--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মল্লযুঁজাৰুৰ প্ৰতিবাদে এইবাৰ নতুন ৰূপ ল’লে। গংগাত পদক বিসৰ্জন দিবলৈ হৰিদ্বাৰলৈ গৈছিল মল্লযুঁজাৰুসকলে। অৱশেষত পদক বিসৰ্জনৰ পৰা বিৰত থাকিল তেওঁলোক।

এই প্ৰতিবাদৰ ভাষা কিংম্বদন্তী বক্সাৰ মহম্মদ আলীৰ পৰা অনুপ্ৰাণিত বুলি বিশ্বাস কৰা হৈছে। ১৯৬০ চনত মহম্মদ আলীয়ে বৰ্ণবৈষম্যৰ বিৰুদ্ধে এনেধৰণে প্ৰতিবাদ কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ অহাইঅ’ নদীত দলিয়াই দিছিল অলিম্পিক পদক।

আমেৰিকা যুক্তৰাষ্ট্ৰত সেই সময়ত প্ৰচলন হৈ থকা বৰ্ণবৈষম্যৰ বাবে শ্বেতাংগ মানুহৰ ৰেষ্টুৰেণ্টত মহম্মদ আলীক খাদ্য দিয়া হোৱা নাছিল। বক্সাৰগৰাকী কৃষ্ণাংগ বাবেই এই নিষেধ কৰা হৈছিল। মহম্মদ আলীয়ে এনে বৰ্ণবাদী ব্যৱস্থাৰ বিৰুদ্ধে মাত মাতিছিল। প্ৰতিবাদস্বৰূপে তেওঁ অলিম্পিক পদকটো নদীত দলিয়াই দিছিল।

এই কাৰ্যৰ পাছত অলিম্পিক কৰ্তৃপক্ষই অৱশ্যে মহম্মদ আলীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। ৩৬ বছৰৰ পাছত বক্সাৰজনক তেওঁৰ পদকৰ প্ৰতিৰূপটো দিয়া হৈছিল। ১৯৯৬ চনত মহম্মদ আলীয়ে টৰ্চ জ্বলাই আটলান্টা অলিম্পিক মুকলি কৰে। সেই সময়ত অলিম্পিক কমিটীৰ সভাপতি জুয়ান সমৰাঞ্চ আহি মহম্মদ আলীক নদীত উটুৱাই দিয়াৰ পদকৰ এটা প্ৰতিৰূপ উপহাৰ দিছিল।

উল্লেখ্য যে কেচিয়াছ ক্লে’ উৰফে মহম্মদ আলীক বক্সিঙৰ কিংম্বদন্তি হিচাপে গণ্য কৰা হয়। সমগ্ৰ জীৱন ক্ৰীড়া আৰু মানৱতা-সমতাৰ হকে কাম কৰি অহা মহম্মদ আলীক আজিও অনুৰাগীসকলে শ্ৰদ্ধাৰে সোঁৱৰণ কৰি আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু