--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আৰ্থিক বাধাই  সপোন পূৰণত কৰাত বাধা দিব নোৱাৰে। এই কথা প্ৰমাণ কৰি দিলে এজন লাধাৰণ বাছ চালকৰ কন্যাই৷ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ত এগৰাকী বিজ্ঞানী হিচাবে নিযুক্তি লাভ কৰিছে বাছ চালকৰ কন্যা  ছানা আলীয়ে৷ মধ্য প্ৰদেশৰ বিদিশা জিলাৰ বাসিন্দা ছানাক অন্ধ্ৰ প্ৰদেশৰ তিৰুপতি জিলাৰ শ্ৰীহৰিকোটাত অৱস্থিত ইছৰোৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰত বিজ্ঞানী হিচাবে নিযুক্তি দিয়া হৈছে৷   

ছানা আলীয়ে কঠোৰ পৰিশ্ৰম, বিশ্বাস,  সাহস আৰু  আন্তৰিকতাৰে  জৰিয়তে এই সুযোগ অৰ্জন কৰিছে৷  ছানাৰ পিতৃৰ সীমিত আয়ৰ বিষয়টোৱে  ছানাক তেওঁৰ লক্ষ্য প্ৰাপ্তিৰ পৰা বিৰত কৰিব পৰা নাছিল৷। ছানাই বহু সংগ্ৰামৰ মাজৰে বিটেক সম্পূৰ্ণ কৰাৰ পিছত বিদিশাৰ সম্ৰাট অশোক কাৰিকৰী প্ৰতিষ্ঠানৰ (সাতী) পৰা এমটেক সম্পূৰ্ণ কৰে। 


ছানাৰ পিতৃ  চৈয়দ চাজিদ আলীয়ে ছানাৰ শিক্ষাৰ বাবে  ঋণ ল'ব লগা হৈছিল আৰু  মাতৃয়ে  গহনা বন্ধক ৰাখিবলগীয়া হৈছিল। বহু আত্মীয়ই ছানাই উচ্চ শিক্ষা গ্ৰহণ কৰাটো বিচৰা নাছিল যদিও ছানাই তেনে কথাৰ প্ৰতি মন দিয়া নাছিল৷ মাক- দেউতাকেও  আত্মীয়সকলৰ মন্তব্যক উপেক্ষা কৰিছিল। ২০২২  চনত ছানা আলীয়ে গোৱালিয়ৰৰ অভিযন্তা আক্ৰামৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। 

তেওঁ  স্বামী আৰু শহুৰেকৰ পৰাও শিক্ষালাভৰ ক্ষেত্ৰত সমৰ্থন লাভ কৰিছিল। ইছৰোত নিযুক্তি লাভৰ পিছতে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়াই ছানাক অভিনন্দন জনাইছে৷ ১৩ জানুৱাৰীত মুখ্যমন্ত্ৰী শিৱৰাজে টুইটযোগে সতীশ ধাৱান মহাকাশ কেন্দ্ৰত কাৰিকৰী সহায়ক হিচাপে নিৰ্বাচিত হোৱাৰ বাবে বিদিশাৰ কন্যা ছানা আলীক আন্তৰিক অভিনন্দন জনায়৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক