--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ২০০২ চনৰ দলবদ্ধ ধৰ্ষণৰ গোচৰৰ অপৰাধীসকলক কাৰাগাৰৰ পৰা মুকলি কৰাৰ বিৰুদ্ধে বিলকিছ বানোৱে কৰা আবেদন  উচ্চতম ন্যায়ালয়ে  নাকচ কৰে৷ ২০০২ চনৰ গোধৰা হিংসাৰ সময়ত বিলকিছক দলবদ্ধভাৱে ধৰ্ষণ কৰা হৈছিল আৰু তেওঁৰ পৰিয়ালৰ কেইবাজনো সদস্যক হত্যা কৰা হৈছিল৷ 

এই ঘটনাত অভিযুক্ত কৰি  এঘাৰজন লোকক যাবজ্জীৱন  কাৰাদণ্ড বিহা  হৈছিল। কিন্তু ১৫ আগষ্টত গুজৰাট চৰকাৰৰ নিৰ্দেশত ধৰ্ষণকাৰীসকলক মুকলি কৰি দিয়া হয়। ধৰ্ষণকাৰীসকলক বিশ্ব হিন্দু পৰিষদে নায়কৰ সন্মানেৰে আদৰণি জনাইছিল। তাৰ পিছত সমগ্ৰ দেশতে অসন্তুষ্টিৰ বতাহ প্ৰবাহিত হ'বলৈ ধৰিলে।  গুজৰাট চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে বিলকিছ বানোৱে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। অৱশ্যে, তেওঁৰ আবেদন আজি নাকচ কৰে আদালতে।

উল্লেখ্য চলিত বৰ্ষৰ আগষ্ট মাহত গুজৰাট চৰকাৰে ১১ জন ধৰ্ষণকাৰীক মুকলি কৰি দিয়ে। বিলকিছ বানোৱে উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তৰ পুনৰীক্ষণৰ বাবে আবেদন কৰিছিল। তৃণমূলৰ সাংসদ মহুয়া মৈত্ৰায়ো একে ধৰণৰ আবেদন কৰিছিল। কিন্তু আজিৰ দিনটোত বিলকিছৰ আবেদন খন  উচ্চতম ন্যায়ালয়ে নাকচ কৰে৷ 

বিলকিছে কয়  যে ১১ জন ধৰ্ষণকাৰীৰ মুক্তিৰ বাতৰিত তেওঁ হতবাক হৈছিল। আৱেদনখনত কোৱা হৈছিল যে যেতিয়া সমগ্ৰ দেশে স্বাধীনতা দিৱস উদযাপন কৰি আছিল, সকলো অপৰাধীক আগতীয়াকৈ মুকলি কৰি দিয়া হৈছে। তেওঁলোকক ৰাজহুৱাভাৱে আদৰণি জনোৱা হৈছিল আৰু মালা পিন্ধোৱা হৈছিল। মিঠাই বিতৰণ কৰা হৈছিল। তাতেই বিলকিছে দেশ আৰু বিশ্বক চিনি পাইছিল। বিলকিছৰ অধিবক্তাই গোচৰটোৰ পুনৰ  শুনানি বিচাৰি ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ক আবেদন কৰিছিল। কিন্তু তেওঁৰ আবেদনে ইতিবাচক সঁহাৰি নাপালে৷ 






FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু