--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আই পি এল ২০২৩ৰ খিতাপ দখল কৰে মহেন্দ্ৰ সিং ধোনীৰ অধিনায়কত্বত চেন্নাই ছুপাৰ কিংছে। চূড়ান্ত খেলখনত চেন্নাই ছুপাৰ কিংছে গুজৰাট টাইটানছক পৰাস্ত কৰে। এইদৰে মহেন্দ্ৰ সিং ধোনীৰ দলটোৱে পঞ্চমবাৰৰ বাবে আই পি এলৰ ট্ৰফী লাভ কৰে। সেই উপলক্ষে মহেন্দ্ৰ সিং ধোনীৰ অধিনায়কত্বত চেন্নাই ছুপাৰ কিংছৰ সন্মানত ২ জুনত সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। একে সময়তে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে এই চেন্নাই ছুপাৰ কিংছৰ সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰিব বুলি খৱৰ আহি পৰিছে।

অৱশ্যে এতিয়ালৈকে এনে কোনো তথ্য আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হোৱা নাই। ইয়াৰ পূৰ্বে সোমবাৰে নিশা মহেন্দ্ৰ সিং ধোনীৰ অধিনায়কত্বত চেন্নাই ছুপাৰ কিংছে পঞ্চমবাৰৰ বাবে আই পি এলৰ ট্ৰফী দখল কৰে। ইয়াৰ পূৰ্বে এই দলটোৱে আই পি এল ২০১০, আই পি এল ২০১১, আই পি এল ২০১৮ আৰু আই পি এল ২০২১ খিতাপ দখল কৰিছে।

তাৎপৰ্যপূৰ্ণভাৱে চেন্নাই ছুপাৰ কিংছে আই পি এল ২০২৩ ছিজনৰ খিতাপো দখল কৰিছে। এইদৰে চেন্নাই ছুপাৰ কিংছে পঞ্চমবাৰৰ বাবে আই পি এল খিতাপ দখল কৰিবলৈ সক্ষম হয়। এতিয়া চেন্নাই ছুপাৰ কিংছ আৰু মুম্বাই ইণ্ডিয়ানছে যৌথভাৱে আই পি এলত সৰ্বাধিক জয়ী হোৱা দলত পৰিণত হৈছে। চেন্নাই ছুপাৰ কিংছ আৰু মুম্বাই ইণ্ডিয়ানছে ৫-৫ বাৰকৈ আই পি এলৰ ট্ৰফী লাভ কৰিছে। আনহাতে কলকাতা নাইট ৰাইডাৰ্ছে ২ বাৰকৈ আই পি এল জয় কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে