--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পৰিসংখ্যাগতভাৱে প্ৰতি বছৰে বিশ্বৰ সৰ্বাধিকসংখ্যক লোকে হৃদযন্ত্ৰৰ সমস্যাৰ বাবে প্ৰাণ হেৰুৱায়। ভাৰতত প্ৰতি বছৰে হঠাৎ হৃদযন্ত্ৰ বন্ধ হৈ প্ৰায় ৭ লাখ লোকৰ মৃত্যু হয়। যিকোনো ব্যক্তিৰ এই ৰোগ যিকোনো সময়তে হ’ব পাৰে। কিন্তু পৰিসংখ্যাগতভাৱে বছৰৰ এটা বিশেষ সময়ত এই ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বহু পৰিমাণে বৃদ্ধি পায়। আমেৰিকান হাৰ্ট এছ’চিয়েশ্যনৰ তথ্য অনুসৰি ডিচেম্বৰ মাহৰ শেষ সপ্তাহ অৰ্থাৎ বৰদিনৰ সময়ত এই ৰোগত আক্ৰান্ত হৈ বেছিভাগ লোকৰে মৃত্যু হয়।

 আমেৰিকান হাৰ্ট এছ’চিয়েশ্যনৰ তথ্য অনুসৰি শীতকালত মাৰাত্মক হৃদৰোগৰ সম্ভাৱনা কমেও ১০ শতাংশ বৃদ্ধি পায়। কিন্তু সেয়া কিয় হয়? চিকিৎসকে কয় যে তাপমাত্ৰা সলনিয়ে হৃদযন্ত্ৰত প্ৰভাৱ বিস্তাৰ কৰে। শীতকালত আমাৰ শৰীৰত ৰক্তবাহী নলী সংকুচিত হোৱাৰ প্ৰৱণতা থাকে। বিজ্ঞানৰ ভাষাত ইয়াক ‘ভেছ’কনষ্ট্ৰিকচন’ বুলি কোৱা হয়। এনে হ’লে শৰীৰৰ ৰক্তচাপ বৃদ্ধি পায়। গতিকে গোটেই শৰীৰলৈ তেজ যোগান ধৰিবলৈ আমাৰ হৃদযন্ত্ৰই অতিৰিক্ত কষ্ট কৰিবলগীয়া হয়। ডিচেম্বৰৰ শেষৰ ফালে সাধাৰণতে উত্তৰ গোলাৰ্ধত আটাইতকৈ ঠাণ্ডা হয়। বাহিৰৰ উষ্ণতা বেছিকৈ কমি গ’লে শৰীৰৰ স্বাভাৱিক উষ্ণতা বজাই ৰখাটো কঠিন হৈ পৰে। অত্যধিক চৰ্দিৰ ফলত ‘হাইপ’থাৰ্মিয়া’ হ’ব পাৰে। শৰীৰৰ উষ্ণতা হঠাতে কমি গ’লে হাইপোথাৰ্মিয়া বোলে। শৰীৰৰ কোনো অংশ ঠাণ্ডা হ’লে হৃদযন্ত্ৰই সেই অংশলৈ অধিক উষ্ণ তেজ প্ৰেৰণ কৰে। যদি গোটেই শৰীৰটো ঠাণ্ডা হৈ পৰে তেন্তে অতিৰিক্ত চাপ হৃদযন্ত্ৰৰ ওপৰত পৰে।

 যিসকলৰ ইতিমধ্যে কোনো ধৰণৰ হৃদযন্ত্ৰৰ সমস্যা আছে, তেওঁলোকৰ শৰীৰে এই পৰিস্থিতিৰ লগত খাপ খুৱাবলৈ কষ্ট হয়। ফলত শীতকালত শৰীৰৰ অক্সিজেনৰ প্ৰয়োজনীয়তা বাঢ়ি যায়। ৰক্তবাহী নলী সংকুচিত হোৱাৰ বাবে অক্সিজেনৰ অভাৱ হয়। সেয়েহে হৃদযন্ত্ৰলৈ অক্সিজেনৰ মাত্ৰা কমি যায়। ইয়াৰ ফলত হৃদৰোগৰ সম্ভাৱনাও বৃদ্ধি পায়।










FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
অনলাইন লটাৰীৰ প্ৰলোভন! দেৰগাঁৱৰ এগৰাকী সচেতন ব্যক্তিৰ সজাগতাত ফাদিল প্ৰৱঞ্চনাৰ জাল
পুৱা খালী ভৰিৰে ঘাঁহত খোজ কাঢ়িলে আপুনি পাব শাৰীৰিক আৰু মানসিক লাভালাভ
ডিব্ৰুগড়ত পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি! শহুৰেকৰ দাৰ ঘাপত গুৰুতৰভাৱে আহত বোৱাৰী
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান