--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানৰ পৰা ভাৰতলৈ প্ৰেমিকক লগ কৰিবলৈ অহা সীমা হায়দৰৰ প্ৰসংগ এতিয়াও দেশত চৰ্চাৰ বিষয় হৈ আছে। এনে সময়তে এইবাৰ দ্বীপৰাষ্ট্ৰ শ্ৰীলংকাৰ পৰা এগৰাকী যুৱতীয়ে  ভাৰতত থকা তেওঁৰ প্ৰেমিকক লগ কৰিবলৈ অহাৰ কথাই আলোড়ণৰ সৃষ্টি কৰিছে। ভাৰতৰ চুবুৰীয়া দেশখনৰ  যুৱতীগৰাকীয়ে  তেওঁৰ ভাৰতীয়  প্ৰেমিকৰ সহায়তে আন্তৰ্জাতিক সীমা অতিক্ৰম কৰি ভাৰতলৈ আহিবলৈ সক্ষম হৈছে। 

শ্ৰীলংকাৰ বাসিন্দা যুৱতীগৰাকীৰ নাম বিকনেশ্বৰী শিৱকুমাৰ বুলি জানিব পৰা গৈছে। তেওঁ প্ৰেমিকক লগ কৰিবলৈ ৪ জুলাইতে ভাৰতত প্ৰৱেশ কৰিছিল। কেৱল সেয়াই নহয় বিকনেশ্বৰীয়ে ভাৰতত প্ৰৱেশ কৰাৰ পিছত তেওঁৰ প্ৰেমিক লক্ষ্মণৰ সৈতে বিবাহপাশতো আবদ্ধ হৈছে। এই সমগ্ৰ ঘটনা এতিয়াহে পোহৰলৈ আহিছে।  ২৮ বছৰীয়া লক্ষ্মণ অন্ধ্ৰ প্ৰদেশৰ ভেংকটাগিৰিকোটা চহৰৰ বাসিন্দা। 

২০১৭  চনত তেওঁ ফেচবুকত ২৫  বছৰীয়া বিকনেশ্বৰীৰ সৈতে বন্ধুত্ব স্থাপন কৰে। অতি সোনকালেই সেই বন্ধুত্ব প্ৰেমত পৰিণত হয় । অৱশেষত বিকনেশ্বৰীয়ে  ভাৰতলৈ অহাৰ সিদ্ধান্ত লয়।  যুৱতীগৰাকীয়ে  লক্ষ্মণৰ পৰিয়ালৰ উপস্থিতিত ২০ জুলাইত এটা মন্দিৰত বিবাহপাশত আৱদ্ধ হয়।অৱশ্যে  পাকিস্তানী মহিলা সীমা হায়দৰৰ দৰে বিকনেশ্বৰীয়ে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা নাই । তেওঁ পৰ্যটক ভিছালৈ ভাৰতলৈ আহিছে।

 তেওঁৰ ভিছাৰ ম্যাদ ৬ আগষ্টত শেষ হ'ব। তাৰ পিছত  তেওঁ নিজৰ দেশলৈ ঘূৰি যাব লাগিব। চিতোৰ জিলা আৰক্ষীয়ে ইতিমধ্যে বিকনেশ্বৰীলৈ এখন জাননী প্ৰেৰণ কৰিছে। বিকনেশ্বৰীয়ে চৰকাৰক ভাৰতৰ নাগৰিকত্ব প্ৰদান কৰিবলৈ  আহ্বান জনাইছে। আৰক্ষীয়ে ভৱিষ্যতে হ’ব পৰা  সাম্ভাব্য জটিলতা পৰিহাৰ কৰিবলৈ নৱদম্পতিসকলক আইনীভাৱে বিবাহ কৰিবলৈ পৰামৰ্শ দিছে।

ভিকনেশ্বৰী আৰু সীমাৰ উপৰি  পোলেণ্ডৰ বাসিন্দা বাৰবাৰা পোলাকে অলপতে ভাৰতলৈ আহি ভাৰতীয় প্ৰেমিক শাদাব মালিকৰ সৈতে  ঝাৰখণ্ডৰ হাজৰিবাগত থাকিবলৈ লৈছে। তেওঁ তেওঁৰ ছবছৰীয়া কন্যাকো লগত লৈ আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ