--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ধপাতজাত সামগ্ৰী, ঔদ্যোগিক সামগ্ৰী যেনে ইউৰেনিয়াম, এচবেষ্টছ, বিকিৰণ আদি, বায়ু প্ৰদূষণ, আৰু পুষ্টিৰ অভাৱৰ বাবে  কৰ্কট ৰোগীৰ সংখ্যা  বৃদ্ধি পাই গৈছে। শেহতীয়া অধ্যয়নবোৰে দেখুৱাইছে যে কাৰ্চিনোজেনিক সামগ্ৰীয়ে হাঁওফাঁওৰ কৰ্কটৰোগৰ আশংকা বৃদ্ধি কৰে।আমেৰিকান লাং এছ’চিয়েশ্যনৰ মতে প্ৰতি বছৰে ১.৬ নিযুত লোক হাঁওফাঁওৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে।

ধূমপান হাঁওফাঁওৰ কৰ্কট ৰোগৰ আন এক প্ৰধান কাৰক  হাঁওফাঁওৰ কৰ্কট ৰোগৰ ৯৪ শতাংশৰ বাবে ধূমপান দায়ী।ধূমপান নকৰা লোকৰ তুলনাত ধূমপান কৰা লোকৰ ক্ষেত্ৰত হাঁওফাঁওৰ কৰ্কট ৰোগৰ আশংকা ২৪ ৰ পৰা ৩৬ গুণ বেছি। নিষ্ক্ৰিয় ধূমপানত হাঁওফাঁওৰ কৰ্কট ৰোগৰ আশংকা ৩.৫ শতাংশ। যদিহে আপুনি সঁচাকৈয়ে ধূমপান ত্যাগ কৰাৰ সিদ্ধান্ত লৈছে তেন্তে আপুনি জানিব আপুনি জীৱনক, আপোনাৰ পৰিয়ালক, সমাজক অধিক ভালপাবলৈ আৰম্ভ কৰিছে।

কিদৰে ত্যাগ কৰিব ধূমপানৰ অভ্যাস?
ধূমপান ত্যাগ কৰাৰ দিশত প্ৰথম পদক্ষেপটো হ’ল দৃঢ়ভাৱে এই বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰা।ধূমপানে কেৱল ধূমপান কৰাজনৰ বাবেই ক্ষতিকাৰক নহয়,  তেওঁৰ চাৰিওফালৰ লোকসকলৰ বাবেও ই ক্ষতিকাৰক।

নিকোটিনৰ সলনি আন বস্তু ব্যৱহাৰ কৰক
ধূমপান হঠাতে ত্যাগ কৰিলে নিকোটিন প্ৰত্যাহাৰৰ ফলত মূৰৰ বিষৰ দৰে লক্ষণে দেখা দিব পাৰে। সেয়েহে, নিকোটিন গামৰ দৰে নিকোটিন ৰিপ্লেচমেণ্ট থেৰাপীয়ে এনে পৰিস্থিতিত লোক এজনক সহায় কৰিব পাৰে।

চেনিবিহীন গাম চোবাওক
যদি আপোনাৰ  আহাৰৰ পিছত ধূমপান কৰাৰ অভ্যাস আছে তেন্তে  চুইংগাম ওবাব পাৰে। ওপৰত ই আপোনাৰ ধঁপাতৰ প্ৰতি আগ্ৰহ কমোৱাত  সহায় কৰিব। কেঁচা গাজৰ আৰু বাদাম খালে ধঁপাতৰ প্ৰতি আগ্ৰহ নিয়ন্ত্ৰণত সহায় হয়।

যোগাসন কৰক
হাঁওফাঁও সুস্থ কৰি ৰাখিবলৈ প্ৰতিদিনে প্ৰাণায়াম আৰু আন যোগাসন কৰক। যোগাসন আৰু ব্যায়ামে আপোনাৰ শৰীৰ -মন সুস্থ তথা সতেজ কৰি তুলিব।খোজ কঢ়া আৰু জগিং কৰাৰ দৰে সাধাৰণ ব্যায়ামেৰে আৰম্ভণি কৰিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক