--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বুধবাৰে উত্তৰাখণ্ডৰ হৰিদ্বাৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয় পিতৃ আৰু ভাতৃক হত্যা কৰাৰ অভিযোগত পলায়ন কৰা ১৫ বছৰীয়া এগৰাকী কিশোৰীক। ১৫ মাৰ্চত মধ্যপ্ৰদেশৰ জবালপুৰত সংঘটিত হোৱা এই চাঞ্চল্যকৰ কাণ্ডত কিশোৰীগৰাকীয়ে ১৯ বছৰীয়া প্ৰেমিকৰ সৈতে পিতৃ আৰু ভাতৃক হত্যা কৰি কটা মৃতদেহ ফ্ৰীজত ভৰাই থোৱাৰ অভিযোগ উত্থাপন হয়। তেতিয়াৰ পৰাই অভিযুক্তগৰাকী পলাতক হৈ আছিল আৰু গোচৰৰ সহ অভিযুক্তও তেওঁৰ সংগী এতিয়াও সন্ধানহীন হৈ আছে।

হৰিদ্বাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক প্ৰমেন্দ্ৰ ডোভালৰ মতে, মঙলবাৰে যুৱতীগৰাকীক চহৰখনত দেখা পোৱাৰ পিছতে জিম্মাত লোৱা হয়। জেৰাৰ সময়ত তাই প্ৰেমিকৰ সৈতে হৰিদ্বাৰলৈ অহাৰ কথাও প্ৰকাশ কৰে। বিষয়াসকলে জনোৱা মতে, ১৯ বছৰীয়া কিশোৰীগৰাকীৰ সৈতে ছোৱালীজনীৰ সম্পৰ্কত আপত্তি কৰাৰ বাবেই ছোৱালীজনীৰ পিতৃক হত্যা কৰা হয় আৰু তেওঁৰ ভাতৃয়ে অপৰাধৰ সাক্ষী হোৱাৰ বাবেই হত্যা কৰা হয়।

আৰক্ষীয়ে জনোৱা মতে, তেওঁলোকে মৃতদেহবোৰ টুকুৰা টুকুৰ কৰি ফ্ৰীজত ভৰাই পলায়ন কৰে বুলি আৰক্ষীয়ে জনায় আৰু লগতে কয় যে ছোৱালীজনীৰ মতে হত্যাকাণ্ডৰ পৰিকল্পনা প্ৰেমিকৰ। প্ৰেমিকৰ সন্ধান অব্যাহত থকাৰ সময়তে কিশোৰীগৰাকীক মধ্যপ্ৰদেশ আৰক্ষীক গতাই দিয়া হৈছে বুলিও ডোভালে লগতে কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ