--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰতিমাহে বিভিন্ন গ্ৰহই নিজৰ গতিবিধি সলনি কৰি থাকে। বুধ গ্ৰহক গ্ৰহৰ ৰাজকুমাৰৰ নাম দিয়া হৈছে। তেওঁক প্ৰজ্ঞা প্ৰদানকাৰী গ্ৰহ বুলিও কোৱা হয়। বৰ্তমান বুধ গ্ৰহ ধনু ৰাশিত ট্ৰেন্সজিট হৈ আছে। ২৫ দিন সম্পূৰ্ণ হোৱাৰ পাছত ২০২২ চনৰ ২৮ ডিচেম্বৰত মকৰ ৰাশিত প্ৰৱেশ কৰিব বুধ। বুধ এই ৰাশিত ৩০ ডিচেম্বৰত ৰেট্ৰ’গ্ৰেড হ’ব। বুধ ৰাশিৰ এই ৰাশিৰ পৰিৱৰ্তনে সকলো ৰাশিৰ ওপৰত বিভিন্ন প্ৰভাৱ পেলাব। অৱশ্যে চাৰিটা ৰাশি আছে, এই চাৰি ৰাশিৰ ভাগ্য বুধৰ কৃপাত সলনি হ’ব।

১) মেষ ৰাশিঃ বুধ ৰাশিৰ পৰিৱৰ্তনত মেষ ৰাশিৰ লোকসকল যথেষ্ট উপকৃত হ’ব। বছৰৰ শেষত বুধ গ্ৰহৰ ট্ৰেনজিটিং আৰু ৰেট্ৰ’গ্ৰেডে এই ৰাশিৰ লোকসকলক বহুত উপকাৰ দিব। তেওঁলোকে কেৰিয়াৰত প্ৰচণ্ড সফলতা লাভ কৰিব। একে সময়তে ব্যৱসায়ীসকলেও লাভ কৰিব যথেষ্ট।

২) বৃষ ৰাশিঃ বুধ ট্ৰেনজিট আৰু ৰেট্ৰ’গ্ৰেড বুধে বৃষ ৰাশিৰ লোকক অনুকূল ফলাফল দিব। দীৰ্ঘদিন ধৰি বাকী থকা কামবোৰ সম্পূৰ্ণ হ’ব। যিসকলে চাকৰি সলনি কৰাৰ কথা ভাবিছে, তেওঁলোকৰ ইচ্ছা পূৰণ হ’ব। নিয়োজিত লোকে পদোন্নতি পাব আৰু দৰমহা বৃদ্ধিও সম্ভৱ।

৩) সিংহ ৰাশিঃ  সিংহ ৰাশিৰ লোকসকল বুধ ৰাশিৰ পৰিৱৰ্তনত যথেষ্ট উপকৃত হ’ব। আয়ৰ নতুন উৎসৰ পৰা বৃহৎ আৰ্থিক লাভ হ’ব। ব্যৱসায়ীসকলৰ বাবে সময় অনুকূল হ’ব। এই সময় ছাত্ৰ-ছাত্ৰীৰ বাবে অতি ভাল হ’ব আৰু তেওঁলোকে আকাংক্ষিত ফলাফল লাভ কৰিবলৈ সক্ষম হ’ব। যুৱক-যুৱতীসকলে বৈবাহিক জীৱনত বান্ধ খাব পাৰে।

৪) কন্যা ৰাশিঃ কন্যা ৰাশিৰ যিসকলে বাহন বা ঘৰ কিনাৰ পৰিকল্পনা কৰিছে, তেওঁলোকৰ ইচ্ছা বুধৰ কৃপাত পূৰণ কৰিব পাৰিব। আপুনি ভাগ্যৰ সম্পূৰ্ণ সমৰ্থন পাব, যাৰ বাবে ঘৰখন সুখেৰে ভৰি পৰিব। সম্পত্তিত বিনিয়োগ কৰিলে লাভ হ’ব।









FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বিশ্ব সংগীত দিৱস ; জানেনে সংগীত দিৱস কিয় বিশেষ?
আৰক্ষীৰ গুলীত নিহত দুৰ্ধৰ্ষ ডকাইত! ৪০টাতকৈও অধিক গোচৰ ৰুজু হৈছিল ডকাইতটোৰ বিৰুদ্ধে
অসম সন্তান জুবিন, মেঘালী আৰু  ৰাজৰ্ষি বিশ্বমানৰ আই আই এছলৈ নিৰ্বাচিত
এই ৩ টা বনৌষধি পেটৰ বাবে অতি উপকাৰী
আন্তৰ্জাতিক যোগ দিৱসৰ বিষয়ে একলম
তিনিচুকীয়াত আৰক্ষীক ১৪ বছৰৰ কাৰাদণ্ড
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত