--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিৰাট কোহলী। ক্ৰিকেট জগতত এতিয়া কিং কোহলীৰ ৰাজত্ব। বিশ্বৰ ক্ৰীড়া ক্ষেত্ৰৰ অন্যতম দামী তাৰকা তেওঁ। কেৱল খেলপথাৰেই নহয়, খেলপথাৰৰ বাহিৰৰ প্ৰতিটো সামগ্ৰীৰ বিজ্ঞাপনৰ পৰা বিৰাট কোহলীয়ে বহু টকা উপাৰ্জন কৰে। চাওঁ আহক এই সন্দৰ্ভত বিতং তথ্য।

ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ সৈতে হোৱা বাৰ্ষিক চুক্তি অনুসৰি কোহলীক এক বৃহৎ দৰমহা দিয়া হয়, ঠিক কৰ্পৰেট সংস্থাৰ কৰ্মচাৰীৰ দৰেই। লগতে প্ৰতিখন টেষ্ট, ৱান ডে মেচ আৰু টি-২০ৰ বাবে সুকীয়া আয় আছেই।

ভাৰতীয় ব’ৰ্ডৰ নিৰ্বাচনত কোহলী ‘এ প্লাছ’ শাখাত আছে। ফলত বিচিচিআইৰ সৈতে তেওঁৰ সাত কোটি টকাৰ বাৰ্ষিক চুক্তি আছে। সেই অনুসৰি বছৰত তেওঁৰ পকেটত সোমায় সাত কোটি টকা।

বছৰি ৭ কোটি টকাৰ উপৰিও প্ৰতিখন টেষ্টত তেওঁৰ মেচ মাচুল ১৫ লাখ টকা। প্ৰতিখন এদিনীয়া মেচত ৬ লাখ টকা লাভ কৰে। প্ৰতিখন আন্তঃৰাষ্ট্ৰীয় টি২০ মেচত কোহলীয়ে লাভ কৰে তিনি লাখ টকা।

এই সকলোবোৰৰ লগতে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ সৈতে আই পি এলত খেলাৰ পৰাও আৰ্থিক লাভ হৈছে কোহলীৰ। সেই দলটোৰ পৰা কোহলীয়ে বছৰি ১৫ কোটি টকা উপাৰ্জন কৰে।

২২ গজৰ বাহিৰত কোহলীয়ে ব্লু ট্ৰাইব, ইউনিভাৰ্চেল স্প’ৰ্টছ বিজ, পুমা, এমপিএল, স্প’ৰ্টছ কনভ’, এমআৰএফ, মিণ্ট্ৰা, অ’ডিৰ দৰে শীৰ্ষ ব্ৰেণ্ডৰ বিজ্ঞাপনত অংশগ্ৰহণ কৰিছে। মুঠতে তেওঁ ১৮টাতকৈও অধিক ব্ৰেণ্ডৰ সৈতে জড়িত। সংবাদ মাধ্যমৰ মতে, কোহলীয়ে বছৰি এটা ব্ৰেণ্ডৰ বিজ্ঞাপনৰ শ্বুটিঙৰ বাবে চাৰে সাতৰ পৰা ১০ কোটি টকা লয়।

বিজ্ঞাপন আৰু সামগ্ৰীৰ প্ৰচাৰৰ পৰা কোহলীৰ বাৰ্ষিক আয় ১৭৫ কোটি টকা। ইয়াৰ বাহিৰেও ইনষ্টাগ্ৰাম আৰু টুইটাৰত প্ৰতিটো পোষ্টৰ পৰা তেওঁৰ উপাৰ্জন ক্ৰমে ৮ কোটি ৯০ লাখ আৰু ২.৫ কোটি।

কোহলীৰ ‘বিপুল’ উপাৰ্জনৰ নমুনা কেইটামান তথ্য দিলেই পোৱা যাব। সংবাদ মাধ্যমৰ খবৰ অনুসৰি ২০১৭ চনত কোহলীয়ে এম আৰ এফৰ সৈতে ৮ বছৰৰ বাবে চুক্তিবদ্ধ হৈছিল। সেই চুক্তিৰ ভিত্তিত প্ৰতি বছৰে তেওঁৰ বিজ্ঞাপনৰ লাভ ১২ কোটি। কোহলীয়ে সেই বছৰ পুমাৰ দৰে আন্তঃৰাষ্ট্ৰীয় ব্ৰেণ্ডৰ সৈতেও চুক্তি স্বাক্ষৰ কৰিছিল। আঠ বছৰীয়া চুক্তিখনৰ আৰ্থিক মূল্য ১১০ কোটি টকা।

২০১৯ চনত কোহলীৰ সৈতে চুক্তিবদ্ধ হৈছিল ম’বাইল প্ৰিমিয়াৰ লীগ। সেই চুক্তিৰ দ্বাৰা ১২ কোটি টকা তেওঁৰ ওচৰলৈ আহিছিল। অহা বছৰো কোহলীৰ সৈতে নতুন চুক্তি স্বাক্ষৰিত হয়।

২০১৫ চনত জাৰ্মান গাড়ী নিৰ্মাতা কোম্পানী অ’ডিৰ সৈতে চুক্তিবদ্ধ হৈছিল কোহলীয়ে। সংবাদ মাধ্যমৰ সৌজন্যত চুক্তিখনৰ মূল্যও প্ৰকাশ পায়। ১৮ মাহৰ বাবে ৫ কোটি টকাৰ বাবে কোহলীৰ নাম ব্ৰেণ্ডটোৰ সৈতে জড়িত হৈ পৰিল। তাৰ পিছৰ বছৰবোৰত এই যুটিটো অবিচ্ছেদ্য হৈয়েই থাকিল।

ব্ৰেণ্ডটোৰ বিজ্ঞাপন দিয়াৰ উপৰিও কোহলীৰ আংশিক মালিক ইণ্ডিয়ান ছুপাৰ লীগ ক্লাব এফ চি গোৱাও। ইয়াৰ উপৰিও তেওঁৰ টেনিছ দল আৰু প্ৰ’-ৰেছলিং দলো আছে।

সংবাদ মাধ্যমৰ মতে, টেনিছৰ কিংবদন্তি ৰজাৰ ফেডাৰেৰ, ফুটবল তাৰকা চাৰ্জিঅ’ ৰামোছ আৰু ৱেইন ৰুনীৰ দৰে চেলিব্ৰিটি বিৰাটৰ অনুৰাগী। ইনষ্টাগ্ৰামত তেওঁৰ ২.৫ কোটিতকৈ অধিক ফ’ল’ৱাৰ আছে। স্বাভাৱিকতে প্ৰডাক্ট এডভাৰটাইজাৰে টকাৰ বেগ লৈ বিৰাটৰ পিছে পিছে দৌৰে।

বেংগালুৰুৰ ‘ষ্টকগ্ৰ’’ নামৰ এটা ট্ৰেডিং এণ্ড ইনভেষ্টমেণ্ট ফাৰ্মৰ তথ্য অনুসৰি দেশৰ প্ৰাক্তন ক্ৰিকেট অধিনায়কগৰাকী বিশ্বৰ ভিতৰতে সৰ্বাধিক দৰমহা পোৱা খেলুৱৈসকলৰ ভিতৰত অন্যতম। কোহলীৰ সম্পত্তিৰ পৰিমাণ ১০৫০ কোটি টকা। ক্ৰিকেটৰ উপৰিও এই সম্পত্তিত অন্যান্য ব্যৱসায়িক উদ্যোগো অন্তৰ্ভুক্ত কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement