--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক প্ৰশংসা কৰাৰ বাবেই এজন টেক্সি চালকে নিজৰ যাত্ৰীক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। উত্তৰ প্ৰদেশৰ এই ঘটনাৰ বাবেই ৰাজনৈতিক মহলত চাঞ্চল্যৰ সৃষ্টি হৈছে। ইয়াৰ লগতে সাম্প্ৰদায়িক বিতৰ্কও তীব্ৰতৰ হৈ পৰিছে ৰাজ্যখনত ।

জানিব পৰা মতে, মৃত হিন্দু ব্যক্তিজনৰ নাম ৰাজেশ ডুবে। আনহাতে হত্যাকাৰী টেক্সি চালকজন আছিল এজন মুছলমান। তেওঁৰ নাম আমজাদ। 

আৰক্ষীৰ মতে, সেইদিনা ৰাজেশ ডুবে নামৰ ব্যক্তিজন এটা বিবাহ অনুষ্ঠানৰ পৰা আমজাদৰ টেক্সিত ঘৰলৈ উভতি আহিছিল। সেই টেক্সিখনত ধীৰেন্দ্ৰ প্ৰতাপ নামৰ আন এজন যাত্ৰীও আছিল। কিন্তু বাটতে আৰম্ভ হয় টেক্সি চালক আমজাদ আৰু ৰাজেশৰ মাজত ৰাজনৈতিক আলোচনা। দুয়োৰে মাজত হোৱা ৰাজনৈতিক আলোচনা বিতৰ্কলৈ পৰিণত হয়। দুয়োৰে মাজত হোৱা আলোচনাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ বিষয় উত্থাপন হয়।


এই দুয়োজন নেতাৰ প্ৰতি মুছলমান চালকজনৰ আছিল প্ৰচণ্ড ক্ষোভ। আনকি তেওঁ মোডী আৰু যোগীক ঠাট্টা-মস্কৰাও কৰিছিল। সেই কথা সহ্য হোৱা নাছিল ৰাজেশৰ। দুয়োৰে মাজত সৃষ্টি হ’ল তীব্ৰ বিতৰ্কৰ। মুঠতে পৰিস্থিতি উত্তপ্ত হৈ পৰিল। দুয়োৰে মাজত কাজিয়া আৰম্ভ হ’ল। 

ইয়াৰ পিছতে আমজাদে ধীৰেন্দ্ৰ নামৰ এজন যাত্ৰী গৰাকীক গন্তব্যস্থানত নমাই ৰাজেশক থ’বলৈ যায় । আৰক্ষীৰ সূত্ৰ অনুসৰি টেক্সি চালকজনে ৰাজেশক ঘৰৰ সন্মুখত ননমাই কিছু দূৰলৈ লৈ যায়। ৰাজেশে ঘৰলৈ বুলি সেই ঠাইৰ পৰা খোজ কাঢ়ি আহি থকাৰ সময়তে আমজাদে পিছফালৰ পৰা গাড়ীৰে খুন্দা মাৰে আৰু থিতাতে মৃত্যু হয় ৰাজেশৰ।

এই ঘটনাৰ পিছতেই গাঁওবাসীয়ে ৰাজেশৰ মৃতদেহ লৈ মিৰ্জাপুৰ-প্ৰয়াগৰাজ ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। আৰক্ষীয়ে তেওঁলোকক ক্ষিপ্ৰ তদন্তৰ আশ্বাস দিয়ে। অভিযুক্তক গ্ৰেপ্তাৰ কৰা হ’ব বুলিও বিষয়াসকলে জানিবলৈ দিয়ে। কিন্তু পলাতক আমজাদক এতিয়াও বিচাৰি পোৱা নাই উত্তৰ প্ৰদেশ আৰক্ষীয়ে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস