--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ধনতেৰছৰ দিনা কিছুমান বস্তু কিনাটো শুভ বুলি গণ্য কৰা হয়। জ্যোতিষশাস্ত্ৰৰ মতে ৰাশিৰ ভিত্তিত বস্তু কিনিলে ই অতি উপকাৰী বুলি প্ৰমাণিত হয়। আজি ২২ অক্টোবৰ আৰু কাইলৈ ​​২৩ অক্টোবৰ দুয়োটা দিনতে ধনতেৰছ উৎসৱ পালন কৰা হৈছে। এনে অৱস্থাত যদি কোনো ব্যক্তিয়ে নিজৰ ৰাশি অনুযায়ী বস্তু কিনে তেন্তে সেয়া অতি শুভ হ’ব। ইয়াৰ দ্বাৰা ব্যক্তিজনে দুৰ্ভাগ্যৰ পৰা মুক্তি পায়, জীৱনলৈ আহে সৌভাগ্য।

মেষ ৰাশি, বৃষ ৰাশি আৰু মিথুন ৰাশিঃ মেষ ৰাশিৰ মানুহে ৰূপ, তামৰ বাচন-বৰ্তন আৰু ইলেক্ট্ৰনিক সামগ্ৰী আদি কিনিব পাৰে। বৃষ ৰাশিৰ লোকসকলে ৰূপ আৰু ব্ৰঞ্জৰ বাচন-বৰ্তনৰ লগতে কাপোৰ-কানি, শৃংগাৰৰ সামগ্ৰী আৰু কলহ আদি ক্ৰয় কৰক। মিথুন ৰাশি জাতক জাতিকাসকলে আজিৰ দিনটোত সোণৰ অলংকাৰ, ষ্টীলৰ বাচন-বৰ্তন, সেউজীয়া ৰঙৰ ঘৰুৱা সামগ্ৰী, পৰ্দা আদি কিনিব পাৰে।

কৰ্কট ৰাশি, সিংহ ৰাশি, কন্যা ৰাশিঃ আজিৰ দিনটোত কৰ্কট ৰাশিৰ লোকে ৰূপালী গহনা বা পায়েল, বাচন-বৰ্তন, ঘৰুৱা ইলেক্ট্ৰনিক সামগ্ৰী কিনিব লাগে। সিংহ ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত তামৰ বাচন-বৰ্তন বা কলহ, কাপোৰ-কানি, সোণ আদি কিনিব পাৰে। কন্যা ৰাশিৰ লোকসকলে বজাৰৰ পৰা গণেশৰ মূৰ্তি, সোণ বা ৰূপৰ অলংকাৰ, কলহ আদি আনিব লাগে।

তুলা ৰাশি, বৃশ্চিক, ধনু ৰাশিঃ ধনতেৰছৰ দিনা তুলা ৰাশিৰ লোকে কাপোৰ, সৌন্দৰ্য সামগ্ৰী বা সজ্জা সামগ্ৰী, ৰূপ বা ষ্টীলৰ বাচন-বৰ্তন কিনিব লাগে। একে সময়তে বৃশ্চিক ৰাশিৰ লোকসকলে ইলেক্ট্ৰনিক সঁজুলি, সোণৰ গহনা, বাচন-বৰ্তন, তাম বা মাটিৰ পাত্ৰ আৰু ধনু ৰাশিৰ সোণৰ অলংকাৰ, তাম বা ষ্টীলৰ বাচন-বৰ্তন কিনিব পাৰে।

মকৰ ৰাশি, কুম্ভ ৰাশি, মীন ৰাশিঃ ধনতেৰছৰত মকৰ ৰাশি জাতক জাতিকাসকলে কাপোৰ, বাহন, ৰূপৰ বাচন-বৰ্তন বা গহনা আদি কিনিব পাৰে। কুম্ভ ৰাশিৰ লোকসকলে সৌন্দৰ্য্য সামগ্ৰী, সোণ, তামৰ পাত্ৰ, জোতা আৰু চপ্পল কিনিব লাগে আৰু মীন ৰাশিৰ লোকসকলে সোণৰ গহনা, ৰূপ বা পিতলৰ বাচন-বৰ্তন, ইলেক্ট্ৰনিক সঁজুলি কিনিব লাগে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু