--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
নেহেৰুৰ দিনৰে পৰা ভাৰতে ৰাছিয়াৰ সৈতে সু সম্পৰ্ক বৰ্তাই ৰাখিছে৷ এতিয়াও ম্লান হোৱা নাই ভাৰত আৰু ৰাছিয়াৰ সেই সম্পৰ্ক৷এই সম্পৰ্কই দুয়োখন দেশৰ বৈদেশিক নীতি নিৰ্ধাৰণতো বহু গভীৰ প্ৰভাৱ পেলাইছে৷ 

 শেহতীয়াকৈ ভাৰতে  আকৌ এবাৰ ৰাছিয়াৰ বিৰুদ্ধে আৰোপিত অনস্থা  প্ৰস্তাৱৰ ওপৰত ভোটদানৰ পৰা নিজকে আঁতৰাই ৰাখে৷ ৰাছিয়াৰ অবৈধ গণভোট আৰু ইউক্ৰেইনৰ অঞ্চলসমূহ দখলক গৰিহণা দি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু আলবেনিয়াৰ দ্বাৰা প্ৰস্তুত  কৰা এখন খচৰাৰ প্ৰস্তাৱত ভাৰতে শুকুৰবাৰে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভোটদানৰ পৰা বিৰত থাকে। উক্ত উত্থাপিত প্ৰস্তাৱটোৱে দাবী কৰিছিল যে ৰাছিয়াই তৎক্ষণাৎ ইউক্ৰেইনৰ পৰা নিজৰ বাহিনী প্ৰত্যাহাৰ কৰিব।

নিৰাপত্তা পৰিষদৰ সদস্য ১৫  খন দেশে এই প্ৰস্তাৱৰ ওপৰত ভোট দান কৰাটো প্ৰয়োজনীয় আছিল৷ কিন্তু ৰাছিয়াই ইয়াৰ বিৰুদ্ধে ভেটো ব্যৱহাৰ কৰিছিল, যাৰ বাবে প্ৰস্তাৱটো গৃহীত কৰিব পৰা নগ'ল। দহখন দেশে প্ৰস্তাৱৰ সমৰ্থনত ভোট দিছিল আৰু চাৰিখন দেশ ভোটদানৰ পৰা বিৰত আছিল।

ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টনিঅ' গুটেৰেছে বৃহস্পতিবাৰে কয়  যে , ভাবুকি বা বল প্ৰয়োগৰ দ্বাৰা আন এখন দেশৰ ভূখণ্ড দখল কৰাটো ৰাষ্ট্ৰসংঘৰ চাৰ্টাৰ আৰু আন্তঃৰাষ্ট্ৰীয় আইনৰ নীতিৰ উলংঘন।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক