--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বলীউডৰ বিবাহ মানে কঠোৰ নিয়ম। সংবাদ মাধ্যমৰ কেমেৰাৰ ওপৰত কঠোৰ চোৰাংচোৱাগিৰি। বিয়াৰ ফটো একেবাৰে লিক কৰিব নোৱাৰি। ইয়াৰ আঁৰত এটাই কাৰণ আছে। তাৰকাসকলে নিজৰ বিবাহৰ ফটো বা ভিডিঅ'বিক্ৰী কৰে বিক্ৰী অ’টিটিক। আৰু সেয়ে বিয়াৰ সকলো ছবি আৰু ভিডিঅ’ কাকো দেখুৱাব দিয়া নহয়। হয়, কেটৰিনাৰ পৰা আলিয়ালৈকে সকলোৰে কাহিনী একে। আৰু এইবাৰ কিয়াৰা আৰু সিদ্ধাৰ্থও এই বাটেৰে খোজ দিলে। সূত্ৰ অনুসৰি আমাজনে তেওঁলোকৰ বিয়াৰ সকলো ভিডিঅ’ আৰু ফটো প্ৰাইমক বিক্ৰী কৰিছে। আৰু সেইবাবেই কিয়াৰা আৰু সিদ্ধাৰ্থই পাপাৰাজীৰ আগত পোজ দিব বিচৰা নাছিল। শুনা যায় যে ছিড আৰু কিয়াৰাই বিয়াৰ ভিডিঅ’ আৰু ছবি ৮০ কোটি টকাত বিক্ৰী কৰিছে। এই বিয়াখন আমাজনত বলীউড ৱেডিংছ ছিৰিজত প্ৰদৰ্শিত হ’ব। অৱশ্যে সিদ্ধাৰ্থ আৰু কিয়াৰাৰ পৰা এতিয়াও কোনো সঁহাৰি পোৱা নাই।

সামাজিক নীতি অনুসৰি যোৱা মঙলবাৰে কিয়াৰা আদবানী আৰু সিদ্ধাৰ্থ মালহোত্ৰাই বিবাহপাশত আবদ্ধ হয়। অস্ত যোৱা সূৰ্য্যক দৃশ্য পাছত ৰাখি গালত চুম্বনেৰে দুয়ো একেলগে খোজ কাঢ়িব বুলি প্ৰতিশ্ৰুতি দিয়ে। কিয়াৰাই লেহেংগা আৰু সেউজীয়া পান্নাৰ গহনা পিন্ধিছিল। বিশেষ শ্বেৰৱানী আৰু মূৰত পাগুৰি পিন্ধি সিদ্ধাৰ্থ মালহোত্ৰাও জিলিকি উঠিছিল। 

বুধবাৰে জয়লামৰ পৰা দিল্লী অভিমুখে ৰাওনা হয় সিদ্ধাৰ্থ আৰু কিয়াৰা। বিয়াৰ পাছত প্ৰথমবাৰৰ বাবে দুয়োৰে এটা সাধাৰণ চাৱনি ধৰা পৰিছিল পাপাৰাজিৰ ওচৰত । কইনাৰ হাতত গোলাপী ৰঙৰ চূৰ্নী আৰু ডিঙিত মংগলসূত্ৰ পিন্ধিছে। কিয়াৰাই পিন্ধিছিল ক’লা পোছাক। ধূসৰ ৰঙৰ চাদৰৰ সৈতে। ক’লা জেকেট আৰু জিন্স পিন্ধি দেখা গ’ল সিদ্ধাৰ্থক।

ইয়াৰ পিছতে ৰঙা পোছাক পিন্ধি দিল্লী বিমানবন্দৰত ধৰা পৰিল নৱবিবাহিত দম্পতিযক। কিয়াৰাৰ শিৰত সেন্দুৰ লগতে ৰঙা চালৱাৰ চুট, ডিঙিত মংগলসূত্ৰ। সিদ্ধাৰ্থই ৰঙা পাঞ্জাবী আৰু পায়জামা পিন্ধে। কান্ধত কাশ্মীৰী শ্বল।

১২ ফেব্ৰুৱাৰীত মুম্বাইত অভ্যৰ্থনা পাৰ্টি। বি-টাউনৰ পৰা বহু লোকে এই পাৰ্টিত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। মুম্বাইৰ ৭০ কোটি টকাৰ বাংলোত থাকিব এই দুই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক