--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মল্লযুঁজাৰুৰ প্ৰতিবাদে এইবাৰ নতুন ৰূপ ল’লে। গংগাত পদক বিসৰ্জন দিবলৈ হৰিদ্বাৰলৈ গৈছিল মল্লযুঁজাৰুসকলে। অৱশেষত পদক বিসৰ্জনৰ পৰা বিৰত থাকিল তেওঁলোক।

এই প্ৰতিবাদৰ ভাষা কিংম্বদন্তী বক্সাৰ মহম্মদ আলীৰ পৰা অনুপ্ৰাণিত বুলি বিশ্বাস কৰা হৈছে। ১৯৬০ চনত মহম্মদ আলীয়ে বৰ্ণবৈষম্যৰ বিৰুদ্ধে এনেধৰণে প্ৰতিবাদ কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ অহাইঅ’ নদীত দলিয়াই দিছিল অলিম্পিক পদক।

আমেৰিকা যুক্তৰাষ্ট্ৰত সেই সময়ত প্ৰচলন হৈ থকা বৰ্ণবৈষম্যৰ বাবে শ্বেতাংগ মানুহৰ ৰেষ্টুৰেণ্টত মহম্মদ আলীক খাদ্য দিয়া হোৱা নাছিল। বক্সাৰগৰাকী কৃষ্ণাংগ বাবেই এই নিষেধ কৰা হৈছিল। মহম্মদ আলীয়ে এনে বৰ্ণবাদী ব্যৱস্থাৰ বিৰুদ্ধে মাত মাতিছিল। প্ৰতিবাদস্বৰূপে তেওঁ অলিম্পিক পদকটো নদীত দলিয়াই দিছিল।

এই কাৰ্যৰ পাছত অলিম্পিক কৰ্তৃপক্ষই অৱশ্যে মহম্মদ আলীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। ৩৬ বছৰৰ পাছত বক্সাৰজনক তেওঁৰ পদকৰ প্ৰতিৰূপটো দিয়া হৈছিল। ১৯৯৬ চনত মহম্মদ আলীয়ে টৰ্চ জ্বলাই আটলান্টা অলিম্পিক মুকলি কৰে। সেই সময়ত অলিম্পিক কমিটীৰ সভাপতি জুয়ান সমৰাঞ্চ আহি মহম্মদ আলীক নদীত উটুৱাই দিয়াৰ পদকৰ এটা প্ৰতিৰূপ উপহাৰ দিছিল।

উল্লেখ্য যে কেচিয়াছ ক্লে’ উৰফে মহম্মদ আলীক বক্সিঙৰ কিংম্বদন্তি হিচাপে গণ্য কৰা হয়। সমগ্ৰ জীৱন ক্ৰীড়া আৰু মানৱতা-সমতাৰ হকে কাম কৰি অহা মহম্মদ আলীক আজিও অনুৰাগীসকলে শ্ৰদ্ধাৰে সোঁৱৰণ কৰি আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে