--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দীপাৱলী উৎসৱৰ আৰম্ভণি ধনতেৰছ বুলি গণ্য কৰা হয়। এইবাৰ ধনতেৰছত এক দুৰ্লভ মহাসংযোগৰ সৃষ্টি হৈছে। এইবাৰ ধনতেৰছ ২৩ আৰু ২৪ অক্টোবৰত দুদিনীয়াকৈ পালন কৰা হ’ব। অৱশ্যে ২৩ অক্টোবৰতহে ইয়াৰ মূল পূজা কৰা হ’ব। এই দিনটোত সোণ-ৰূপ, বাচন-বৰ্তন, বাহন ক্ৰয় কৰাটো অত্যন্ত শুভ বুলি গণ্য কৰা হয়। ধনতেৰছৰ দিনা নিশ্চিতভাৱে কোন ৫টা স্থানত চাকি জ্বলালে ভাগ্য দুৱাৰ মুকলি হয় জানো আহক।

 তুলসীৰ তলত-

তুলসী গছত মালক্ষ্মী বাস কৰে বুলি বিশ্বাস কৰা হয়। সেয়ে ধনতেৰছৰ দিনা তুলসী গছত চাকি প্ৰজ্বলিত কৰিব লাগে। ইয়াৰ ফলত মালক্ষ্মীৰ আশীৰ্বাদ লাভ কৰাৰ লগতে সুখ-সমৃদ্ধি বৃদ্ধি হয়।

 মূল দুৱাৰত সন্মুখত-

ঘৰৰ মূল দুৱাৰৰ পৰা সকলো ভাল-বেয়া শক্তি প্ৰৱাহিত হয়। সেয়েহে মূল দুৱাৰৰ সন্মুখত চাকি জ্বলাব লাগে। ইয়াৰ ফলত ইতিবাচক শক্তিবোৰ শক্তিশালী হয় আৰু পৰিয়ালৰ সদস্যসকলৰ মাজত মিলা-প্ৰীতি অটুট থাকে।

 পূজাস্থলীত-

ধনতেৰছৰ দিনা ঘৰৰ পূজাস্থলীত চাকি জ্বলাবলৈ নাপাহৰিব। এই স্থানত চাকি জ্বলালে দেৱতাসকলে সন্তুষ্ট হৈ আশীৰ্বাদ প্ৰদান কৰে।

 আঁহত গছৰ তলত-

আঁহত গছৰ তলত মালক্ষ্মীৰ লগতে বহু দেৱতাই বাস কৰে। সেই বাবেই ভাৰতীয় সংস্কৃতিত আঁহত গছক শুভ মনা হয়। ধনতেৰছৰ দিনা আঁহত গছৰ তলত এটা মাটি চাকি জ্বলালে জীৱনত সফলতা লাভ কৰিব।

 ঘৰৰ চোতালত-

ধনতেৰছৰ দিনা ঘৰৰ চোতালত চাকি জ্বলোৱাটো শুভ বুলি গণ্য কৰা হয়। ইয়াৰ কাৰণ হ’ল সকলো ঐশ্বৰিক শক্তি আগমন ঘটে, চোতালত চাকি জ্বলালে সন্তুষ্ট হৈ আৰ্শীবাদ প্ৰদান কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্মিত মচ্চাৰক ইজৰাইলৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্রণ প্ৰধানমন্ত্ৰী নেটান্যাহুৰ
আৰক্ষীৰ তীব্ৰ অভিযানত হাটশিঙিমাৰীত গ্ৰেপ্তাৰ ১১ জনকৈ চোৰাং গৰু সৰবৰাহকাৰী
তিনিদিন ধৰি নিৰুদ্দেশ বৰপেটাৰ যুৱতী অনন্যা নাথ; কান্দোনত ভাঙি পৰিছে পৰিয়াল
ভাৰতৰ শান্তি প্রচেষ্টাক ইউক্রেইনৰ আদৰণি
‘গ্ল’বেল হেলথ এষ্টিমেট্‌ছ’ৰ প্রতিবেদনত প্ৰকাশ; ৭১ বছৰলৈ বৃদ্ধি ভাৰতীয়ৰ গড় আয়ুস
হোজাইৰ নভঙাত চাঞ্চল্যকৰ ঘটনা! পৰকীয়া প্ৰেমৰ বাবে এগৰাকী বোৱাৰীক হত্যা যুৱকৰ
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া