--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ভয়ংকৰ এই দুৰ্ঘটনাটো সংঘটিত হৈছে শিলচৰ ইম্ফল ৰাষ্ট্ৰীয় ঘাইপথৰ ৰংপুৰ ক্লক টাৱাৰৰ সন্মুখত। মৃত বাইক আৰোহীজন কাছাৰৰ উধাৰবন্দ শালগঙ্গাৰ বাসিন্দা প্ৰদীপ ধৰ বুলি জানিব পৰা গৈছে।

ডিজিটেল ডেস্ক: শিলচৰত হিট এণ্ড ৰানৰ ঘটনা। মৃত্যু এক বাইক আৰোহীৰ। শিলচৰত পুনৰ সংঘটিত হ’ল ভয়ংকৰ হিট এণ্ড ৰানৰ ঘটনা। ডাম্পাৰৰ খুন্দাত থিতাতে মৃত্যু হৈছে এক বাইক আৰোহী যুৱকৰ। ভয়ংকৰ এই দুৰ্ঘটনাটো সংঘটিত হৈছে শিলচৰ ইম্ফল ৰাষ্ট্ৰীয় ঘাইপথৰ ৰংপুৰ ক্লক টাৱাৰৰ সন্মুখত। 


মৃত বাইক আৰোহীজন কাছাৰৰ উধাৰবন্দ শালগঙ্গাৰ বাসিন্দা প্ৰদীপ ধৰ বুলি জানিব পৰা গৈছে। প্ৰত্যক্ষদৰ্শী সকলৰ মতে বাইকেৰে দুই যুৱক যোৱাৰ সময়ত হঠাৎ দ্ৰুতগতিৰ এখন ডাম্পাৰে বাইকখন মহটিয়াই ঘটনাস্থলীৰ পৰা পলায়ন কৰে। ঘটনাত থিতাতে মৃত্যু হয় প্ৰদীপ ধৰ নামৰ এক আৰোহীৰ ৷ লগতে গুৰুতৰভাৱে আহত হয় ৰাজদীপ ধৰ নামৰ বাইকখনৰ আন এক আৰোহী । ঘটনাৰ পাছত স্থানীয় সকলে আহত যুৱকজনক ততাতৈয়াকৈ শিলচৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে । 


ইপিনে ঘটনাৰ পাছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ সময়ত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । উত্তেজিত ৰাইজে দুৰ্ঘটনা সংঘটিত কৰাৰ ডাম্পাৰসহ চালকৰ গ্ৰেপ্তাৰৰ দাবীত কিছু সময় শিলচৰ ইম্ফল ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ কৰি প্ৰতিবাদ সাবস্ত্য কৰে। পিছে আৰক্ষীৰ আশ্বাসত ৰাইজে পথ অৱৰোধ মুক্ত কৰে। ৰাইজৰ অভিযোগ এই পথচোৱাত ডাম্পাৰৰ দৌৰাত্ম্য যথেষ্ট বৃদ্ধি পাইছে। ফলত প্ৰতিদিনেই সংঘটিত হৈছে পথ দুৰ্ঘটনা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন