--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ হৈ টি-২০ ক্ৰিকেটত সৰ্বাধিক উইকেট (৯১)ৰ মালিক তেওঁ। কিন্তু তথাপিও দেশৰ বাবে টি-২০ বিশ্বকাপত সুযোগ পোৱা নাই যুজবেন্দ্ৰ চাহালে। ২০২১ আৰু ২০২২ চনৰ বিশ্বকাপলৈ নিনিয়াৰ বাবে তেওঁক সমালোচনা কৰা হৈছিল। চাহালে নিজেই নাজানে কিয় সুযোগ নাপালে। অৱশ্যে এই লেগ স্পিনাৰে টি-২০ দলত সুযোগ নোপোৱাত অসুবিধা পাইছিল। টয়লেটলৈ গৈ তেওঁ কান্দিছিল।

শেহতীয়াকৈ এটা সাক্ষাৎকাৰত চাহালে নিজৰ কেৰিয়াৰৰ আটাইতকৈ বেয়া সময়ৰ বিষয়ে মুকলিকৈ কয়। তেওঁ কয়- ''২০২১ চনত যেতিয়া মই টি-২০ বিশ্বকাপত সুযোগ নাপালোঁ, তেতিয়া মই আটাইতকৈ বেছি কষ্ট পাইছিলোঁ। মোৰ বৰ বেছি কন্দাৰ অভ্যাস নাই। কিন্তু সেইদিনা মই টয়লেটলৈ গৈ কান্দিলোঁ।’’

কোহলীয়ে চাহালক বৰ ভাল পাইছিল। গতিকে, অধিনায়ক হোৱাৰ পিছতো চাহালে কিয় সুযোগ নাপালে, সেয়া এতিয়াও তেওঁৰ বাবে এক ৰহস্যৰ বিষয়। চাহালে ক'লে, "মই বৰ আচৰিত হৈছিলো। কোহলীৰ নেতৃত্বত ইমানবোৰ মেচ খেলিছো। কিন্তু মোক কোহলীৰ দলত লোৱা নহ’ল। কিন্তু মই কেতিয়াও কাকো সোধা নাছিলো যে মোক কিয় বাহিৰত ৰখা হৈছে।''

উল্লেখ্য যে কোহলীৰ নেতৃত্বত ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ হৈ আই পি এলত আঠ বছৰ খেলিছিল চাহালে। ২০২১ চনৰ আই পি এলৰ পিছত হঠাতে তেওঁক কোহলীৰ ফ্ৰেঞ্চাইজিয়ে বাদ দিয়ে। সেই ঘটনাত চাহাল আহত হৈছিল। আৰ চি বিৰ বিৰুদ্ধে তেওঁৰ অভিযোগ যে এই ফ্ৰেঞ্চাইজিয়ে নিজৰ কথা ৰক্ষা কৰা নাই। ৩২ বছৰীয়া লেগ স্পিনাৰগৰাকীয়ে এতিয়াও নাজানে বেংগালুৰুৱে তেওঁক কিয় ৰখা নাছিল। এতিয়া তেওঁ ৰাজস্থান ৰয়েলছৰ হৈ আই পি এল খেলে। ধাৰাবাহিকভাৱে সফলতা লাভ কৰি আহিছে তেওঁ।




FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু