--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আশাহীন জীৱন। অন্ত পৰা নাই ধোঁৱা আৰু বাৰুদৰ কাহিনী৷ এতিয়াও যুদ্ধ উন্মাদনাত বিধ্বস্ত-বিপৰ্যস্ত ইজৰাইল-পেলেষ্টাইন৷ যুদ্ধৰ বিভীষিকাই ৰেহাই দিয়া নাই কাকো৷ গাজাত এতিয়া মৃত্যুৰ কিৰীলি৷ বতাহত উফৰি আহে  মৰণকাতৰ আৰ্তনাদ৷ কেতিয়া ক’ত বোমা ফুটে তাৰ কোনো নিশ্চয়তা নোহোৱা হৈ পৰিছে। 

শক্তিশালী সামৰিক বাহিনী, পাৰমাণৱিক অস্ত্ৰ ভাণ্ডাৰ আৰু বিশ্বৰ ভিতৰতে সুপ্ৰসিদ্ধ অত্যাধুনিক চোৰাংচোৱা সংস্থাৰে মধ্যপ্ৰাচ্যৰ অন্যতম শক্তিশালী দেশ হোৱাৰ পিছতো এতিয়া ইজৰাইলত বিৰাজ কৰিছে আতংকই। পেলেষ্টাইনী সন্ত্ৰাসবাদী সংগঠন হামাছৰ আকস্মিক আক্ৰমণত একপ্ৰকাৰ বিভীষিকা নামিছে ইজৰাইলত। মানৱতাৰ বধ্যভূমি গাজাত এতিয়া মৃতদেহৰ লানি দেখিবলৈ পোৱা গৈছে। মধ্যপ্ৰাচ্যৰ ৰাষ্ট্ৰখনত সংঘটিত হোৱা আক্ৰমণে আতংকিত কৰি তুলিছে বিশ্বৰ আন আন ৰাষ্ট্ৰসমূহকো।

আজি নৱবৰ্ষৰ প্ৰথমটো দিন। এই শুভ দিনটোতে সকলোৱে আদৰণি জনাইছে নতুন বছৰটোক। উজলাই তুলিছে চৌপাশ। কিন্তু যুদ্ধ বিধ্বস্ত  ইজৰাইল-পেলেষ্টাইনত নাছিল বৰদিনৰ উংসাহ-উদ্দীপনা, একেদৰে নাই নৱবৰ্ষৰো আনন্দ উল্লাস। গাজাত সংঘৰ্ষ ক্ৰমান্বয়ে ভয়াৱহ হৈ পৰিছে। যুদ্ধৰ ডাৱৰ গাঢ় হৈ আহিছে। যুদ্ধৰ বিভীষিকাই গ্ৰাস কৰা ইজৰাইলত এতিয়া চাইৰেণ বাজিলেই আতংকিত হৈ পৰে সৰ্বসাধাৰণ৷ সৃষ্টি হৈছে হাহাকাৰ পৰিবেশ৷ এফালে, বোমাবৰ্ষণৰ শব্দ, আনফালে হাস্পতালত ৰোগী আৰু আহতসকলৰ মৰণকাতৰ আৰ্তনাদ৷ ক্ষুদ্ৰ চহৰখনৰ চৌদিশে এতিয়া মাথো মৃত্যুৰ কিৰীলি৷ হাস্পতালে হাস্পতালে আহত লোকৰ ভিৰ৷ 

যুদ্ধৰ ভয়াৱহতাই ছানি ধৰিছে ইজৰাইল-পেলেষ্টাইনৰ আকাশ-বতাহ। হামাছৰ আক্ৰমণৰ পাছতে ইজৰাইলে ঘোষণা কৰা গাজাক মৃত্যু উপত্যকাত পৰিণত কৰিছে। ইতিমধ্যেই সহস্ৰাধিক নিৰীহ লোকে প্ৰাণ হেৰুৱাইছে এই যুদ্ধত। ইজৰাইল-হামাছৰ এই যুদ্ধই বিশ্বজুৰি সৃষ্টি কৰিছে উদ্বেগ-উৎকণ্ঠাৰ৷ যুদ্ধভূমিত শিশুহত্যা, নাৰী নিৰ্যাতনৰ ঘটনাই লজ্জিত কৰিছে আধুনিক সভ্যতাক৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রান্স, কানাডা, ব্রিটেইনৰ পাছত আমেৰিকাৰ মিত্ৰ দেশৰ সিদ্ধান্ত; পেলেষ্টাইনক স্বীকৃতি দিব অষ্ট্ৰেলিয়াই
ট্রাম্পে চীনৰ বিৰুদ্ধে শুল্ক আৰোপৰ সিদ্ধান্ত লোৱা নাই: উপ-ৰাষ্ট্ৰপতি ভেন্স
ৰাজ্যবাসীৰ বাবে সু-খবৰ, চিৰিয়াখানাত কেশৰীয়ে জন্ম দিলে ৪টা সিংহৰ পোৱালি
অসম-মেঘালয় সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি
ৰাহুল, খৰ্গেসহ ৩০০ সাংসদৰ নিৰ্বাচন আয়োগলৈ পদযাত্রাত বাধা
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ
জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ মৃত্যু
ভাৰতৰ পক্ষ লৈ ট্রাম্পক উভতি ধৰিলে মস্কোৱে