--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰেষ্টুৰেণ্টৰ খাদ্য এতিয়া ঘৰতে বহি সকলোৱে অনলাইনত অৰ্ডাৰ কৰিব পাৰে। বৰ্তমান সময়ত এই প্ৰক্ৰিয়া যথেষ্ট জনপ্ৰিয় হৈছে। শেহতীয়াকৈ এক খবৰ পোহৰলৈ আহিছে য'ত এজন লোকে খাদ্য অৰ্ডাৰ কৰি পাইছিল মাংসৰ হাড় আৰু এখন হৃদয় বিদাৰক চিঠি।

ডেমিয়ান চেণ্ডাৰছ নামৰ এজন ব্যক্তিয়ে এই দাবী কৰিছে। তেওঁ সমগ্ৰ ঘটনাৰ ভিডিঅ’ ৰেকৰ্ডিং কৰি ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰে। তেওঁ ভিডিঅ’টোত কয় যে তেওঁ অনলাইনযোগে মুঠ তিনিটাকৈ খাদ্যৰ অৰ্ডাৰ দিছে। চিপচ, চিকেন উইংছ আৰু কল্ড ড্ৰিংকছ।

তেওঁ দাবী কৰে যে কল্ড ড্ৰিংকছটো ভালদৰে আহিছিল যদিও চিপছৰ পেকেটটো খালী হৈ আছিল। আৰু চিকেন উইংছৰ ঠাইত আছিল কুকুৰাৰ হাড়। কিন্তু খাদ্যৰ মোনাটোত হাতে লিখা চিঠি এখন আছিল। ফুড ডেলিভাৰী বয়জনে লিখিছিল এই চিঠিখন। 

চিঠিখনত লিখা আছিল, ‘‘মোক ক্ষমা কৰা, তোমাৰ খাদ্য মই খালোঁ। মোৰ পেটটো ভোকত কলমলাই উঠিছিল। কিন্তু মোৰ হাতত টকা নাছিল। সেইবাবেই মই তোমাৰ খাদ্য খালোঁ। মই সোনকালেই চাকৰি এৰি দিম।’’ তেওঁ চিঠিখনৰ শেষত ডেমিয়েনক আশীৰ্বাদো প্ৰদান কৰিছে। 

গোটেই কাণ্ডটোত ডেমিয়েন ক্ষুব্ধ হৈ পৰিছিল। কিন্তু নেটিজেনসকলৰ মাজৰ বহুতেই ফুড ডেলিভাৰী বয়জনৰ প্ৰতি সহানুভূতি প্ৰকাশ কৰিছিল। বহুতে কৈছে যে মানুহে খাদ্য যোগাৰ কৰিবলৈ কি কি যে কৰিব লগা হয়। বহুতে ফুড ডেলিভাৰী বয়জনে নিজৰ কাম ভালদৰে নকৰা বাবে ক্ষোভ প্ৰকাশো কৰিছে।

এই ঘটনা বৰ্তমান ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
অভিযন্তাৰ ঘৰত চলিল অভিযান! আতংকিত পত্নীয়ে জ্বলাই দিলে ২০ লাখ টকা, ৪০ লাখ নগদ ধন আৰু দামী ঘড়ী উদ্ধাৰ
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান