--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০১৮ চনৰ ২৪ ফেব্ৰুৱাৰীত হঠাতে সমগ্ৰ দেশবাসীক কন্দুৱাই ৰহস্যজনক মৃত্যুক আঁকোৱালি লৈছিল শ্ৰীদেৱীয়ে। বলীউডৰ আশীৰ দশকৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰীৰ মৃত্যুৰ খবৰে সমগ্ৰ দেশ স্তম্ভিত হৈ পৰিছিল। তাৰ পিছত এতিয়া প্ৰায় পাঁচ বছৰ পাৰ হৈ গ’ল। অভিনেত্ৰীগৰাকীৰ মৃত্যুক লৈ এতিয়াও চৰ্চা চলি থাকে।

এইবাৰ মৃত পত্নীক লৈ বিশেষ পৰিকল্পনাৰ কথা তেওঁৰ স্বামী তথা প্ৰযোজক বনী কাপুৰে ঘোষণা কৰিছে। শ্ৰীদেৱীৰ মৃত্যুৰ প্ৰায় পাঁচ বছৰৰ পাছতেই ঘোষণা কৰা হৈছিল এখনি জীৱনী। ছ’চিয়েল মিডিয়াত এক বিবৃতিত বনি কাপুৰে কয় যে ‘শ্ৰীদেৱী: দ্য লাইফ অৱ এ লিজেণ্ড’ নামৰ গ্ৰন্থখন ৱেষ্টলেণ্ড বুকছে প্ৰকাশ কৰিব।

বনী কাপুৰে বিবৃতিটোত কয় যে গৱেষক, সাহিত্যিক তথা স্তম্ভলেখক ধীৰাজ কুমাৰে এই গ্ৰন্থখন ৰচনা কৰিছে। বনিৰ ভাষাত শ্ৰীদেৱীয়ে ধীৰাজক নিজৰ পৰিয়ালৰ সদস্য হিচাপেই গণ্য কৰিছিল। গ্ৰন্থখনক লৈ সুখী বনী কাপুৰ।



উল্লেখ্য যে পদ্মশ্ৰী বিজয়ী অভিনেত্ৰীগৰাকীয়ে প্ৰায় ৫০ বছৰীয়া কেৰিয়াৰত ৩০০ৰো অধিক ছবিত অভিনয় কৰিছিল। হিন্দীৰ উপৰিও তেওঁ দক্ষিণৰ ছবিতো সমান গতিত কাম কৰিছিল।

প্ৰয়াত পত্নীক স্মৰণ কৰাৰ সময়ত বনি কাপুৰে কয়- ''শ্ৰীদেৱী আছিল এগৰাকী অত্যন্ত প্ৰতিভাশালী শিল্পী, তেওঁৰ কৰ্মই তেওঁক আটাইতকৈ বেছি সুখী কৰিছিল। কিন্তু তেওঁ নিজৰ ব্যক্তিগত জীৱনটোক ব্যক্তিগতভাৱে ৰখাটোৱেই পছন্দ কৰিছিল।''

গ্ৰন্থখনৰ লেখক ধীৰাজ কুমাৰৰ প্ৰতিও তেওঁৰ অপৰিসীম সন্মান আৰু আস্থা আছে বুলি বনীয়ে কয়। শ্ৰীদেৱীৰ বিশ্বাসযোগ্য কোনোবাই তেওঁৰ জীৱনী লিখাৰ উদ্যোগ লোৱাত অভিনেত্ৰীগৰাকীৰ পৰিয়াল কিছু আশ্বস্ত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু