--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দীপাৱলী উৎসৱৰ আৰম্ভণি ধনতেৰছ বুলি গণ্য কৰা হয়। এইবাৰ ধনতেৰছত এক দুৰ্লভ মহাসংযোগৰ সৃষ্টি হৈছে। এইবাৰ ধনতেৰছ ২৩ আৰু ২৪ অক্টোবৰত দুদিনীয়াকৈ পালন কৰা হ’ব। অৱশ্যে ২৩ অক্টোবৰতহে ইয়াৰ মূল পূজা কৰা হ’ব। এই দিনটোত সোণ-ৰূপ, বাচন-বৰ্তন, বাহন ক্ৰয় কৰাটো অত্যন্ত শুভ বুলি গণ্য কৰা হয়। ধনতেৰছৰ দিনা নিশ্চিতভাৱে কোন ৫টা স্থানত চাকি জ্বলালে ভাগ্য দুৱাৰ মুকলি হয় জানো আহক।

 তুলসীৰ তলত-

তুলসী গছত মালক্ষ্মী বাস কৰে বুলি বিশ্বাস কৰা হয়। সেয়ে ধনতেৰছৰ দিনা তুলসী গছত চাকি প্ৰজ্বলিত কৰিব লাগে। ইয়াৰ ফলত মালক্ষ্মীৰ আশীৰ্বাদ লাভ কৰাৰ লগতে সুখ-সমৃদ্ধি বৃদ্ধি হয়।

 মূল দুৱাৰত সন্মুখত-

ঘৰৰ মূল দুৱাৰৰ পৰা সকলো ভাল-বেয়া শক্তি প্ৰৱাহিত হয়। সেয়েহে মূল দুৱাৰৰ সন্মুখত চাকি জ্বলাব লাগে। ইয়াৰ ফলত ইতিবাচক শক্তিবোৰ শক্তিশালী হয় আৰু পৰিয়ালৰ সদস্যসকলৰ মাজত মিলা-প্ৰীতি অটুট থাকে।

 পূজাস্থলীত-

ধনতেৰছৰ দিনা ঘৰৰ পূজাস্থলীত চাকি জ্বলাবলৈ নাপাহৰিব। এই স্থানত চাকি জ্বলালে দেৱতাসকলে সন্তুষ্ট হৈ আশীৰ্বাদ প্ৰদান কৰে।

 আঁহত গছৰ তলত-

আঁহত গছৰ তলত মালক্ষ্মীৰ লগতে বহু দেৱতাই বাস কৰে। সেই বাবেই ভাৰতীয় সংস্কৃতিত আঁহত গছক শুভ মনা হয়। ধনতেৰছৰ দিনা আঁহত গছৰ তলত এটা মাটি চাকি জ্বলালে জীৱনত সফলতা লাভ কৰিব।

 ঘৰৰ চোতালত-

ধনতেৰছৰ দিনা ঘৰৰ চোতালত চাকি জ্বলোৱাটো শুভ বুলি গণ্য কৰা হয়। ইয়াৰ কাৰণ হ’ল সকলো ঐশ্বৰিক শক্তি আগমন ঘটে, চোতালত চাকি জ্বলালে সন্তুষ্ট হৈ আৰ্শীবাদ প্ৰদান কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
শিলচৰত মৰ্মান্তিক ঘটনা! পুত্ৰই কৰা অপৰাধ সহ্য কৰিব নোৱাৰি চৰম সিদ্ধান্ত পিতৃৰ
ত্ৰিফলাৰ আছে আশ্বৰ্যকৰী গুণ! ই কেনেকৈ আপোনাৰ স্বাস্থ্য উন্নত কৰিব পাৰে জানো আহক
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব