--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিম দিন শনিবাৰ। প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ সূত্ৰ অনুসৰি নৰেন্দ্ৰ মোডীয়ে প্ৰচাৰৰ সন্ধিয়া কন্যাকুমাৰীত ৪৮ ঘণ্টীয়া ধ্যান-ধাৰণাৰ বাবে বহিব। মূল ভূখণ্ডৰ ওচৰত স্বামী বিবেকানন্দই ধ্যান কৰা শিল ‘ধ্যামণ্ডপম’ত বহি ধ্যান কৰিব মোদীয়ে। এই বিষয়ে আলোচনা কৰোঁতে পোহৰলৈ আহিল মোডীৰ এখন পুৰণি ফটো। 

১৯৯১ চনৰ ১১ ডিচেম্বৰত কন্যাকুমাৰীৰ ‘বিবেকানন্দ ৰক মেম’ৰিয়েল’ৰ সন্মুখত তোলা ফটোখনত নৰেন্দ্ৰ মোডী আৰু মুৰালী মনোহৰ যোশীকে ধৰি অন্যান্য বিজেপি নেতাই স্বামী বিবেকানন্দৰ প্ৰতিমূৰ্তিক শ্ৰদ্ধাঞ্জলি জনোৱা দেখা গৈছে। সেইদিনা বিজেপিয়ে কন্যাকুমাৰীৰ পৰা ‘একতা যাত্ৰা’ আৰম্ভ কৰিছিল, যিটো ১৯৯২ চনৰ ২৬ জানুৱাৰীত কাশ্মীৰত শেষ হৈছিল। ‘একতা যাত্ৰা’ৰ নেতৃত্বত বিজেপিৰ জ্যেষ্ঠ নেত্ৰী মুৰালী মনোহৰ। মোডী আছিল এজন ৪০ বছৰীয়া যুৱক। এজন সাধাৰণ বিজেপি কৰ্মী। যদিও সেই পদযাত্ৰা আয়োজন কৰাত তেওঁৰ ডাঙৰ ভূমিকা আছিল। ৩৩ বছৰ পূৰ্বে বিজেপিৰ ‘একতা যাত্ৰা’ৰ আৰম্ভণিৰ দিনা তোলা মোডীৰ ফটোখন ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

ইয়াৰ পূৰ্বে দুবাৰকৈ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলাই আধ্যাত্মিক ভ্ৰমণলৈ গৈছিল। ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাই গৈছিল কেদাৰনাথে। ২০১৪ চনত মহাৰাষ্ট্ৰৰ প্ৰতাপগড় দুৰ্গলৈ গৈছিল। এইবাৰ দক্ষিণ ভাৰতলৈ গৈ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ