--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ধৰ্ষণৰ গোচৰত নাম সাঙোৰ খাই পৰাৰ পিছতে বিপদৰ মুখলৈ গতি কৰিছে সম্ভাৱনাপূৰ্ণ স্পীন তাৰকা তথা নেপাল ক্ৰিকেট দলৰ অধিনায়ক সন্দীপ লামিচানে। শেহতীয়াকৈ তাৰকাগৰাকীৰ বিৰুদ্ধে উত্থাপিত ধৰ্ষণৰ অভিযোগত নেপালৰ এখন আদালতে আজি  লামিচানেৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পাৰোৱানা জাৰি কৰিছে।  উল্লেখ্য যে কেইদিনমান পূৰ্বে এগৰাকী ১৭ বছৰীয়া কিশোৰীয়ে লামিচানেৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিছিল। তাৰ পাছতেই বিতৰ্কৰ মাজত সোমাই পৰিছিল তাৰকাগৰাকী।

অভিযোগ সন্মুখলৈ অনা  ১৭ বছৰীয়া কিশোৰী গৰাকীৰ ভাষ্যৰ আধাৰত তেওঁৰ অভিভাৱকে লামিচানেই  যোৱা মাহত কাঠমাণ্ডুৰ এখন হোটেলৰ কোঠাত কিশোৰীগৰাকীক ধৰ্ষণ কৰিছিল বুলি দাবী কৰিছে। এই বিস্ফোৰক অভিযোগ উত্থাপনৰ পিছতে নেপাল আৰক্ষীয়ে লামিচানেৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছিল। 

কাঠমাণ্ডু জিলা আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াই জানিবলৈ দিয়া মতে জিলা আদালতে সন্দীপ লামিচানেৰ বিৰুদ্ধে উপযুক্ত তদন্তৰ বাবে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে। তদুপৰি লামিচানে যদি দেশৰ বাহিৰতো থাকে তেতিয়া আৰক্ষীয়ে তেওঁৰ গ্ৰেপ্তাৰৰ বাবে বিদেশত ইণ্টাৰপোলৰ সহায় বিচাৰিব পাৰে বুলি কাঠমাণ্ডু আৰক্ষীয়ে বুধবাৰে স্পষ্ট কৰি দিছিল।

বৰ্তমান বিশ্বৰ সকলো প্ৰধান টি-২০ লীগত অংশগ্ৰহণৰ সুযোগ লাভ কৰা লামিচানে ২০১৮ বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ জৰিয়তে প্ৰথম চৰ্চালৈ আহিছিল। সেইবৰ্ষত দিল্লী কেপিটেলছ ফ্ৰেঞ্চাইজীয়ে লামিচানেক চুক্তিবদ্ধ কৰিছিল। তাৰ পাছতে লামিচানেই আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত এগৰাকী তাৰকা হিচাপে খ্যাতি লাভ কৰে। 
সম্প্ৰতি নেপাল ক্ৰিকেটৰ পোষ্টাৰ বয় হৈ পৰা লামিচানেক যোৱা বছৰ নেপালৰ ৰাষ্ট্ৰীয় দলৰ অধিনায়ক হিচাপে মনোনীত কৰা হৈছিল। লামিচানে বৰ্তমান ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত হৈ থকা কেৰিবিয়ান প্ৰিমিয়াৰ লীগত ব্যস্ত আছে। আজি গ্ৰেপ্তাৰী পাৰোৱানা জাৰি হোৱাৰ পিছত লামিচানে শীঘ্ৰেই দেশত উপস্থিত হোৱাৰ  সম্ভাৱনা আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু