--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বুধবাৰে উত্তৰাখণ্ডৰ হৰিদ্বাৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয় পিতৃ আৰু ভাতৃক হত্যা কৰাৰ অভিযোগত পলায়ন কৰা ১৫ বছৰীয়া এগৰাকী কিশোৰীক। ১৫ মাৰ্চত মধ্যপ্ৰদেশৰ জবালপুৰত সংঘটিত হোৱা এই চাঞ্চল্যকৰ কাণ্ডত কিশোৰীগৰাকীয়ে ১৯ বছৰীয়া প্ৰেমিকৰ সৈতে পিতৃ আৰু ভাতৃক হত্যা কৰি কটা মৃতদেহ ফ্ৰীজত ভৰাই থোৱাৰ অভিযোগ উত্থাপন হয়। তেতিয়াৰ পৰাই অভিযুক্তগৰাকী পলাতক হৈ আছিল আৰু গোচৰৰ সহ অভিযুক্তও তেওঁৰ সংগী এতিয়াও সন্ধানহীন হৈ আছে।

হৰিদ্বাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক প্ৰমেন্দ্ৰ ডোভালৰ মতে, মঙলবাৰে যুৱতীগৰাকীক চহৰখনত দেখা পোৱাৰ পিছতে জিম্মাত লোৱা হয়। জেৰাৰ সময়ত তাই প্ৰেমিকৰ সৈতে হৰিদ্বাৰলৈ অহাৰ কথাও প্ৰকাশ কৰে। বিষয়াসকলে জনোৱা মতে, ১৯ বছৰীয়া কিশোৰীগৰাকীৰ সৈতে ছোৱালীজনীৰ সম্পৰ্কত আপত্তি কৰাৰ বাবেই ছোৱালীজনীৰ পিতৃক হত্যা কৰা হয় আৰু তেওঁৰ ভাতৃয়ে অপৰাধৰ সাক্ষী হোৱাৰ বাবেই হত্যা কৰা হয়।

আৰক্ষীয়ে জনোৱা মতে, তেওঁলোকে মৃতদেহবোৰ টুকুৰা টুকুৰ কৰি ফ্ৰীজত ভৰাই পলায়ন কৰে বুলি আৰক্ষীয়ে জনায় আৰু লগতে কয় যে ছোৱালীজনীৰ মতে হত্যাকাণ্ডৰ পৰিকল্পনা প্ৰেমিকৰ। প্ৰেমিকৰ সন্ধান অব্যাহত থকাৰ সময়তে কিশোৰীগৰাকীক মধ্যপ্ৰদেশ আৰক্ষীক গতাই দিয়া হৈছে বুলিও ডোভালে লগতে কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক
দুৰ্ধৰ্ষ ডকাইতৰ দল আৰক্ষীৰ জালত; ৩৫ লাখ টকাৰ সামগ্ৰী উদ্ধাৰ
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
Advertisement