--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ধৰ্ষণৰ গোচৰত নাম সাঙোৰ খাই পৰাৰ পিছতে বিপদৰ মুখলৈ গতি কৰিছে সম্ভাৱনাপূৰ্ণ স্পীন তাৰকা তথা নেপাল ক্ৰিকেট দলৰ অধিনায়ক সন্দীপ লামিচানে। শেহতীয়াকৈ তাৰকাগৰাকীৰ বিৰুদ্ধে উত্থাপিত ধৰ্ষণৰ অভিযোগত নেপালৰ এখন আদালতে আজি  লামিচানেৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পাৰোৱানা জাৰি কৰিছে।  উল্লেখ্য যে কেইদিনমান পূৰ্বে এগৰাকী ১৭ বছৰীয়া কিশোৰীয়ে লামিচানেৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিছিল। তাৰ পাছতেই বিতৰ্কৰ মাজত সোমাই পৰিছিল তাৰকাগৰাকী।

অভিযোগ সন্মুখলৈ অনা  ১৭ বছৰীয়া কিশোৰী গৰাকীৰ ভাষ্যৰ আধাৰত তেওঁৰ অভিভাৱকে লামিচানেই  যোৱা মাহত কাঠমাণ্ডুৰ এখন হোটেলৰ কোঠাত কিশোৰীগৰাকীক ধৰ্ষণ কৰিছিল বুলি দাবী কৰিছে। এই বিস্ফোৰক অভিযোগ উত্থাপনৰ পিছতে নেপাল আৰক্ষীয়ে লামিচানেৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছিল। 

কাঠমাণ্ডু জিলা আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াই জানিবলৈ দিয়া মতে জিলা আদালতে সন্দীপ লামিচানেৰ বিৰুদ্ধে উপযুক্ত তদন্তৰ বাবে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে। তদুপৰি লামিচানে যদি দেশৰ বাহিৰতো থাকে তেতিয়া আৰক্ষীয়ে তেওঁৰ গ্ৰেপ্তাৰৰ বাবে বিদেশত ইণ্টাৰপোলৰ সহায় বিচাৰিব পাৰে বুলি কাঠমাণ্ডু আৰক্ষীয়ে বুধবাৰে স্পষ্ট কৰি দিছিল।

বৰ্তমান বিশ্বৰ সকলো প্ৰধান টি-২০ লীগত অংশগ্ৰহণৰ সুযোগ লাভ কৰা লামিচানে ২০১৮ বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ জৰিয়তে প্ৰথম চৰ্চালৈ আহিছিল। সেইবৰ্ষত দিল্লী কেপিটেলছ ফ্ৰেঞ্চাইজীয়ে লামিচানেক চুক্তিবদ্ধ কৰিছিল। তাৰ পাছতে লামিচানেই আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত এগৰাকী তাৰকা হিচাপে খ্যাতি লাভ কৰে। 
সম্প্ৰতি নেপাল ক্ৰিকেটৰ পোষ্টাৰ বয় হৈ পৰা লামিচানেক যোৱা বছৰ নেপালৰ ৰাষ্ট্ৰীয় দলৰ অধিনায়ক হিচাপে মনোনীত কৰা হৈছিল। লামিচানে বৰ্তমান ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত হৈ থকা কেৰিবিয়ান প্ৰিমিয়াৰ লীগত ব্যস্ত আছে। আজি গ্ৰেপ্তাৰী পাৰোৱানা জাৰি হোৱাৰ পিছত লামিচানে শীঘ্ৰেই দেশত উপস্থিত হোৱাৰ  সম্ভাৱনা আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী