ডিজিটেল ডেস্ক: শিলচৰত হিট এণ্ড ৰানৰ ঘটনা। মৃত্যু এক বাইক আৰোহীৰ। শিলচৰত পুনৰ সংঘটিত হ’ল ভয়ংকৰ হিট এণ্ড ৰানৰ ঘটনা। ডাম্পাৰৰ খুন্দাত থিতাতে মৃত্যু হৈছে এক বাইক আৰোহী যুৱকৰ। ভয়ংকৰ এই দুৰ্ঘটনাটো সংঘটিত হৈছে শিলচৰ ইম্ফল ৰাষ্ট্ৰীয় ঘাইপথৰ ৰংপুৰ ক্লক টাৱাৰৰ সন্মুখত।
মৃত বাইক আৰোহীজন কাছাৰৰ উধাৰবন্দ শালগঙ্গাৰ বাসিন্দা প্ৰদীপ ধৰ বুলি জানিব পৰা গৈছে। প্ৰত্যক্ষদৰ্শী সকলৰ মতে বাইকেৰে দুই যুৱক যোৱাৰ সময়ত হঠাৎ দ্ৰুতগতিৰ এখন ডাম্পাৰে বাইকখন মহটিয়াই ঘটনাস্থলীৰ পৰা পলায়ন কৰে। ঘটনাত থিতাতে মৃত্যু হয় প্ৰদীপ ধৰ নামৰ এক আৰোহীৰ ৷ লগতে গুৰুতৰভাৱে আহত হয় ৰাজদীপ ধৰ নামৰ বাইকখনৰ আন এক আৰোহী । ঘটনাৰ পাছত স্থানীয় সকলে আহত যুৱকজনক ততাতৈয়াকৈ শিলচৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে ।
ইপিনে ঘটনাৰ পাছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ সময়ত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । উত্তেজিত ৰাইজে দুৰ্ঘটনা সংঘটিত কৰাৰ ডাম্পাৰসহ চালকৰ গ্ৰেপ্তাৰৰ দাবীত কিছু সময় শিলচৰ ইম্ফল ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ কৰি প্ৰতিবাদ সাবস্ত্য কৰে। পিছে আৰক্ষীৰ আশ্বাসত ৰাইজে পথ অৱৰোধ মুক্ত কৰে। ৰাইজৰ অভিযোগ এই পথচোৱাত ডাম্পাৰৰ দৌৰাত্ম্য যথেষ্ট বৃদ্ধি পাইছে। ফলত প্ৰতিদিনেই সংঘটিত হৈছে পথ দুৰ্ঘটনা।