--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আৰ্থিক বাধাই  সপোন পূৰণত কৰাত বাধা দিব নোৱাৰে। এই কথা প্ৰমাণ কৰি দিলে এজন লাধাৰণ বাছ চালকৰ কন্যাই৷ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ত এগৰাকী বিজ্ঞানী হিচাবে নিযুক্তি লাভ কৰিছে বাছ চালকৰ কন্যা  ছানা আলীয়ে৷ মধ্য প্ৰদেশৰ বিদিশা জিলাৰ বাসিন্দা ছানাক অন্ধ্ৰ প্ৰদেশৰ তিৰুপতি জিলাৰ শ্ৰীহৰিকোটাত অৱস্থিত ইছৰোৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰত বিজ্ঞানী হিচাবে নিযুক্তি দিয়া হৈছে৷   

ছানা আলীয়ে কঠোৰ পৰিশ্ৰম, বিশ্বাস,  সাহস আৰু  আন্তৰিকতাৰে  জৰিয়তে এই সুযোগ অৰ্জন কৰিছে৷  ছানাৰ পিতৃৰ সীমিত আয়ৰ বিষয়টোৱে  ছানাক তেওঁৰ লক্ষ্য প্ৰাপ্তিৰ পৰা বিৰত কৰিব পৰা নাছিল৷। ছানাই বহু সংগ্ৰামৰ মাজৰে বিটেক সম্পূৰ্ণ কৰাৰ পিছত বিদিশাৰ সম্ৰাট অশোক কাৰিকৰী প্ৰতিষ্ঠানৰ (সাতী) পৰা এমটেক সম্পূৰ্ণ কৰে। 


ছানাৰ পিতৃ  চৈয়দ চাজিদ আলীয়ে ছানাৰ শিক্ষাৰ বাবে  ঋণ ল'ব লগা হৈছিল আৰু  মাতৃয়ে  গহনা বন্ধক ৰাখিবলগীয়া হৈছিল। বহু আত্মীয়ই ছানাই উচ্চ শিক্ষা গ্ৰহণ কৰাটো বিচৰা নাছিল যদিও ছানাই তেনে কথাৰ প্ৰতি মন দিয়া নাছিল৷ মাক- দেউতাকেও  আত্মীয়সকলৰ মন্তব্যক উপেক্ষা কৰিছিল। ২০২২  চনত ছানা আলীয়ে গোৱালিয়ৰৰ অভিযন্তা আক্ৰামৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। 

তেওঁ  স্বামী আৰু শহুৰেকৰ পৰাও শিক্ষালাভৰ ক্ষেত্ৰত সমৰ্থন লাভ কৰিছিল। ইছৰোত নিযুক্তি লাভৰ পিছতে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়াই ছানাক অভিনন্দন জনাইছে৷ ১৩ জানুৱাৰীত মুখ্যমন্ত্ৰী শিৱৰাজে টুইটযোগে সতীশ ধাৱান মহাকাশ কেন্দ্ৰত কাৰিকৰী সহায়ক হিচাপে নিৰ্বাচিত হোৱাৰ বাবে বিদিশাৰ কন্যা ছানা আলীক আন্তৰিক অভিনন্দন জনায়৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু