--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মঙলবাৰে জয়ছলমেৰৰ সূৰ্য্যগড় প্ৰাসাদত বিবাহপাশত আবদ্ধ হয় সিদ্ধাৰ্থ মালহোত্ৰ আৰু কিয়াৰা আদৱানীয়ে। বিবাহৰ অন্তত বুধবাৰে দিল্লীৰ শহুৰেকৰ ঘৰত উপস্থিত হয় কিয়াৰা।

ন বোৱাৰী কিয়াৰাৰ পিন্ধনত আছিল ৰঙা অনাৰ্কলি, মুখত নামমাত্ৰ মেক আপ। সিদ্ধাৰ্থই পিন্ধিছে বগা কাশ্মীৰী শ্বলৰ সৈতে ৰঙা শ্বেৰৱানী। ইজনে সিজনৰ হাতত ধৰি নৱবিবাহিত দুগৰাকী দিল্লী বিমানবন্দৰৰ পৰা ওলাই আহিছিল।

কিয়াৰাই শহুৰেকৰ ঘৰত সোমোৱাৰ আগতে এটা সৰু উদযাপন হৈছিল। সিদ্ধাৰ্থৰ ঘৰৰ সদস্যসকলে ঢোল বজাই কইনা কিয়াৰাক আদৰণি জনায়। নৱবিবাহিত দুগৰাকীয়েও ঢোলৰ অলপ নাচিলে। ঘৰত প্ৰৱেশ কৰাৰ পাছত নৱবিবাহিত দম্পতীয়ে ফটোগ্ৰাফাৰসকলক ধন্যবাদ জনাই মিঠাই বিতৰণ কৰে।

উল্লেখ্য যে অহা ৯ ফেব্ৰুৱাৰীত দিল্লীত আত্মীয়সকলৰ বাবে ৰিচেপচন পাৰ্টি অনুষ্ঠিত কৰিবলৈ ওলাইছে দম্পতীহালে। পৰিয়াল দুটাৰ বন্ধুসকলো নিমন্ত্ৰণী তালিকাত আছে। সেই অনুষ্ঠানৰ পিছত তেওঁলোক দিল্লীৰ পৰা মুম্বাইলৈ উভতি আহিব।

শুনা গৈছে যে তাৰকা দম্পতীয়ে ১২ তাৰিখে পুনৰ মুম্বাইত আন এক ৰিচেপচন পাৰ্টিৰ আয়োজন কৰিছে। বলিউডৰ তাৰকাৰ পৰা আৰম্ভ কৰি সংবাদ মাধ্যমৰ প্ৰতিনিধিলৈকে তাত উপস্থিত থাকিব। সকলো আয়োজনৰ অন্তত মুম্বাইৰ ৭০ কোটিৰ এটা বাংলোত সংসাৰ তৰিব সিদ্ধাৰ্থ আৰু কিয়াৰাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতৰ বাবে কঠিন প্রত্যাহ্বান! ‘এল নিনো’ৰ প্ৰভাৱত এইবাৰ প্ৰচণ্ড গৰমৰ গ্ৰাসত পৰিব দেশ
অসমবাসীৰ অপৰিসীম আস্থা, বিশ্বাস আৰু আশীৰ্বাদ শিৰত লৈ দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিলে ড° হিমন্ত বিশ্ব শৰ্মাই
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সুস্বাস্থ্য কামনা আৰু নতুন চৰকাৰৰ কুশলাৰ্থে পুৰণিগুদামৰ ঐতিহাসিক মছজিদত সমূহীয়া দোৱা
৩ দুৰ্ধৰ্ষ ডকাইত ইউচুফ আলী, চানোৱাৰ হুছেইন আৰু তাইবুৰ আলীক গ্ৰেপ্তাৰ বশিষ্ঠ আৰক্ষীৰ
আজি অসমত NDA চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান; দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ড° হিমন্ত বিশ্ব শৰ্মাই
ঔষধি গুণেৰে ভৰপূৰ তিয়ঁহ; উপকাৰিতা জানিলে আচৰিত হ’ব
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ
শুভেন্দু চৰকাৰৰ আন এক বৃহৎ সিদ্ধান্ত;মমতা চৰকাৰৰ দিনৰ সকলো মনোনীত বিষয়াক পদৰ পৰা অব্যাহতি
হৰমুজ প্রণালীত মোতায়েন ব্রিটেইনৰ যুঁজাৰু জাহাজ 'ড্ৰেগন'
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
ঔষধি গুণেৰে ভৰপূৰ তিয়ঁহ; উপকাৰিতা জানিলে আচৰিত হ’ব
আজি অসমত NDA চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান; দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ড° হিমন্ত বিশ্ব শৰ্মাই