--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বজুৰি অব্যাহত আছে ক’ভিডৰ ত্ৰাস। ক’ভিডৰ সংক্ৰমণ ক্ৰমাত্‍ বৃদ্ধি পাইছে। এসপ্তাহত সংক্ৰমণৰ হাৰ ৮ শতাংশতকৈও অধিক বৃদ্ধি পাইছে। ৭ ৰ পৰা ১৩ মাৰ্চলৈ কৰ’না সংক্ৰমণৰ পৰিসংখ্যা বিশ্লেষণৰ পাছত বিশ্ব স্বাস্থ্য সংস্থাই এই কথা সদৰী কৰিছে। পৰিসংখ্যা অনুসৰি, এই সময়ছোৱাত বিশ্বত প্ৰায় ১কোটি ১০ লাখ লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে। প্ৰায় ৪৩,০০০ লোকৰ মৃত্যু হৈছে। জানুৱাৰীৰ পাছত কৰ’না সংক্ৰমণৰ উৰ্ধ্বগামী গ্ৰাফে বিশ্ববাসীক উদ্বিগ্ন কৰি তুলিছে বুলিও কয় বিশ্ব স্বাস্থ্য সংস্থাই। চীন আৰু দক্ষিণ কোৰিয়াৰ দৰে এছিয়াৰ দেশসমূহৰ এইবাৰ কৰ’না সংক্ৰমণৰ হাৰ ২৫ শতাংশ। প্ৰতিবেদনখনে এই পৰিঘটনাক উদ্বেগজনক বুলি আখ্যা দিছে। অৱশ্যে, এই পৰিসংখ্যা বোৰতকৈ বাস্তৱ পৰিস্থিতি অধিক গুৰুতৰ বুলি বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক টেড্ৰোছ আদানোম গেব্ৰেয়ুচাছে মন্তব্য কৰিছে। তেওঁ কয়, ‘বহুতো দেশত পৰীক্ষাৰ হাৰ যথেষ্ট হ্ৰাস পাইছে। ইয়াৰ স্বত্বেও, সংক্ৰমণৰ হাৰ বৃদ্ধি হৈ গৈ আছে।’ স্মৰ্তব্য যে, চীনা চৰকাৰে ইতিমধ্যে কৰ’না সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ জিনিন প্ৰদেশক সম্পূৰ্ণৰূপে পৃথক কৰাৰ সিদ্ধান্ত লৈছিল। তথাপি, দেশৰ বিভিন্ন চহৰৰ নাগৰিকসকল গৃহবন্দী কৰিও কৰ’না সংক্ৰমণ নিয়ন্ত্ৰণ কৰিব পৰা হোৱা নাই। এনে পৰিস্থিতিত, ছি জিনপিং চৰকাৰৰ 'ক’ভিড শূণ্য' ৰণনীতিক লৈ প্ৰশ্ন উত্থাপিত হৈছে। চুবুৰীয়া দেশ দক্ষিণ কোৰিয়াত বিগত ২৪ঘণ্টাত ৪লাখতকৈ অধিক লোক নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে। আনহাতে, আফ্ৰিকাত সংক্ৰমণৰ হাৰ ১২ শতাংশ আৰু ইউৰোপত ২ শতাংশলৈ বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক