--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুৱা সূৰ্য উঠাৰ সময়তে বহুতৰে কপালৰ এপিনে মূৰৰ বিষ হয়। এই মূৰৰ বিষ বহুতৰে দুপৰীয়ালৈ  চলি থাকে।বেলি যিমানে লহিয়ায় সিমানে মূৰৰ বিষো কমি আহিবলৈ ধৰে।

ঠাই বিশেষে এনে মূৰৰ বিষক বেলেগ বেলেগ নামেৰে জনা যায়। বহুতে সূৰ্য উদয়ৰ সময়ত হোৱা বিষ বাবে এনে মূৰৰ বিষক সূৰয কপালী মূৰৰ বিষ বুলিও কয়।

দৰাচলতে বিভিন্ন কাৰণত মূৰৰ বিষ হ’ব পাৰে। চকু, নাক আদিৰ সমস্যাৰ বাবেও মূৰৰ বিষ হ’ব পাৰে। মাইগ্ৰেনৰ সমস্যাৰ বাবেও মূৰৰ বিষ হ'ব পাৰে। 

সূৰয কপালী মূৰৰ বিষত ভূগি থকা সকলে ঘৰুৱা ভাবেও কেতবোৰ প্ৰামাণ্য চিকিৎসা কৰি সুফল লাভ কৰিব পাৰে।
ভাৰতীয় আয়ুৰ্বেদৰ শক্তিৰ কথা সমগ্ৰ বিশ্বই জানে।  আমি যদি সঠিক ভাৱে গছ-লতিকাৰ প্ৰয়োগ কৰো তেন্তে সুফল নিশ্চয়কৈ লাভ কৰিম।

সূৰয কপালী মূৰৰ বিষত ভোগা সকলে অসমৰ বহুঠাইত চলি থকা এবিধ পৰম্পৰাগত পদ্ধতিৰে সূৰুয কপালী মূৰৰ বিষৰ পৰা নিস্তাৰ পাব পাৰে। 

এই পৰম্পৰাগত চিকিৎসা পদ্ধতিত এমুঠি আমৰ পাত আৰু এমুঠি বেলৰ পাত লৈ সেয়া ভালদৰে সিজাব লাগে। পানী খিনি ৰঙা যেন  হোৱাৰ পিছত ঠাণ্ডা কৰি সেই পানীৰে মূৰটো ধুই দিব লাগে।

এনেকৈ একেৰাহে তিনি দিনমান আম পাত-বেল পাত সিজোৱা পানীৰে মূৰ ধুলে সূৰয কপালী মূৰৰ বিষৰ  যন্ত্ৰণাৰ পৰা নিস্তাৰ পাব পাৰে। এনে ঘৰুৱা চিকিৎসাৰেও সুফল নাপালে চিকিৎসকৰ কাষ চাপিবলৈ হেলা নকৰিব।

 কাৰণ মূৰৰ বিষ কি কাৰণে হৈছে সেয়া চিকিৎসকেহে নিৰ্ধাৰণ কৰিব পাৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন