--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আই পি এল ২০২৩ৰ খিতাপ দখল কৰে মহেন্দ্ৰ সিং ধোনীৰ অধিনায়কত্বত চেন্নাই ছুপাৰ কিংছে। চূড়ান্ত খেলখনত চেন্নাই ছুপাৰ কিংছে গুজৰাট টাইটানছক পৰাস্ত কৰে। এইদৰে মহেন্দ্ৰ সিং ধোনীৰ দলটোৱে পঞ্চমবাৰৰ বাবে আই পি এলৰ ট্ৰফী লাভ কৰে। সেই উপলক্ষে মহেন্দ্ৰ সিং ধোনীৰ অধিনায়কত্বত চেন্নাই ছুপাৰ কিংছৰ সন্মানত ২ জুনত সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। একে সময়তে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে এই চেন্নাই ছুপাৰ কিংছৰ সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰিব বুলি খৱৰ আহি পৰিছে।

অৱশ্যে এতিয়ালৈকে এনে কোনো তথ্য আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হোৱা নাই। ইয়াৰ পূৰ্বে সোমবাৰে নিশা মহেন্দ্ৰ সিং ধোনীৰ অধিনায়কত্বত চেন্নাই ছুপাৰ কিংছে পঞ্চমবাৰৰ বাবে আই পি এলৰ ট্ৰফী দখল কৰে। ইয়াৰ পূৰ্বে এই দলটোৱে আই পি এল ২০১০, আই পি এল ২০১১, আই পি এল ২০১৮ আৰু আই পি এল ২০২১ খিতাপ দখল কৰিছে।

তাৎপৰ্যপূৰ্ণভাৱে চেন্নাই ছুপাৰ কিংছে আই পি এল ২০২৩ ছিজনৰ খিতাপো দখল কৰিছে। এইদৰে চেন্নাই ছুপাৰ কিংছে পঞ্চমবাৰৰ বাবে আই পি এল খিতাপ দখল কৰিবলৈ সক্ষম হয়। এতিয়া চেন্নাই ছুপাৰ কিংছ আৰু মুম্বাই ইণ্ডিয়ানছে যৌথভাৱে আই পি এলত সৰ্বাধিক জয়ী হোৱা দলত পৰিণত হৈছে। চেন্নাই ছুপাৰ কিংছ আৰু মুম্বাই ইণ্ডিয়ানছে ৫-৫ বাৰকৈ আই পি এলৰ ট্ৰফী লাভ কৰিছে। আনহাতে কলকাতা নাইট ৰাইডাৰ্ছে ২ বাৰকৈ আই পি এল জয় কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু