--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০১৮ চনৰ ২৪ ফেব্ৰুৱাৰীত হঠাতে সমগ্ৰ দেশবাসীক কন্দুৱাই ৰহস্যজনক মৃত্যুক আঁকোৱালি লৈছিল শ্ৰীদেৱীয়ে। বলীউডৰ আশীৰ দশকৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰীৰ মৃত্যুৰ খবৰে সমগ্ৰ দেশ স্তম্ভিত হৈ পৰিছিল। তাৰ পিছত এতিয়া প্ৰায় পাঁচ বছৰ পাৰ হৈ গ’ল। অভিনেত্ৰীগৰাকীৰ মৃত্যুক লৈ এতিয়াও চৰ্চা চলি থাকে।

এইবাৰ মৃত পত্নীক লৈ বিশেষ পৰিকল্পনাৰ কথা তেওঁৰ স্বামী তথা প্ৰযোজক বনী কাপুৰে ঘোষণা কৰিছে। শ্ৰীদেৱীৰ মৃত্যুৰ প্ৰায় পাঁচ বছৰৰ পাছতেই ঘোষণা কৰা হৈছিল এখনি জীৱনী। ছ’চিয়েল মিডিয়াত এক বিবৃতিত বনি কাপুৰে কয় যে ‘শ্ৰীদেৱী: দ্য লাইফ অৱ এ লিজেণ্ড’ নামৰ গ্ৰন্থখন ৱেষ্টলেণ্ড বুকছে প্ৰকাশ কৰিব।

বনী কাপুৰে বিবৃতিটোত কয় যে গৱেষক, সাহিত্যিক তথা স্তম্ভলেখক ধীৰাজ কুমাৰে এই গ্ৰন্থখন ৰচনা কৰিছে। বনিৰ ভাষাত শ্ৰীদেৱীয়ে ধীৰাজক নিজৰ পৰিয়ালৰ সদস্য হিচাপেই গণ্য কৰিছিল। গ্ৰন্থখনক লৈ সুখী বনী কাপুৰ।



উল্লেখ্য যে পদ্মশ্ৰী বিজয়ী অভিনেত্ৰীগৰাকীয়ে প্ৰায় ৫০ বছৰীয়া কেৰিয়াৰত ৩০০ৰো অধিক ছবিত অভিনয় কৰিছিল। হিন্দীৰ উপৰিও তেওঁ দক্ষিণৰ ছবিতো সমান গতিত কাম কৰিছিল।

প্ৰয়াত পত্নীক স্মৰণ কৰাৰ সময়ত বনি কাপুৰে কয়- ''শ্ৰীদেৱী আছিল এগৰাকী অত্যন্ত প্ৰতিভাশালী শিল্পী, তেওঁৰ কৰ্মই তেওঁক আটাইতকৈ বেছি সুখী কৰিছিল। কিন্তু তেওঁ নিজৰ ব্যক্তিগত জীৱনটোক ব্যক্তিগতভাৱে ৰখাটোৱেই পছন্দ কৰিছিল।''

গ্ৰন্থখনৰ লেখক ধীৰাজ কুমাৰৰ প্ৰতিও তেওঁৰ অপৰিসীম সন্মান আৰু আস্থা আছে বুলি বনীয়ে কয়। শ্ৰীদেৱীৰ বিশ্বাসযোগ্য কোনোবাই তেওঁৰ জীৱনী লিখাৰ উদ্যোগ লোৱাত অভিনেত্ৰীগৰাকীৰ পৰিয়াল কিছু আশ্বস্ত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক