--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তান ইণ্টাৰনেচনেল এয়াৰলাইনছে কেবিন ক্ৰুসকললৈ এটা আভ্যন্তৰীণ নিৰ্দেশনা  প্ৰেৰণ কৰিছে। নিৰ্দেশনাটোত বিমান পৰিবহন সংস্থাৰ সকলো কেবিন ক্ৰু আৰু পৰিচাৰিকাক সঠিক অন্তৰ্বাস পিন্ধিবলৈ কোৱা হৈছে। 

নিৰ্দেশনাটোত বিমানৰ  সকলো কৰ্মচাৰীক  সঠিক পোছাক পিন্ধিবলৈ নিৰ্দেশ দিছে, যাৰ ভিতৰত আছে সঠিক অন্তৰ্বাস পিন্ধাটোও। কেবিন ক্ৰুসকলে সঠিকভাবে পোছাক নিপিন্ধা বুলি বহুতে অভিযোগ কৰাৰ পিছতে এনে নিৰ্দেশনা দিয়া হৈছে বুলি জানিব পৰা গৈছে।

 বিমান পৰিচাৰিকা আৰু কেবিন ক্ৰুসকলে সঠিক পোছাক নিপিন্ধাৰ ফলত এয়াৰলাইনসমূহত এক নেতিবাচক প্ৰভাৱ পৰা বুলি নিৰ্দেশনাটোত কোৱা হৈছে। পাকিস্তানৰ জিঅ' টিভিৰ উদ্ধৃতি অনুসৰি 'সঠিক অন্তৰ্বাস পিন্ধা' নিৰ্দেশকটোক বহুতে সহজভাবে ল’ব পৰা নাই। বহুতে এনে নিৰ্দেশনাক  অদ্ভুত নিৰ্দেশনা  বুলিও অভিহিত কৰিছে। নিৰ্দেশনাটো কোৱা হৈছে যে  কেবিন ক্ৰুসকলে ধুনীয়া আৰু  "সঠিক অন্তৰ্বাস"ৰ ওপৰত আনুষ্ঠানিক সাধাৰণ পোছাক পিন্ধিব লাগিব। 

এই পোছাক পাকিস্তানৰ সংস্কৃতি আৰু ৰাষ্ট্ৰীয় নীতি অনুসৰি হ'ব লাগিব, নিৰ্দেশনাত কোৱা হৈছে। পাকিস্তানী সংবাদ মাধ্যমৰ খবৰ অনুসৰি পাকিস্তানৰ বিমান পৰিবহন আৰু ৰে'ল মন্ত্ৰী খাজা চাদ ৰফিকে ৰাষ্ট্ৰীয় বমান পৰিবন সংস্থাক অধিক উন্নত কৰাৰ বাবে পাকিস্তান ইণ্টাৰনেচনেল এয়াৰলাইনছৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হৈছিল।  

মন্ত্ৰীজনে যাত্ৰীসকলৰ বাবে যিমান সম্ভৱ সোনকালে বিমানৰ ভিতৰত মনোৰঞ্জনৰ ব্যৱস্থা বৃদ্ধি কৰিবলৈ  নিৰ্দেশ দিছিল। আনহাতে, কেবিন ক্ৰুসকলে অতিৰিক্ত কৰ্তব্যৰ সময়ৰ বাবে প্ৰতিবাদ কৰিছে আৰু আন্তৰ্জাতিক পৰিবহন কৰ্মী ফেডাৰেশ্যনে শেহতীয়াকৈ পাকিস্তান ইণ্টাৰনেচনেল এয়াৰলাইনছৰ মুখ্য কাৰ্যবাহী বিষয়া আমিৰ হায়াতলৈ এই বিষয়টোক লৈ পত্ৰ লিখিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
অভিযন্তাৰ ঘৰত চলিল অভিযান! আতংকিত পত্নীয়ে জ্বলাই দিলে ২০ লাখ টকা, ৪০ লাখ নগদ ধন আৰু দামী ঘড়ী উদ্ধাৰ
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান