--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিম দিন শনিবাৰ। প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ সূত্ৰ অনুসৰি নৰেন্দ্ৰ মোডীয়ে প্ৰচাৰৰ সন্ধিয়া কন্যাকুমাৰীত ৪৮ ঘণ্টীয়া ধ্যান-ধাৰণাৰ বাবে বহিব। মূল ভূখণ্ডৰ ওচৰত স্বামী বিবেকানন্দই ধ্যান কৰা শিল ‘ধ্যামণ্ডপম’ত বহি ধ্যান কৰিব মোদীয়ে। এই বিষয়ে আলোচনা কৰোঁতে পোহৰলৈ আহিল মোডীৰ এখন পুৰণি ফটো। 

১৯৯১ চনৰ ১১ ডিচেম্বৰত কন্যাকুমাৰীৰ ‘বিবেকানন্দ ৰক মেম’ৰিয়েল’ৰ সন্মুখত তোলা ফটোখনত নৰেন্দ্ৰ মোডী আৰু মুৰালী মনোহৰ যোশীকে ধৰি অন্যান্য বিজেপি নেতাই স্বামী বিবেকানন্দৰ প্ৰতিমূৰ্তিক শ্ৰদ্ধাঞ্জলি জনোৱা দেখা গৈছে। সেইদিনা বিজেপিয়ে কন্যাকুমাৰীৰ পৰা ‘একতা যাত্ৰা’ আৰম্ভ কৰিছিল, যিটো ১৯৯২ চনৰ ২৬ জানুৱাৰীত কাশ্মীৰত শেষ হৈছিল। ‘একতা যাত্ৰা’ৰ নেতৃত্বত বিজেপিৰ জ্যেষ্ঠ নেত্ৰী মুৰালী মনোহৰ। মোডী আছিল এজন ৪০ বছৰীয়া যুৱক। এজন সাধাৰণ বিজেপি কৰ্মী। যদিও সেই পদযাত্ৰা আয়োজন কৰাত তেওঁৰ ডাঙৰ ভূমিকা আছিল। ৩৩ বছৰ পূৰ্বে বিজেপিৰ ‘একতা যাত্ৰা’ৰ আৰম্ভণিৰ দিনা তোলা মোডীৰ ফটোখন ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

ইয়াৰ পূৰ্বে দুবাৰকৈ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলাই আধ্যাত্মিক ভ্ৰমণলৈ গৈছিল। ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাই গৈছিল কেদাৰনাথে। ২০১৪ চনত মহাৰাষ্ট্ৰৰ প্ৰতাপগড় দুৰ্গলৈ গৈছিল। এইবাৰ দক্ষিণ ভাৰতলৈ গৈ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু