--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ১০২০ টা দিন! ৮৪ খন আন্ত:ৰাষ্ট্ৰীয় মেচ! প্ৰায় তিনিবছৰ সময়! অসীম ধৈৰ্য্যৰে এটা মাত্ৰ শতকৰ বাবে অপেক্ষা কৰিছে বিশ্বৰ কোটি কোটি ক্ৰিকেট অনুৰাগীয়ে। কেৱল অনুৰাগীয়েই নে! প্ৰাক্তনেই হওক বা বৰ্তমানো খেলি থকা তাৰকা-মহাতাৰকাই হওক, সকলোৱেই বাট চাইছে এটা মাত্ৰ শতকলৈ। এই দীৰ্ঘসময় ধৰি ৰান মেচিনৰ বেটৰ পৰা অহা নাই এটা শতকীয় ইনিংছ! গতিকে এই অপেক্ষা স্বাভাৱিকতেই বাঞ্চনীয়। অৱশেষত সকলোৰে এই অসীম অপেক্ষাৰ অৱসান ঘটাই, সমালোচকৰ মুখ বন্ধ কৰি আজি স্বমহিমাৰে উজলি উঠিল ‘দ্য আনষ্টপেবল ৰান মেচিন’ ‘কিং’ কোহলী। তিনিবছৰীয়া ব্যৰ্থতাৰ অৱসান ঘটাই আজি ডুবাইত চলি থকা এছিয়া কাপৰ চুপাৰ ৪ ৰাউণ্ডৰ মেচত আফগানিস্তানৰ বিপক্ষে দুৰন্ত শতকেৰে পুনৰ উজলি উঠিল মহাতাৰকা বিৰাট।

উল্লেখ্য যে ২০১৯ চনৰ ২২ নৱেম্বৰত কলকাতাৰ ইডেন গাৰ্ডেনত বাংলাদেশৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ দ্বিতীয়খন টেষ্টত কোহলীয়ে সংগ্ৰহ কৰিছিল অন্তিমটো শতক। সেয়া আছিল কোহলীৰ কেৰিয়াৰৰ ৭০ সংখ্যক আন্ত:ৰাষ্ট্ৰীয় শতক।  তাৰ পাছৰ পৰাই কোহলী বেটৰ পৰা আন এটা আন্ত:ৰাষ্ট্ৰীয় শতক উপহাৰৰ বাবে প্ৰায় তিনিটা বছৰ  অপেক্ষা কৰিবলগা হ’ল ক্ৰিকেটপ্ৰেমীসকলে। 

আজি নিয়মীয়া অপেনাৰ তথা দলৰ অধিনায়ক ৰোহিত শৰ্মাৰ অনুপস্থিতিত দলৰ ইনিংছ মুকলি কৰা কোহলীয়ে আৰম্ভণিৰ পৰাই দমনীয় প্ৰদৰ্শন দাঙি ধৰে। আফগান বলিং শক্তিক নিৰ্দয় প্ৰহাৰেৰে থৰকাছুটি হেৰুৱাই পেলোৱা কোহলীয়ে আন্ত:ৰাষ্ট্ৰীয় টি-২০ কেৰিয়াৰত প্ৰথমটো শতক অৰ্জন কৰে। মাত্ৰ ৬১ টা বলত ১২ টা চাৰি আৰু ৬ টা ছয়েৰে ১২২ ৰানৰ এক বিস্ফোৰক ইনিংছ খেলি অপৰাজিত হয় তাৰকাগৰাকী। 
এই  শতকৰ সৈতে নিজৰ আন্ত:ৰাষ্ট্ৰীয় কেৰিয়াৰত ৭১ সংখ্যক শতক সম্পূৰ্ণ কৰি কোহলীয়ে ক্ৰিকেট ইতিহাসত সৰ্বাধিক শতক অৰ্জনকাৰী খেলুৱৈ হিচাপে ৰিকী পণ্টিঙক স্পৰ্শ কৰে আৰু ক্ৰিকেটৰ ভগৱান খ্যাত শচীন তেণ্ডুলকাৰৰ পিছতেই তালিকাত দ্বিতীয় স্থান লাভ কৰে। লগতে ইনিংছটোৰে টি-২০ কেৰিয়াৰত ৩,৫০০ ৰানো সম্পূৰ্ণ কৰে কোহলীয়ে। কোহলীৰ পূৰ্বে দলীয় সতীৰ্থ ৰোহিত শৰ্মাই শেহতীয়াকৈ চলিত এছিয়া কাপতে এই কৃতিত্ব অৰ্জন কৰিছিল।

উল্লেখ্য যে কোহলীৰ এই দুৰ্দান্ত ইনিংছৰ লগতে ভাৰপ্ৰাপ্ত অধিনায়ক ৰাহুলৰ ৬২ ৰানৰ সহায়ত ২১২ ৰানৰ বিশাল স্ক’ৰ থিয় কৰায়। আনহাতে ২১৩ ৰানৰ লক্ষ্য অনুসৰণ কৰি আফগানিস্তানে ভাৰতীয় পেচাৰৰ ভুৱনেশ্বৰ কুমাৰৰ ঘাতক বলিঙৰ সমুখত তিষ্ঠিব নোৱাৰি মাত্ৰ ১১১ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ভুৱনেশ্বৰে চাৰি অভাৰৰ স্পেলত এক অভাৰ মেইডেন দি মাত্ৰ চাৰি ৰান খৰচ কৰি পাঁচটা উইকেট দখল কৰে। 

আনহাতে আফগানিস্তানৰ হৈ ইব্ৰাহিম জৰ্দানে অকলেই যুঁজ কৰি ৬৪ ৰানত অপৰাজিত থাকে। অৱশ্যে জয়ী হ’লেও ভাৰতে ইতিপূৰ্বেই এছিয়া কাপৰ পৰা বিদায়ৰ মুখ দেখিছিল। সেয়েহে আজিৰ মেচত জয় ভাৰতৰ বাবে কেৱল সান্তনাৰ জয় হিচাপেহে বিবেচিত হৈছে। তৎসত্বেও মেচখনত কোহলী নিজৰ স্বভাৱসিদ্ধ ফৰ্মলৈ উভটি অহাটো ভাৰতৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ। কিয়নো অহা মাহৰ পৰা অষ্ট্ৰেলিয়াত টি-২০ বিশ্বকাপ অনুষ্ঠিত হ’ব আৰু দলৰ মূল বেটিং ভৰসা কোহলীৰ ফৰ্মে ভাৰতৰ শক্তি এতিয়া বৃদ্ধি কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু