--°C
Loading...
Listen to Article
2 min read
80%
সংগীত পৃথিৱীৰ সম্ৰাজ্ঞী লতা মংগেশকাৰে চিৰবিদায় মগাৰ আজি এবছৰ সম্পূৰ্ণ হ’ল। এবছৰীয়া মৃত্যু বাৰ্ষিকীত লতা মংগেশকাৰক বিশ্বৰ ভিন্ন কোণৰ পৰা সোঁৱৰণ কৰিছে সংগীতপ্ৰেমীয়ে। লতা মংগেশকাৰৰ মৃত্যুত অতিশয় বিচলিত হৈ পৰিছিল এগৰাকী কিংবদন্তি নায়ক। কাৰণ তেওঁ লতাজীক মাতৃজ্ঞান কৰিছিল। কোন আছিল তেওঁ? যিয়ে সদায় লতাজীক চিৰ নমস্য ব্যক্তিৰ শাৰীত আগস্থান দিছিল। 

তেওঁ আন কোনো নহয়, তেওঁ হৈছে কিংবদন্তি ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰ। এগৰাকী সংগীত জগতৰ একছত্ৰী সম্ৰাজ্ঞী আৰু আনগৰাকী ক্ৰিকেটৰ ভগৱান। দুয়োৰে মাজত এক নিবিড় সম্পৰ্ক...যেন কোনোবা যুগৰ মাতৃ-পুত্ৰ। সঁচাকৈয়ে মাতৃ-পুত্ৰৰ সম্পৰ্ক আজীৱন বৰ্তি আছিল দুয়োৰে মাজত। দুয়ো দুখন ক্ষেত্ৰৰ অপ্ৰতিৰোধ্য শক্তি। এই দুই মহান শক্তিৰ মাজত আছিল অযুত শ্ৰদ্ধা আৰু ভক্তি। লতা মংগেশকাৰ আৰু শচীন তেণ্ডুলকাৰ দুয়ো দুয়োৰ বাবে আছিল যেন জীৱনৰ শীতল ছায়া

কিংবদন্তি শিল্পী আৰু কিংবদন্তি ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰৰ মাজত থকা এই বিশেষ সম্পৰ্কক সকলোৱে সন্মানৰ দৃষ্টিৰে চাইছিল। দুয়োজনে ইজনে সিজনক মাতৃ-পুত্ৰ বুলি গণ্য কৰিছিল। কোনোবাই কাৰোবাক মাতৃ বুলি গণ্য কৰাটো বা কোনোবাই কাৰোবাক পুত্ৰ বুলি গণ্য কৰাটো সহজ নহয়... তাতোকৈ সহজ নহয় সেই সম্পৰ্ক আজীৱন ধৰি ৰখাটো, কিন্তু দুয়োৱে এই কঠিন কাম বৰ সুন্দৰকৈ বৰ্তাই ৰাখিছিল। শচীনে লতাজীক 'আই' বুলি মাতিছিল। অসমীয়াৰ দৰে মাৰাঠী ভাষাতো মাতৃক আই বুলি সম্বোধন কৰে। 

লতাজীয়ে কৈছিল ‘শচীনে যেতিয়া মোক প্ৰথমে আই বুলি মাতিছিল, মই বৰ অভিভূত হৈ পৰিছিলোঁ। তেওঁ মোক আই বুলি মতা দিনটো মই কেতিয়াও পাহৰিব নোৱাৰোঁ। শচীনে মোক নিজ মাতৃৰ দৰে ব্যৱহাৰ কৰে আৰু মই সদায় এগৰাকী মাতৃৰ দৰে তেওঁৰ বাবে প্ৰাৰ্থনা কৰোঁ। তেওঁ যে মোক কেতিয়াবা আই বুলি মাতিব সেই কথা মই কেতিয়াও কল্পনা কৰা নাছিলোঁ। মোৰ বাবে সেয়া এক সুখদায়ক আশ্চৰ্যকৰ কথা আছিল। তেওঁৰ দৰে পুত্ৰ এজন পাই মই নিজকে ধন্য বুলি অনুভৱ কৰোঁ।’

এয়াই যেন এখন বিশাল হৃদয়ৰ চানেকি। মাতৃৰ মমতাৰে 'সুৰৰ সৰস্বতী'য়ে সদায় উপচাই ৰাখিছিল 'ক্ৰিকেটৰ ভগৱান'ৰ হৃদয়। 

শচীন তেণ্ডুলকাৰক ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটা 'ভাৰত ৰত্ন' দিয়াৰ পোষকতা কৰিছিল লতা মংগেশকাৰে। ২০১০ চনতেই লতাজীয়ে কৈছিল, ‘মোৰ বাবে শচীন তেণ্ডুলকাৰ প্ৰকৃত ভাৰত ৰত্ন। তেওঁ দেশৰ বাবে যি কৰিছে সেয়া অতি কম সংখ্যক লোকেহে কৰিব পাৰে।তেওঁ এই সন্মানৰ যোগ্য। তেওঁ আমাক সকলোকে গৌৰৱান্বিত কৰি আহিছে।'

লতাজীয়ে সদায় ভাবিছিল যে তেওঁৰ পুত্ৰ শচীনৰ জীৱন ভাৰত ৰত্নৰ সন্মানেৰে মহীয়ান হওক। তাৰবাবে তেওঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনাও কৰিছিল। এগৰাকী মাতৃৰ আকুল আহ্বান যেন শুনিছিল ভগৱানে। ক্ৰীড়া ক্ষেত্ৰত ভাৰত ৰত্ন সন্মান আগবঢ়োৱা নহয় যদিও ২০১৪ চনত শচীন তেণ্ডুলকাৰলৈ ভাৰত চৰকাৰে আগবঢ়াইছিল ভাৰত ৰত্ন। এই খবৰ শুনিয়েই আনন্দত চকুলো টুকিছিল লতাজীয়ে। শচীনেও সেই খবৰ পায়েই লতা আইৰ চৰণ চুই সেৱা যাঁচিছিল, আশীৰ্বাদ বিচাৰিছিল। ২০০১ চনত ভাৰত ৰত্নৰ সন্মান লাভ কৰিছিল লতা মংগেশকাৰে। মাতৃ-পুত্ৰ দুয়োৰে জীৱন সমৃদ্ধ হৈছিল ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটা ভাৰত ৰত্নৰ সন্মানেৰে। সঁচাকৈয়ে ভাৰতৰ দুই অমূল্য ৰত্ন লতা আৰু শচীন।  

২০১৭ চনৰ শচীনৰ বায়’পিক ‘শচীন এ বিলিয়ন ড্ৰিমছ’ মুক্তি পোৱাৰ দিনা লতা মংগেশকাৰে টুইট কৰি শচীনক শুভেচ্ছা জনাইছিল, তাৰপাছত শচীনেও অতি ভদ্ৰভাৱে ধন্যবাদ জনাইছিল। এই টুইটে সেই সময়ত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। দুয়োটা টুইটে পুনৰ তুলি ধৰিছিল হৈছে তেওঁলোকৰ মাজত থকা সম্পৰ্কৰ মধুৰতা। লতাজীৰ প্ৰতি শচীনে ৰাজহুৱাভাৱে বহুবাৰ শ্ৰদ্ধা প্ৰকাশ কৰিছিল। 

লতা মংগেশকাৰে টুইট কৰি কৈছিল, ‘নমস্কাৰ শচীন তেণ্ডুলকাৰ। তুমি খেলপথাৰত কোবোৱা 'ছিক্স' আৰু 'ফ'ৰ'ৰ দৰেই এই ছবিখনেও প্ৰদৰ্শন কৰিব বুলি মই আশা কৰিছোঁ। মোৰ সেয়াই কামনা।' 

ইয়াৰ উত্তৰত শচীন তেণ্ডুলকাৰে কয়, ‘মাতৃৰ আশীৰ্বাদ অবিহনে 'ছিক্স-ফৰ' কেতিয়াও সম্ভৱ নহয়। আপুনি মোৰ বাবে নিজ মাতৃৰ দৰে। আপোনাৰ আশীৰ্বাদৰ বাবে বহুত বহুত ধন্যবাদ!'

তেণ্ডুলকাৰৰ মতে, লতা মংগেশকাৰৰ গানবোৰে তেওঁৰ মানসিক চাপ দূৰ কৰিছিল। লতাজীৰ গানে তেওঁক সদায় প্ৰাণৱন্ত কৰি ৰাখিছিল। শচীনে কৈছিল, ভগৱানে তেওঁক লতা জীৰ ৰূপত এক মহান উপহাৰ দিছে। শচীনে নিজেও লতাজীক কেইবাবাৰো কৈছিল 'আপুনি মোক ভগৱানে দিয়া আটাইতকৈ ডাঙৰ উপহাৰ।' 

লতা মংগেশকাৰে শচীনৰ বিষয়ে কৈছিল, ‘শচীন এজন নিখুঁত লোক আৰু তেওঁ কামৰ প্ৰতি অতি ইতিবাচক। ময়ো কামৰ প্ৰতি ইতিবাচক। আমি দুয়ো দুয়োৰে কামক বৰ ভালপাওঁ। শচীন সংগীতৰ প্ৰতি অতি আকৰ্ষিত আৰু মই ক্ৰিকেট বৰ ভালপাওঁ। তেওঁ এজন প্ৰকৃত ভদ্ৰলোক আৰু এজন ঈশ্বৰ বিশ্বাসী ব্যক্তি। যিকোনো কৃতিত্ব লাভৰ পাছত তেওঁ কেতিয়াও ভগৱান আৰু পিতৃক ধন্যবাদ দিবলৈ নাপাহৰে, যিটো কথাই মোৰ মন আপ্লুত কৰে।'

লতা মংগেশকাৰৰ মৃত্যুৰ বাতৰিত বিচলিত হৈ পৰিছিল শচীন তেণ্ডুলকাৰ। নিজৰ কোঠাত সোমাই বহু সময় কান্দিছিল শচীনে। এক বিশাল শূন্যতাই আৱৰি ধৰিছিল শচীনক। শচীন তেণ্ডুলকাৰে কৈছিল ‘মই নিজকে বহুত ভাগ্যৱান বুলি গণ্য কৰোঁ যে মই লতাজীৰ জীৱনৰ এক অংশ হৈছিলোঁ। তেওঁ মোক সদায় মৰম আৰু আশীৰ্বাদ দিছিল। যিবোৰ মোৰ বাবে বহুত সাহস আৰু প্ৰেৰণা আছিল। তেওঁৰ মৃত্যুৰ লগে লগে মোৰ জীৱনৰ এটা অংশ হেৰাই যোৱা যেন লাগিছে। সংগীতৰ জৰিয়তে লতাজী আমাৰ হৃদয়ত সদায় জীয়াই থাকিব।'

উল্লেখ্য যে শচীনৰ জন্মৰ তাৰিখ ২৪ এপ্ৰিল আৰু লতাজীৰ পিতৃ দীননাথ মংগেশকাৰৰ মৃত্যুৰ তাৰিখ ২৪ এপ্ৰিল। লতাজীয়ে কৈছিল ''তাৰিখ একেটাই। মোৰ জীৱনত প্ৰভাৱ বিস্তাৰ কৰা এগৰাকীৰ সেই দিনটো জন্মদিন আৰু এগৰাকীৰ মৃত্যুদিন। মোৰ পুত্ৰ আৰু পিতৃয়ে আগমন আৰু গমনৰ বাবে একেটা তাৰিখে বাচি লৈছিল।''

- কস্তুৰী বৰঠাকুৰ








FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
‘সংসদ চল’ সমদলত আৰক্ষীৰ কাৰ্যকলাপ সন্দৰ্ভত জৰুৰী শুনানি অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ
Advertisement