--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আশাহীন জীৱন। অন্ত পৰা নাই ধোঁৱা আৰু বাৰুদৰ কাহিনী৷ এতিয়াও যুদ্ধ উন্মাদনাত বিধ্বস্ত-বিপৰ্যস্ত ইজৰাইল-পেলেষ্টাইন৷ যুদ্ধৰ বিভীষিকাই ৰেহাই দিয়া নাই কাকো৷ গাজাত এতিয়া মৃত্যুৰ কিৰীলি৷ বতাহত উফৰি আহে  মৰণকাতৰ আৰ্তনাদ৷ কেতিয়া ক’ত বোমা ফুটে তাৰ কোনো নিশ্চয়তা নোহোৱা হৈ পৰিছে। 

শক্তিশালী সামৰিক বাহিনী, পাৰমাণৱিক অস্ত্ৰ ভাণ্ডাৰ আৰু বিশ্বৰ ভিতৰতে সুপ্ৰসিদ্ধ অত্যাধুনিক চোৰাংচোৱা সংস্থাৰে মধ্যপ্ৰাচ্যৰ অন্যতম শক্তিশালী দেশ হোৱাৰ পিছতো এতিয়া ইজৰাইলত বিৰাজ কৰিছে আতংকই। পেলেষ্টাইনী সন্ত্ৰাসবাদী সংগঠন হামাছৰ আকস্মিক আক্ৰমণত একপ্ৰকাৰ বিভীষিকা নামিছে ইজৰাইলত। মানৱতাৰ বধ্যভূমি গাজাত এতিয়া মৃতদেহৰ লানি দেখিবলৈ পোৱা গৈছে। মধ্যপ্ৰাচ্যৰ ৰাষ্ট্ৰখনত সংঘটিত হোৱা আক্ৰমণে আতংকিত কৰি তুলিছে বিশ্বৰ আন আন ৰাষ্ট্ৰসমূহকো।

আজি নৱবৰ্ষৰ প্ৰথমটো দিন। এই শুভ দিনটোতে সকলোৱে আদৰণি জনাইছে নতুন বছৰটোক। উজলাই তুলিছে চৌপাশ। কিন্তু যুদ্ধ বিধ্বস্ত  ইজৰাইল-পেলেষ্টাইনত নাছিল বৰদিনৰ উংসাহ-উদ্দীপনা, একেদৰে নাই নৱবৰ্ষৰো আনন্দ উল্লাস। গাজাত সংঘৰ্ষ ক্ৰমান্বয়ে ভয়াৱহ হৈ পৰিছে। যুদ্ধৰ ডাৱৰ গাঢ় হৈ আহিছে। যুদ্ধৰ বিভীষিকাই গ্ৰাস কৰা ইজৰাইলত এতিয়া চাইৰেণ বাজিলেই আতংকিত হৈ পৰে সৰ্বসাধাৰণ৷ সৃষ্টি হৈছে হাহাকাৰ পৰিবেশ৷ এফালে, বোমাবৰ্ষণৰ শব্দ, আনফালে হাস্পতালত ৰোগী আৰু আহতসকলৰ মৰণকাতৰ আৰ্তনাদ৷ ক্ষুদ্ৰ চহৰখনৰ চৌদিশে এতিয়া মাথো মৃত্যুৰ কিৰীলি৷ হাস্পতালে হাস্পতালে আহত লোকৰ ভিৰ৷ 

যুদ্ধৰ ভয়াৱহতাই ছানি ধৰিছে ইজৰাইল-পেলেষ্টাইনৰ আকাশ-বতাহ। হামাছৰ আক্ৰমণৰ পাছতে ইজৰাইলে ঘোষণা কৰা গাজাক মৃত্যু উপত্যকাত পৰিণত কৰিছে। ইতিমধ্যেই সহস্ৰাধিক নিৰীহ লোকে প্ৰাণ হেৰুৱাইছে এই যুদ্ধত। ইজৰাইল-হামাছৰ এই যুদ্ধই বিশ্বজুৰি সৃষ্টি কৰিছে উদ্বেগ-উৎকণ্ঠাৰ৷ যুদ্ধভূমিত শিশুহত্যা, নাৰী নিৰ্যাতনৰ ঘটনাই লজ্জিত কৰিছে আধুনিক সভ্যতাক৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ