--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে এগৰাকী নাবালিকা কন্যাক ধৰ্ষণ কৰি ছ’চিয়েল মিডিয়াত আপত্তিজনক ছবি পোষ্ট কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় এগৰাকী ভোজপুৰী গায়ক। অভিযুক্তজন বিহাৰৰ বাসিন্দা অভিষেক ভোজপুৰী গায়ক "বাবুল বিহাৰী" নামেৰেও পৰিচিত। তেওঁৰ ইউটিউব চেনেলত ২৭ হাজাৰৰো অধিক অনুগামী আছে।

আৰক্ষীৰ মতে, দুবছৰ পূৰ্বে ৰাজীৱ নগৰ অঞ্চলত বাস কৰি থকা ১৩ বছৰীয়া শিশুক প্ৰলোভিত কৰিছিল অভিযুক্তই। বন্ধুত্ব কৰাৰ পিছত হোটেলৰ কোঠা এটালৈ কিশোৰীগৰাকীক লৈ যায়, তাতে ধৰ্ষণ কৰি ফটো তুলিছিল আৰু ফটোসমূহ সামাজিক মাধ্যমত৷আপলোড কৰিছিল৷

ঘটনাৰ পিছত নাবালিকাগৰাকীয়ে অভিযুক্তৰ পৰা আঁতৰি আহি কাকো এই কথা নকয়। আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জনোৱা মতে, অভিযুক্তই কিছুদিন পূৰ্বে নাবালকজনৰ ছবি ইনষ্টাগ্ৰামত পোষ্ট কৰিছিল। সেই ছবিবোৰ দেখাৰ পিছত ভুক্তভোগীৰ পৰিয়ালে ছোৱালীজনীক সোধা-পোছা কৰে আৰু তাৰ পিছত ছোৱালীজনীয়ে গায়কজনৰ সৈতে তেওঁৰ এই অধ্যায়ৰ বিষয়ে শ্বেয়াৰ কৰে।


এই কথা জনাৰ পাছত কিশোৰীগৰাকীৰ পৰিয়ালে বুধবাৰে ততাতৈয়াকৈ আৰক্ষীৰ ওচৰলৈ তেওঁক লৈ যায়। ভুক্তভোগী মহিলাগৰাকীক কাউন্সেলিং কৰাৰ পাছত চেক্টৰ ১৪ থানাত যৌন অপৰাধৰ পৰা শিশু সুৰক্ষা আইন (পি অ’ চি এছ অ’) আইন আৰু তথ্য প্ৰযুক্তি (আই টি) আইনৰ অধীনত অভিযুক্তৰ বিৰুদ্ধে এফ আই আৰ ৰুজু কৰা হয়।

আৰক্ষীৰ মুখপাত্ৰ সুভাষ বকেনে জনোৱা মতে, অভিযোগ অনুসৰি ব্যক্তিজনৰ বিৰুদ্ধে এফআইআৰ ৰুজু হয় আৰু কম সময়ৰ ভিতৰতে অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয়।তদুপৰি তাৎক্ষণিকভাৱে আদালতত হাজিৰ কৰি আজি অভিযুক্ত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়।







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস