--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ স্কুলৰ পৰা ঘৰলৈ উভতি অহাৰ পথত মৃত্যুক আঁকোৱালি লয় এজন ১২ বছৰীয়া ছাত্ৰই। হাৰ্ট এটেকত মৃত্যু হয় ছাত্ৰজনৰ। মধ্যপ্ৰদেশৰ ভিন্দত সংঘটিত হৈছে এই শোকাৱহ ঘটনা। 

আৰক্ষীৰ মতে, বিদ্যালয়ৰ পৰা ওলাই অহাৰ কিছু সময়ৰ পূৰ্বে ভুক্তভোগী ছাত্ৰজনে ভাতৃৰ সৈতে খাদ্য গ্ৰহণ কৰিছিল। ইয়াৰ পিছত তেওঁ ঘৰলৈ উভতি যাবলৈ স্কুল বাছত উঠিল। স্কুল বাছত বহি থকাৰ কিছু সময়ৰ পাছতে ছাত্ৰজন আসনৰ পৰা বাগৰি পৰে। বাছখনত থকা কৰ্মচাৰীসকলে লগে লগে বিদ্যালয় প্ৰশাসনক এই বিষয়ে অৱগত কৰে। 

ইয়াৰ পিছত শিশুটিক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰা হয়। য'ত চিকিৎসকৰ দলে তেওঁক মৃত ঘোষণা কৰে। চিকিৎসকৰ মতে, এতিয়ালৈকে হাৰ্ট এটেকৰ আটাইতকৈ কম বয়সীয়া ৰোগীৰ ভিতৰত এয়া অন্যতম।

আৰক্ষীয়ে নিহত ছাত্ৰজনক মনীষ জাটাভ বুলি চিনাক্ত কৰিছে। মনীষ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ আছিল। মনীষৰ লগতে ভায়েকেও একেখন স্কুলতে পঢ়া-শুনা কৰিছিল।

মনীষক পৰীক্ষা কৰা ডাঃ অনিল গোৱালে পিটিআইক জনোৱা মতে, চিকিৎসালয়লৈ অনাৰ সময়লৈকে মনীষৰ ইতিমধ্যে মৃত্যু হৈছে। অৱশ্যে আমি তেওঁক চিপিআৰ দিলোঁ যদিও কোনো কামত নাহিল। এতিয়ালৈকে পৰীক্ষা কৰি যিখিনি পোৱা গৈছে সেই অনুসৰি এই ঘটনা হাৰ্ট এটেকৰ বুলিয়ে অভিহিত কৰিছে চিকিৎসকৰ দলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক