--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পৰিসংখ্যাগতভাৱে প্ৰতি বছৰে বিশ্বৰ সৰ্বাধিকসংখ্যক লোকে হৃদযন্ত্ৰৰ সমস্যাৰ বাবে প্ৰাণ হেৰুৱায়। ভাৰতত প্ৰতি বছৰে হঠাৎ হৃদযন্ত্ৰ বন্ধ হৈ প্ৰায় ৭ লাখ লোকৰ মৃত্যু হয়। যিকোনো ব্যক্তিৰ এই ৰোগ যিকোনো সময়তে হ’ব পাৰে। কিন্তু পৰিসংখ্যাগতভাৱে বছৰৰ এটা বিশেষ সময়ত এই ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বহু পৰিমাণে বৃদ্ধি পায়। আমেৰিকান হাৰ্ট এছ’চিয়েশ্যনৰ তথ্য অনুসৰি ডিচেম্বৰ মাহৰ শেষ সপ্তাহ অৰ্থাৎ বৰদিনৰ সময়ত এই ৰোগত আক্ৰান্ত হৈ বেছিভাগ লোকৰে মৃত্যু হয়।

 আমেৰিকান হাৰ্ট এছ’চিয়েশ্যনৰ তথ্য অনুসৰি শীতকালত মাৰাত্মক হৃদৰোগৰ সম্ভাৱনা কমেও ১০ শতাংশ বৃদ্ধি পায়। কিন্তু সেয়া কিয় হয়? চিকিৎসকে কয় যে তাপমাত্ৰা সলনিয়ে হৃদযন্ত্ৰত প্ৰভাৱ বিস্তাৰ কৰে। শীতকালত আমাৰ শৰীৰত ৰক্তবাহী নলী সংকুচিত হোৱাৰ প্ৰৱণতা থাকে। বিজ্ঞানৰ ভাষাত ইয়াক ‘ভেছ’কনষ্ট্ৰিকচন’ বুলি কোৱা হয়। এনে হ’লে শৰীৰৰ ৰক্তচাপ বৃদ্ধি পায়। গতিকে গোটেই শৰীৰলৈ তেজ যোগান ধৰিবলৈ আমাৰ হৃদযন্ত্ৰই অতিৰিক্ত কষ্ট কৰিবলগীয়া হয়। ডিচেম্বৰৰ শেষৰ ফালে সাধাৰণতে উত্তৰ গোলাৰ্ধত আটাইতকৈ ঠাণ্ডা হয়। বাহিৰৰ উষ্ণতা বেছিকৈ কমি গ’লে শৰীৰৰ স্বাভাৱিক উষ্ণতা বজাই ৰখাটো কঠিন হৈ পৰে। অত্যধিক চৰ্দিৰ ফলত ‘হাইপ’থাৰ্মিয়া’ হ’ব পাৰে। শৰীৰৰ উষ্ণতা হঠাতে কমি গ’লে হাইপোথাৰ্মিয়া বোলে। শৰীৰৰ কোনো অংশ ঠাণ্ডা হ’লে হৃদযন্ত্ৰই সেই অংশলৈ অধিক উষ্ণ তেজ প্ৰেৰণ কৰে। যদি গোটেই শৰীৰটো ঠাণ্ডা হৈ পৰে তেন্তে অতিৰিক্ত চাপ হৃদযন্ত্ৰৰ ওপৰত পৰে।

 যিসকলৰ ইতিমধ্যে কোনো ধৰণৰ হৃদযন্ত্ৰৰ সমস্যা আছে, তেওঁলোকৰ শৰীৰে এই পৰিস্থিতিৰ লগত খাপ খুৱাবলৈ কষ্ট হয়। ফলত শীতকালত শৰীৰৰ অক্সিজেনৰ প্ৰয়োজনীয়তা বাঢ়ি যায়। ৰক্তবাহী নলী সংকুচিত হোৱাৰ বাবে অক্সিজেনৰ অভাৱ হয়। সেয়েহে হৃদযন্ত্ৰলৈ অক্সিজেনৰ মাত্ৰা কমি যায়। ইয়াৰ ফলত হৃদৰোগৰ সম্ভাৱনাও বৃদ্ধি পায়।










FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক