--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
নেহেৰুৰ দিনৰে পৰা ভাৰতে ৰাছিয়াৰ সৈতে সু সম্পৰ্ক বৰ্তাই ৰাখিছে৷ এতিয়াও ম্লান হোৱা নাই ভাৰত আৰু ৰাছিয়াৰ সেই সম্পৰ্ক৷এই সম্পৰ্কই দুয়োখন দেশৰ বৈদেশিক নীতি নিৰ্ধাৰণতো বহু গভীৰ প্ৰভাৱ পেলাইছে৷ 

 শেহতীয়াকৈ ভাৰতে  আকৌ এবাৰ ৰাছিয়াৰ বিৰুদ্ধে আৰোপিত অনস্থা  প্ৰস্তাৱৰ ওপৰত ভোটদানৰ পৰা নিজকে আঁতৰাই ৰাখে৷ ৰাছিয়াৰ অবৈধ গণভোট আৰু ইউক্ৰেইনৰ অঞ্চলসমূহ দখলক গৰিহণা দি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু আলবেনিয়াৰ দ্বাৰা প্ৰস্তুত  কৰা এখন খচৰাৰ প্ৰস্তাৱত ভাৰতে শুকুৰবাৰে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভোটদানৰ পৰা বিৰত থাকে। উক্ত উত্থাপিত প্ৰস্তাৱটোৱে দাবী কৰিছিল যে ৰাছিয়াই তৎক্ষণাৎ ইউক্ৰেইনৰ পৰা নিজৰ বাহিনী প্ৰত্যাহাৰ কৰিব।

নিৰাপত্তা পৰিষদৰ সদস্য ১৫  খন দেশে এই প্ৰস্তাৱৰ ওপৰত ভোট দান কৰাটো প্ৰয়োজনীয় আছিল৷ কিন্তু ৰাছিয়াই ইয়াৰ বিৰুদ্ধে ভেটো ব্যৱহাৰ কৰিছিল, যাৰ বাবে প্ৰস্তাৱটো গৃহীত কৰিব পৰা নগ'ল। দহখন দেশে প্ৰস্তাৱৰ সমৰ্থনত ভোট দিছিল আৰু চাৰিখন দেশ ভোটদানৰ পৰা বিৰত আছিল।

ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টনিঅ' গুটেৰেছে বৃহস্পতিবাৰে কয়  যে , ভাবুকি বা বল প্ৰয়োগৰ দ্বাৰা আন এখন দেশৰ ভূখণ্ড দখল কৰাটো ৰাষ্ট্ৰসংঘৰ চাৰ্টাৰ আৰু আন্তঃৰাষ্ট্ৰীয় আইনৰ নীতিৰ উলংঘন।


FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ