--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বজুৰি অব্যাহত আছে ক’ভিডৰ ত্ৰাস। ক’ভিডৰ সংক্ৰমণ ক্ৰমাত্‍ বৃদ্ধি পাইছে। এসপ্তাহত সংক্ৰমণৰ হাৰ ৮ শতাংশতকৈও অধিক বৃদ্ধি পাইছে। ৭ ৰ পৰা ১৩ মাৰ্চলৈ কৰ’না সংক্ৰমণৰ পৰিসংখ্যা বিশ্লেষণৰ পাছত বিশ্ব স্বাস্থ্য সংস্থাই এই কথা সদৰী কৰিছে। পৰিসংখ্যা অনুসৰি, এই সময়ছোৱাত বিশ্বত প্ৰায় ১কোটি ১০ লাখ লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে। প্ৰায় ৪৩,০০০ লোকৰ মৃত্যু হৈছে। জানুৱাৰীৰ পাছত কৰ’না সংক্ৰমণৰ উৰ্ধ্বগামী গ্ৰাফে বিশ্ববাসীক উদ্বিগ্ন কৰি তুলিছে বুলিও কয় বিশ্ব স্বাস্থ্য সংস্থাই। চীন আৰু দক্ষিণ কোৰিয়াৰ দৰে এছিয়াৰ দেশসমূহৰ এইবাৰ কৰ’না সংক্ৰমণৰ হাৰ ২৫ শতাংশ। প্ৰতিবেদনখনে এই পৰিঘটনাক উদ্বেগজনক বুলি আখ্যা দিছে। অৱশ্যে, এই পৰিসংখ্যা বোৰতকৈ বাস্তৱ পৰিস্থিতি অধিক গুৰুতৰ বুলি বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক টেড্ৰোছ আদানোম গেব্ৰেয়ুচাছে মন্তব্য কৰিছে। তেওঁ কয়, ‘বহুতো দেশত পৰীক্ষাৰ হাৰ যথেষ্ট হ্ৰাস পাইছে। ইয়াৰ স্বত্বেও, সংক্ৰমণৰ হাৰ বৃদ্ধি হৈ গৈ আছে।’ স্মৰ্তব্য যে, চীনা চৰকাৰে ইতিমধ্যে কৰ’না সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ জিনিন প্ৰদেশক সম্পূৰ্ণৰূপে পৃথক কৰাৰ সিদ্ধান্ত লৈছিল। তথাপি, দেশৰ বিভিন্ন চহৰৰ নাগৰিকসকল গৃহবন্দী কৰিও কৰ’না সংক্ৰমণ নিয়ন্ত্ৰণ কৰিব পৰা হোৱা নাই। এনে পৰিস্থিতিত, ছি জিনপিং চৰকাৰৰ 'ক’ভিড শূণ্য' ৰণনীতিক লৈ প্ৰশ্ন উত্থাপিত হৈছে। চুবুৰীয়া দেশ দক্ষিণ কোৰিয়াত বিগত ২৪ঘণ্টাত ৪লাখতকৈ অধিক লোক নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে। আনহাতে, আফ্ৰিকাত সংক্ৰমণৰ হাৰ ১২ শতাংশ আৰু ইউৰোপত ২ শতাংশলৈ বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চৰাইদেউ নামচাইত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
টীয়ক চাহ বাগিচাত যুৱতী নিৰুদ্দেশৰ ঘটনাক লাভ জেহাদ আখ্যা ৰাইজৰ!
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে