিৰ উৎসৱ হিচাপে পালন কৰা হয়। ধনতেৰছ উপলক্ষে মালক্ষ্মী আৰু কুবেৰৰ লগতে ভগৱান ধনৱন্তৰী পূজা কৰা হয়। এই দিনটোত বাচন-বৰ্তন ক্ৰয় কৰাটো অত্যন্ত শুভ বুলি ধৰা হয়। লগতে ধনতেৰছৰ দিনা সোণ, ৰূপ আৰু ধাতুৰ সামগ্ৰী ক্ৰয় কৰা হয়। কিন্তু আপুনি জানেনে যে ধনতেৰছৰ উপলক্ষে মাত্ৰ পাঁচটকীয়া এটা সামগ্ৰীয়ে আপোনাৰ জীৱনটো সুখ-সমৃদ্ধিৰে ভৰাই তুলিব।

ধনতেৰছত ক্ৰয় কৰক এই ৫টকীয়া সামগ্ৰী-

আগন্তুক ধনতেৰছ উপলক্ষে মাত্ৰ পাঁচ টকাৰ গোটা ধনীয়া কিনি আনক। এই অলপ গোটা ধনীয়াই সলনি কৰিব আপোনাৰ ভাগ্য। পূজাঘৰ বা মন্দিৰত এই গোটা ধনীয়াখিনি ৰাখক। দীপাৱলীৰ দিনা মালক্ষ্মীক পূজা কৰোতে এই গোটা ধনীয়া মাতৃৰ চৰণত আগবঢ়াওক। পিছদিনা এই ধনীয়া ঘৰৰ পাত্ৰ বা বাৰীত ছটিয়াই দিব। এই ধনীয়া গজা দেখিলে জানিব আগন্তুক বছৰত আপোনাৰ পৰিয়ালৰ আৰ্থিক অৱস্থা কেনেকুৱা হ’ব। ধনীয়া গছজোপা যদি সেউজীয়াকৈ ফুলিব, কিন্তু গছবোৰ পাতল হ’ব, তেন্তে আপোনাৰ উপাৰ্জন স্বাভাৱিক হ’ব। কিন্তু যদি গছজোপা হালধীয়া হ’ব বা গছজোপা নগজে, তেন্তে আগন্তুক সময়ত আপুনি হয়তো আৰ্থিক সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ