--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ স্কুলৰ পৰা ঘৰলৈ উভতি অহাৰ পথত মৃত্যুক আঁকোৱালি লয় এজন ১২ বছৰীয়া ছাত্ৰই। হাৰ্ট এটেকত মৃত্যু হয় ছাত্ৰজনৰ। মধ্যপ্ৰদেশৰ ভিন্দত সংঘটিত হৈছে এই শোকাৱহ ঘটনা। 

আৰক্ষীৰ মতে, বিদ্যালয়ৰ পৰা ওলাই অহাৰ কিছু সময়ৰ পূৰ্বে ভুক্তভোগী ছাত্ৰজনে ভাতৃৰ সৈতে খাদ্য গ্ৰহণ কৰিছিল। ইয়াৰ পিছত তেওঁ ঘৰলৈ উভতি যাবলৈ স্কুল বাছত উঠিল। স্কুল বাছত বহি থকাৰ কিছু সময়ৰ পাছতে ছাত্ৰজন আসনৰ পৰা বাগৰি পৰে। বাছখনত থকা কৰ্মচাৰীসকলে লগে লগে বিদ্যালয় প্ৰশাসনক এই বিষয়ে অৱগত কৰে। 

ইয়াৰ পিছত শিশুটিক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰা হয়। য'ত চিকিৎসকৰ দলে তেওঁক মৃত ঘোষণা কৰে। চিকিৎসকৰ মতে, এতিয়ালৈকে হাৰ্ট এটেকৰ আটাইতকৈ কম বয়সীয়া ৰোগীৰ ভিতৰত এয়া অন্যতম।

আৰক্ষীয়ে নিহত ছাত্ৰজনক মনীষ জাটাভ বুলি চিনাক্ত কৰিছে। মনীষ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ আছিল। মনীষৰ লগতে ভায়েকেও একেখন স্কুলতে পঢ়া-শুনা কৰিছিল।

মনীষক পৰীক্ষা কৰা ডাঃ অনিল গোৱালে পিটিআইক জনোৱা মতে, চিকিৎসালয়লৈ অনাৰ সময়লৈকে মনীষৰ ইতিমধ্যে মৃত্যু হৈছে। অৱশ্যে আমি তেওঁক চিপিআৰ দিলোঁ যদিও কোনো কামত নাহিল। এতিয়ালৈকে পৰীক্ষা কৰি যিখিনি পোৱা গৈছে সেই অনুসৰি এই ঘটনা হাৰ্ট এটেকৰ বুলিয়ে অভিহিত কৰিছে চিকিৎসকৰ দলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু