--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক প্ৰশংসা কৰাৰ বাবেই এজন টেক্সি চালকে নিজৰ যাত্ৰীক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। উত্তৰ প্ৰদেশৰ এই ঘটনাৰ বাবেই ৰাজনৈতিক মহলত চাঞ্চল্যৰ সৃষ্টি হৈছে। ইয়াৰ লগতে সাম্প্ৰদায়িক বিতৰ্কও তীব্ৰতৰ হৈ পৰিছে ৰাজ্যখনত ।

জানিব পৰা মতে, মৃত হিন্দু ব্যক্তিজনৰ নাম ৰাজেশ ডুবে। আনহাতে হত্যাকাৰী টেক্সি চালকজন আছিল এজন মুছলমান। তেওঁৰ নাম আমজাদ। 

আৰক্ষীৰ মতে, সেইদিনা ৰাজেশ ডুবে নামৰ ব্যক্তিজন এটা বিবাহ অনুষ্ঠানৰ পৰা আমজাদৰ টেক্সিত ঘৰলৈ উভতি আহিছিল। সেই টেক্সিখনত ধীৰেন্দ্ৰ প্ৰতাপ নামৰ আন এজন যাত্ৰীও আছিল। কিন্তু বাটতে আৰম্ভ হয় টেক্সি চালক আমজাদ আৰু ৰাজেশৰ মাজত ৰাজনৈতিক আলোচনা। দুয়োৰে মাজত হোৱা ৰাজনৈতিক আলোচনা বিতৰ্কলৈ পৰিণত হয়। দুয়োৰে মাজত হোৱা আলোচনাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ বিষয় উত্থাপন হয়।


এই দুয়োজন নেতাৰ প্ৰতি মুছলমান চালকজনৰ আছিল প্ৰচণ্ড ক্ষোভ। আনকি তেওঁ মোডী আৰু যোগীক ঠাট্টা-মস্কৰাও কৰিছিল। সেই কথা সহ্য হোৱা নাছিল ৰাজেশৰ। দুয়োৰে মাজত সৃষ্টি হ’ল তীব্ৰ বিতৰ্কৰ। মুঠতে পৰিস্থিতি উত্তপ্ত হৈ পৰিল। দুয়োৰে মাজত কাজিয়া আৰম্ভ হ’ল। 

ইয়াৰ পিছতে আমজাদে ধীৰেন্দ্ৰ নামৰ এজন যাত্ৰী গৰাকীক গন্তব্যস্থানত নমাই ৰাজেশক থ’বলৈ যায় । আৰক্ষীৰ সূত্ৰ অনুসৰি টেক্সি চালকজনে ৰাজেশক ঘৰৰ সন্মুখত ননমাই কিছু দূৰলৈ লৈ যায়। ৰাজেশে ঘৰলৈ বুলি সেই ঠাইৰ পৰা খোজ কাঢ়ি আহি থকাৰ সময়তে আমজাদে পিছফালৰ পৰা গাড়ীৰে খুন্দা মাৰে আৰু থিতাতে মৃত্যু হয় ৰাজেশৰ।

এই ঘটনাৰ পিছতেই গাঁওবাসীয়ে ৰাজেশৰ মৃতদেহ লৈ মিৰ্জাপুৰ-প্ৰয়াগৰাজ ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। আৰক্ষীয়ে তেওঁলোকক ক্ষিপ্ৰ তদন্তৰ আশ্বাস দিয়ে। অভিযুক্তক গ্ৰেপ্তাৰ কৰা হ’ব বুলিও বিষয়াসকলে জানিবলৈ দিয়ে। কিন্তু পলাতক আমজাদক এতিয়াও বিচাৰি পোৱা নাই উত্তৰ প্ৰদেশ আৰক্ষীয়ে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
টিংখাঙত শোকাৱহ পথ দুৰ্ঘটনা! দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত দুজন নিহত, আহত দুজন
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক