--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তান ইণ্টাৰনেচনেল এয়াৰলাইনছে কেবিন ক্ৰুসকললৈ এটা আভ্যন্তৰীণ নিৰ্দেশনা  প্ৰেৰণ কৰিছে। নিৰ্দেশনাটোত বিমান পৰিবহন সংস্থাৰ সকলো কেবিন ক্ৰু আৰু পৰিচাৰিকাক সঠিক অন্তৰ্বাস পিন্ধিবলৈ কোৱা হৈছে। 

নিৰ্দেশনাটোত বিমানৰ  সকলো কৰ্মচাৰীক  সঠিক পোছাক পিন্ধিবলৈ নিৰ্দেশ দিছে, যাৰ ভিতৰত আছে সঠিক অন্তৰ্বাস পিন্ধাটোও। কেবিন ক্ৰুসকলে সঠিকভাবে পোছাক নিপিন্ধা বুলি বহুতে অভিযোগ কৰাৰ পিছতে এনে নিৰ্দেশনা দিয়া হৈছে বুলি জানিব পৰা গৈছে।

 বিমান পৰিচাৰিকা আৰু কেবিন ক্ৰুসকলে সঠিক পোছাক নিপিন্ধাৰ ফলত এয়াৰলাইনসমূহত এক নেতিবাচক প্ৰভাৱ পৰা বুলি নিৰ্দেশনাটোত কোৱা হৈছে। পাকিস্তানৰ জিঅ' টিভিৰ উদ্ধৃতি অনুসৰি 'সঠিক অন্তৰ্বাস পিন্ধা' নিৰ্দেশকটোক বহুতে সহজভাবে ল’ব পৰা নাই। বহুতে এনে নিৰ্দেশনাক  অদ্ভুত নিৰ্দেশনা  বুলিও অভিহিত কৰিছে। নিৰ্দেশনাটো কোৱা হৈছে যে  কেবিন ক্ৰুসকলে ধুনীয়া আৰু  "সঠিক অন্তৰ্বাস"ৰ ওপৰত আনুষ্ঠানিক সাধাৰণ পোছাক পিন্ধিব লাগিব। 

এই পোছাক পাকিস্তানৰ সংস্কৃতি আৰু ৰাষ্ট্ৰীয় নীতি অনুসৰি হ'ব লাগিব, নিৰ্দেশনাত কোৱা হৈছে। পাকিস্তানী সংবাদ মাধ্যমৰ খবৰ অনুসৰি পাকিস্তানৰ বিমান পৰিবহন আৰু ৰে'ল মন্ত্ৰী খাজা চাদ ৰফিকে ৰাষ্ট্ৰীয় বমান পৰিবন সংস্থাক অধিক উন্নত কৰাৰ বাবে পাকিস্তান ইণ্টাৰনেচনেল এয়াৰলাইনছৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হৈছিল।  

মন্ত্ৰীজনে যাত্ৰীসকলৰ বাবে যিমান সম্ভৱ সোনকালে বিমানৰ ভিতৰত মনোৰঞ্জনৰ ব্যৱস্থা বৃদ্ধি কৰিবলৈ  নিৰ্দেশ দিছিল। আনহাতে, কেবিন ক্ৰুসকলে অতিৰিক্ত কৰ্তব্যৰ সময়ৰ বাবে প্ৰতিবাদ কৰিছে আৰু আন্তৰ্জাতিক পৰিবহন কৰ্মী ফেডাৰেশ্যনে শেহতীয়াকৈ পাকিস্তান ইণ্টাৰনেচনেল এয়াৰলাইনছৰ মুখ্য কাৰ্যবাহী বিষয়া আমিৰ হায়াতলৈ এই বিষয়টোক লৈ পত্ৰ লিখিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক