--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ হৈ টি-২০ ক্ৰিকেটত সৰ্বাধিক উইকেট (৯১)ৰ মালিক তেওঁ। কিন্তু তথাপিও দেশৰ বাবে টি-২০ বিশ্বকাপত সুযোগ পোৱা নাই যুজবেন্দ্ৰ চাহালে। ২০২১ আৰু ২০২২ চনৰ বিশ্বকাপলৈ নিনিয়াৰ বাবে তেওঁক সমালোচনা কৰা হৈছিল। চাহালে নিজেই নাজানে কিয় সুযোগ নাপালে। অৱশ্যে এই লেগ স্পিনাৰে টি-২০ দলত সুযোগ নোপোৱাত অসুবিধা পাইছিল। টয়লেটলৈ গৈ তেওঁ কান্দিছিল।

শেহতীয়াকৈ এটা সাক্ষাৎকাৰত চাহালে নিজৰ কেৰিয়াৰৰ আটাইতকৈ বেয়া সময়ৰ বিষয়ে মুকলিকৈ কয়। তেওঁ কয়- ''২০২১ চনত যেতিয়া মই টি-২০ বিশ্বকাপত সুযোগ নাপালোঁ, তেতিয়া মই আটাইতকৈ বেছি কষ্ট পাইছিলোঁ। মোৰ বৰ বেছি কন্দাৰ অভ্যাস নাই। কিন্তু সেইদিনা মই টয়লেটলৈ গৈ কান্দিলোঁ।’’

কোহলীয়ে চাহালক বৰ ভাল পাইছিল। গতিকে, অধিনায়ক হোৱাৰ পিছতো চাহালে কিয় সুযোগ নাপালে, সেয়া এতিয়াও তেওঁৰ বাবে এক ৰহস্যৰ বিষয়। চাহালে ক'লে, "মই বৰ আচৰিত হৈছিলো। কোহলীৰ নেতৃত্বত ইমানবোৰ মেচ খেলিছো। কিন্তু মোক কোহলীৰ দলত লোৱা নহ’ল। কিন্তু মই কেতিয়াও কাকো সোধা নাছিলো যে মোক কিয় বাহিৰত ৰখা হৈছে।''

উল্লেখ্য যে কোহলীৰ নেতৃত্বত ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ হৈ আই পি এলত আঠ বছৰ খেলিছিল চাহালে। ২০২১ চনৰ আই পি এলৰ পিছত হঠাতে তেওঁক কোহলীৰ ফ্ৰেঞ্চাইজিয়ে বাদ দিয়ে। সেই ঘটনাত চাহাল আহত হৈছিল। আৰ চি বিৰ বিৰুদ্ধে তেওঁৰ অভিযোগ যে এই ফ্ৰেঞ্চাইজিয়ে নিজৰ কথা ৰক্ষা কৰা নাই। ৩২ বছৰীয়া লেগ স্পিনাৰগৰাকীয়ে এতিয়াও নাজানে বেংগালুৰুৱে তেওঁক কিয় ৰখা নাছিল। এতিয়া তেওঁ ৰাজস্থান ৰয়েলছৰ হৈ আই পি এল খেলে। ধাৰাবাহিকভাৱে সফলতা লাভ কৰি আহিছে তেওঁ।




FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ