--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ২০০২ চনৰ দলবদ্ধ ধৰ্ষণৰ গোচৰৰ অপৰাধীসকলক কাৰাগাৰৰ পৰা মুকলি কৰাৰ বিৰুদ্ধে বিলকিছ বানোৱে কৰা আবেদন  উচ্চতম ন্যায়ালয়ে  নাকচ কৰে৷ ২০০২ চনৰ গোধৰা হিংসাৰ সময়ত বিলকিছক দলবদ্ধভাৱে ধৰ্ষণ কৰা হৈছিল আৰু তেওঁৰ পৰিয়ালৰ কেইবাজনো সদস্যক হত্যা কৰা হৈছিল৷ 

এই ঘটনাত অভিযুক্ত কৰি  এঘাৰজন লোকক যাবজ্জীৱন  কাৰাদণ্ড বিহা  হৈছিল। কিন্তু ১৫ আগষ্টত গুজৰাট চৰকাৰৰ নিৰ্দেশত ধৰ্ষণকাৰীসকলক মুকলি কৰি দিয়া হয়। ধৰ্ষণকাৰীসকলক বিশ্ব হিন্দু পৰিষদে নায়কৰ সন্মানেৰে আদৰণি জনাইছিল। তাৰ পিছত সমগ্ৰ দেশতে অসন্তুষ্টিৰ বতাহ প্ৰবাহিত হ'বলৈ ধৰিলে।  গুজৰাট চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে বিলকিছ বানোৱে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। অৱশ্যে, তেওঁৰ আবেদন আজি নাকচ কৰে আদালতে।

উল্লেখ্য চলিত বৰ্ষৰ আগষ্ট মাহত গুজৰাট চৰকাৰে ১১ জন ধৰ্ষণকাৰীক মুকলি কৰি দিয়ে। বিলকিছ বানোৱে উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তৰ পুনৰীক্ষণৰ বাবে আবেদন কৰিছিল। তৃণমূলৰ সাংসদ মহুয়া মৈত্ৰায়ো একে ধৰণৰ আবেদন কৰিছিল। কিন্তু আজিৰ দিনটোত বিলকিছৰ আবেদন খন  উচ্চতম ন্যায়ালয়ে নাকচ কৰে৷ 

বিলকিছে কয়  যে ১১ জন ধৰ্ষণকাৰীৰ মুক্তিৰ বাতৰিত তেওঁ হতবাক হৈছিল। আৱেদনখনত কোৱা হৈছিল যে যেতিয়া সমগ্ৰ দেশে স্বাধীনতা দিৱস উদযাপন কৰি আছিল, সকলো অপৰাধীক আগতীয়াকৈ মুকলি কৰি দিয়া হৈছে। তেওঁলোকক ৰাজহুৱাভাৱে আদৰণি জনোৱা হৈছিল আৰু মালা পিন্ধোৱা হৈছিল। মিঠাই বিতৰণ কৰা হৈছিল। তাতেই বিলকিছে দেশ আৰু বিশ্বক চিনি পাইছিল। বিলকিছৰ অধিবক্তাই গোচৰটোৰ পুনৰ  শুনানি বিচাৰি ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ক আবেদন কৰিছিল। কিন্তু তেওঁৰ আবেদনে ইতিবাচক সঁহাৰি নাপালে৷ 






FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক