--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শিক্ষকতাৰ পবিত্ৰ বৃত্তিত কালিমা সানিলে এজন শিক্ষাগুৰুৱে৷উত্তৰ প্ৰদেশৰ এলাহাবাদ আৰক্ষীয়ে দেওবাৰে (৪ ফেব্ৰুৱাৰী) এলাহাবাদ বিশ্ববিদ্যালয়ৰ এগৰাকী ৩১ বছৰীয়া সহকাৰী অধ্যাপকৰ বিৰুদ্ধে এগৰাকী ২৩ বছৰীয়া ছাত্ৰীৰ অভিযোগৰ ভিত্তিত ধৰ্ষণ আৰু অপৰাধমূলক ভয় দেখুৱাই এফআইআৰ ৰুজু কৰে।

ছাত্ৰীগৰাকীয়ে অভিযোগ কৰে যে সহকাৰী অধ্যাপকগৰাকীয়ে যোৱা এবছৰ ধৰি ছোৱালীগৰাকীক হাৰাশাস্তি কৰি আহিছিল।

ইয়াৰ পূৰ্বেও এই সন্দৰ্ভত বিশ্ববিদ্যালয় কৰ্তৃপক্ষক অভিযোগ দাখিল কৰিছিল যদিও এতিয়ালৈকে অভিযুক্তৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। সহকাৰী আৰক্ষী আয়ুক্ত ৰাজীৱ কুমাৰ যাদৱে কয় যে ছাত্ৰীগৰাকীৰ চিকিৎসা পৰীক্ষা চলি আছে আৰু বিষয়টোৰ তদন্ত চলি আছে।ইণ্ডিয়ান এক্সপ্ৰেছৰ প্ৰতিবেদন অনুসৰি এলাহাবাদ বিশ্ববিদ্যালয় ছাত্ৰ সন্থাই এই ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত আৰু সহকাৰী অধ্যাপকগৰাকীক নিলম্বন কৰাৰ দাবী জনাইছে।

আৰক্ষীৰ মতে, ছাত্ৰীগৰাকীয়ে দাবী কৰে যে সহকাৰী অধ্যাপকগৰাকীয়ে যোৱা বছৰ ছোৱালীগৰাকীক প্ৰেমৰ প্ৰস্তাৱ দিছিল আৰু ছাত্ৰীগৰাকীয়ে প্ৰস্তাৱ নাকচ কৰিছিল৷তাৰ পৰৱৰ্তী সময়ত অধ্যাপকজনে মোবাইল ফোনত অবিৰতভাৱে ফোন আৰু মেছেজ প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছিল।অধ্যাপকজনৰ নম্বৰ ব্লক হোৱাৰ পাছত অভিযুক্তই বিভিন্ন ফোন নম্বৰ ব্যৱহাৰ কৰি ছাত্ৰীগৰাকীৰ সৈতে যোগাযোগ কৰে। ছাত্ৰীগৰাকীয়ে অভিযোগ কৰে যে সহকাৰী অধ্যাপকগৰাকীয়েও তেওঁক কেন্সাৰ ৰোগত আক্ৰান্ত বুলি মিছাকৈ দাবী কৰি আৱেগিকভাৱে ব্লেকমেইল কৰিবলৈ চেষ্টা কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক