--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানৰ পৰা ভাৰতলৈ প্ৰেমিকক লগ কৰিবলৈ অহা সীমা হায়দৰৰ প্ৰসংগ এতিয়াও দেশত চৰ্চাৰ বিষয় হৈ আছে। এনে সময়তে এইবাৰ দ্বীপৰাষ্ট্ৰ শ্ৰীলংকাৰ পৰা এগৰাকী যুৱতীয়ে  ভাৰতত থকা তেওঁৰ প্ৰেমিকক লগ কৰিবলৈ অহাৰ কথাই আলোড়ণৰ সৃষ্টি কৰিছে। ভাৰতৰ চুবুৰীয়া দেশখনৰ  যুৱতীগৰাকীয়ে  তেওঁৰ ভাৰতীয়  প্ৰেমিকৰ সহায়তে আন্তৰ্জাতিক সীমা অতিক্ৰম কৰি ভাৰতলৈ আহিবলৈ সক্ষম হৈছে। 

শ্ৰীলংকাৰ বাসিন্দা যুৱতীগৰাকীৰ নাম বিকনেশ্বৰী শিৱকুমাৰ বুলি জানিব পৰা গৈছে। তেওঁ প্ৰেমিকক লগ কৰিবলৈ ৪ জুলাইতে ভাৰতত প্ৰৱেশ কৰিছিল। কেৱল সেয়াই নহয় বিকনেশ্বৰীয়ে ভাৰতত প্ৰৱেশ কৰাৰ পিছত তেওঁৰ প্ৰেমিক লক্ষ্মণৰ সৈতে বিবাহপাশতো আবদ্ধ হৈছে। এই সমগ্ৰ ঘটনা এতিয়াহে পোহৰলৈ আহিছে।  ২৮ বছৰীয়া লক্ষ্মণ অন্ধ্ৰ প্ৰদেশৰ ভেংকটাগিৰিকোটা চহৰৰ বাসিন্দা। 

২০১৭  চনত তেওঁ ফেচবুকত ২৫  বছৰীয়া বিকনেশ্বৰীৰ সৈতে বন্ধুত্ব স্থাপন কৰে। অতি সোনকালেই সেই বন্ধুত্ব প্ৰেমত পৰিণত হয় । অৱশেষত বিকনেশ্বৰীয়ে  ভাৰতলৈ অহাৰ সিদ্ধান্ত লয়।  যুৱতীগৰাকীয়ে  লক্ষ্মণৰ পৰিয়ালৰ উপস্থিতিত ২০ জুলাইত এটা মন্দিৰত বিবাহপাশত আৱদ্ধ হয়।অৱশ্যে  পাকিস্তানী মহিলা সীমা হায়দৰৰ দৰে বিকনেশ্বৰীয়ে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা নাই । তেওঁ পৰ্যটক ভিছালৈ ভাৰতলৈ আহিছে।

 তেওঁৰ ভিছাৰ ম্যাদ ৬ আগষ্টত শেষ হ'ব। তাৰ পিছত  তেওঁ নিজৰ দেশলৈ ঘূৰি যাব লাগিব। চিতোৰ জিলা আৰক্ষীয়ে ইতিমধ্যে বিকনেশ্বৰীলৈ এখন জাননী প্ৰেৰণ কৰিছে। বিকনেশ্বৰীয়ে চৰকাৰক ভাৰতৰ নাগৰিকত্ব প্ৰদান কৰিবলৈ  আহ্বান জনাইছে। আৰক্ষীয়ে ভৱিষ্যতে হ’ব পৰা  সাম্ভাব্য জটিলতা পৰিহাৰ কৰিবলৈ নৱদম্পতিসকলক আইনীভাৱে বিবাহ কৰিবলৈ পৰামৰ্শ দিছে।

ভিকনেশ্বৰী আৰু সীমাৰ উপৰি  পোলেণ্ডৰ বাসিন্দা বাৰবাৰা পোলাকে অলপতে ভাৰতলৈ আহি ভাৰতীয় প্ৰেমিক শাদাব মালিকৰ সৈতে  ঝাৰখণ্ডৰ হাজৰিবাগত থাকিবলৈ লৈছে। তেওঁ তেওঁৰ ছবছৰীয়া কন্যাকো লগত লৈ আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু