--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শিক্ষকতাৰ পবিত্ৰ বৃত্তিত কালিমা সানিলে এজন শিক্ষাগুৰুৱে৷উত্তৰ প্ৰদেশৰ এলাহাবাদ আৰক্ষীয়ে দেওবাৰে (৪ ফেব্ৰুৱাৰী) এলাহাবাদ বিশ্ববিদ্যালয়ৰ এগৰাকী ৩১ বছৰীয়া সহকাৰী অধ্যাপকৰ বিৰুদ্ধে এগৰাকী ২৩ বছৰীয়া ছাত্ৰীৰ অভিযোগৰ ভিত্তিত ধৰ্ষণ আৰু অপৰাধমূলক ভয় দেখুৱাই এফআইআৰ ৰুজু কৰে।

ছাত্ৰীগৰাকীয়ে অভিযোগ কৰে যে সহকাৰী অধ্যাপকগৰাকীয়ে যোৱা এবছৰ ধৰি ছোৱালীগৰাকীক হাৰাশাস্তি কৰি আহিছিল।

ইয়াৰ পূৰ্বেও এই সন্দৰ্ভত বিশ্ববিদ্যালয় কৰ্তৃপক্ষক অভিযোগ দাখিল কৰিছিল যদিও এতিয়ালৈকে অভিযুক্তৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। সহকাৰী আৰক্ষী আয়ুক্ত ৰাজীৱ কুমাৰ যাদৱে কয় যে ছাত্ৰীগৰাকীৰ চিকিৎসা পৰীক্ষা চলি আছে আৰু বিষয়টোৰ তদন্ত চলি আছে।ইণ্ডিয়ান এক্সপ্ৰেছৰ প্ৰতিবেদন অনুসৰি এলাহাবাদ বিশ্ববিদ্যালয় ছাত্ৰ সন্থাই এই ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত আৰু সহকাৰী অধ্যাপকগৰাকীক নিলম্বন কৰাৰ দাবী জনাইছে।

আৰক্ষীৰ মতে, ছাত্ৰীগৰাকীয়ে দাবী কৰে যে সহকাৰী অধ্যাপকগৰাকীয়ে যোৱা বছৰ ছোৱালীগৰাকীক প্ৰেমৰ প্ৰস্তাৱ দিছিল আৰু ছাত্ৰীগৰাকীয়ে প্ৰস্তাৱ নাকচ কৰিছিল৷তাৰ পৰৱৰ্তী সময়ত অধ্যাপকজনে মোবাইল ফোনত অবিৰতভাৱে ফোন আৰু মেছেজ প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছিল।অধ্যাপকজনৰ নম্বৰ ব্লক হোৱাৰ পাছত অভিযুক্তই বিভিন্ন ফোন নম্বৰ ব্যৱহাৰ কৰি ছাত্ৰীগৰাকীৰ সৈতে যোগাযোগ কৰে। ছাত্ৰীগৰাকীয়ে অভিযোগ কৰে যে সহকাৰী অধ্যাপকগৰাকীয়েও তেওঁক কেন্সাৰ ৰোগত আক্ৰান্ত বুলি মিছাকৈ দাবী কৰি আৱেগিকভাৱে ব্লেকমেইল কৰিবলৈ চেষ্টা কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু