--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ১০২০ টা দিন! ৮৪ খন আন্ত:ৰাষ্ট্ৰীয় মেচ! প্ৰায় তিনিবছৰ সময়! অসীম ধৈৰ্য্যৰে এটা মাত্ৰ শতকৰ বাবে অপেক্ষা কৰিছে বিশ্বৰ কোটি কোটি ক্ৰিকেট অনুৰাগীয়ে। কেৱল অনুৰাগীয়েই নে! প্ৰাক্তনেই হওক বা বৰ্তমানো খেলি থকা তাৰকা-মহাতাৰকাই হওক, সকলোৱেই বাট চাইছে এটা মাত্ৰ শতকলৈ। এই দীৰ্ঘসময় ধৰি ৰান মেচিনৰ বেটৰ পৰা অহা নাই এটা শতকীয় ইনিংছ! গতিকে এই অপেক্ষা স্বাভাৱিকতেই বাঞ্চনীয়। অৱশেষ সকলোৰে এই অসীম অপেক্ষাৰ অৱসান ঘটাই, সমালোচকৰ মুখ বন্ধ কৰি আজি স্বমহিমাৰে উজলি উঠিল ‘দ্য আনষ্টপেবল ৰান মেচিন’ ‘কিং’ কোহলী। তিনিবছৰীয়া ব্যৰ্থতাৰ অৱসান ঘটাই আজি ডুবাইত চলি থকা এছিয়া কাপৰ চুপাৰ ৪ ৰাউণ্ডৰ মেচত আফগানিস্তানৰ বিপক্ষে দুৰন্ত শতকেৰে পুনৰ উজলি উঠিল মহাতাৰকা বিৰাট।

উল্লেখ্য যে ২০১৯ চনৰ ২২ নৱেম্বৰত কলকাতাৰ ইডেন গাৰ্ডেনত বাংলাদেশৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ দ্বিতীয়খন টেষ্টত কোহলীয়ে সংগ্ৰহ কৰিছিল অন্তিমটো শতক। সেয়া আছিল কোহলীৰ কেৰিয়াৰৰ ৭০ সংখ্যক আন্ত:ৰাষ্ট্ৰীয় শতক।  তাৰ পাছৰ পৰাই কোহলী বেটৰ পৰা আন এটা আন্ত:ৰাষ্ট্ৰীয় শতক উপহাৰৰ বাবে প্ৰায় তিনিটা বছৰ  অপেক্ষা কৰিবলগা হ’ল ক্ৰিকেটপ্ৰেমীসকলে। 

আজি নিয়মীয়া অপেনাৰ তথা দলৰ অধিনায়ক ৰোহিত শৰ্মাৰ অনুপস্থিতিত দলৰ ইনিংছ মুকলি কৰা কোহলীয়ে আৰম্ভণিৰ পৰাই দমনীয় প্ৰদৰ্শন দাঙি ধৰে। আফগান বলিং শক্তিক নিৰ্দয় প্ৰহাৰেৰে থৰকাছুটি হেৰুৱাই পেলোৱা কোহলীয়ে আন্ত:ৰাষ্ট্ৰীয় টি-২০ কেৰিয়াৰত প্ৰথমটো শতক অৰ্জন কৰে। মাত্ৰ ৬১ টা বলত ১২ টা চাৰি আৰু ৬ টা ছয়েৰে ১২২ ৰানৰ এক বিস্ফোৰক ইনিংছ খেলি অপৰাজিত হয় তাৰকাগৰাকী। 
এই  শতকৰ সৈতে নিজৰ আন্ত:ৰাষ্ট্ৰীয় কেৰিয়াৰত ৭১ সংখ্যক শতক সম্পূৰ্ণ কৰি কোহলীয়ে ক্ৰিকেট ইতিহাসত সৰ্বাধিক শতক অৰ্জনকাৰী খেলুৱৈ হিচাপে ৰিকী পণ্টিঙক স্পৰ্শ কৰে আৰু ক্ৰিকেটৰ ভগৱান খ্যাত শচীন তেণ্ডুলকাৰৰ পিছতেই তালিকাত দ্বিতীয় স্থান লাভ কৰে। লগতে ইনিংছটোৰে টি-২০ কেৰিয়াৰত ৩,৫০০ ৰানো সম্পূৰ্ণ কৰে কোহলীয়ে। কোহলীৰ পূৰ্বে দলীয় সতীৰ্থ ৰোহিত শৰ্মাই শেহতীয়াকৈ চলিত এছিয়া কাপতে এই কৃতিত্ব অৰ্জন কৰিছিল।

উল্লেখ্য যে কোহলীৰ এই দুৰ্দান্ত ইনিংছৰ লগতে ভাৰপ্ৰাপ্ত অধিনায়ক ৰাহুলৰ ৬২ ৰানৰ সহায়ত ২১২ ৰানৰ বিশাল স্ক’ৰ থিয় কৰায়। আনহাতে ২১৩ ৰানৰ লক্ষ্য অনুসৰণ কৰি আফগানিস্তানে ভাৰতীয় পেচাৰৰ ভুৱনেশ্বৰ কুমাৰৰ ঘাতক বলিঙৰ সমুখত তিষ্ঠিব নোৱাৰি মাত্ৰ ১১১ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ভুৱনেশ্বৰে চাৰি অভাৰৰ স্পেলত এক অভাৰ মেইডেন দি মাত্ৰ চাৰি ৰান খৰচ কৰি পাঁচটা উইকেট দখল কৰে। 

আনহাতে আফগানিস্তানৰ হৈ ইব্ৰাহিম জৰ্দানে অকলেই যুঁজ কৰি ৬৪ ৰানত অপৰাজিত থাকে। অৱশ্যে জয়ী হ’লেও ভাৰতে ইতিপূৰ্বেই এছিয়া কাপৰ পৰা বিদায়ৰ মুখ দেখিছিল। সেয়েহে আজিৰ মেচত জয় ভাৰতৰ বাবে কেৱল সান্তনাৰ জয় হিচাপেহে বিবেচিত হৈছে। তৎসত্বেও মেচখনত কোহলী নিজৰ স্বভাৱসিদ্ধ ফৰ্মলৈ উভটি অহাটো ভাৰতৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ। কিয়নো অহা মাহৰ পৰা অষ্ট্ৰেলিয়াত টি-২০ বিশ্বকাপ অনুষ্ঠিত হ’ব আৰু দলৰ মূল বেটিং ভৰসা কোহলীৰ ফৰ্মে ভাৰতৰ শক্তি এতিয়া বৃদ্ধি কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী