--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰেষ্টুৰেণ্টৰ খাদ্য এতিয়া ঘৰতে বহি সকলোৱে অনলাইনত অৰ্ডাৰ কৰিব পাৰে। বৰ্তমান সময়ত এই প্ৰক্ৰিয়া যথেষ্ট জনপ্ৰিয় হৈছে। শেহতীয়াকৈ এক খবৰ পোহৰলৈ আহিছে য'ত এজন লোকে খাদ্য অৰ্ডাৰ কৰি পাইছিল মাংসৰ হাড় আৰু এখন হৃদয় বিদাৰক চিঠি।

ডেমিয়ান চেণ্ডাৰছ নামৰ এজন ব্যক্তিয়ে এই দাবী কৰিছে। তেওঁ সমগ্ৰ ঘটনাৰ ভিডিঅ’ ৰেকৰ্ডিং কৰি ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰে। তেওঁ ভিডিঅ’টোত কয় যে তেওঁ অনলাইনযোগে মুঠ তিনিটাকৈ খাদ্যৰ অৰ্ডাৰ দিছে। চিপচ, চিকেন উইংছ আৰু কল্ড ড্ৰিংকছ।

তেওঁ দাবী কৰে যে কল্ড ড্ৰিংকছটো ভালদৰে আহিছিল যদিও চিপছৰ পেকেটটো খালী হৈ আছিল। আৰু চিকেন উইংছৰ ঠাইত আছিল কুকুৰাৰ হাড়। কিন্তু খাদ্যৰ মোনাটোত হাতে লিখা চিঠি এখন আছিল। ফুড ডেলিভাৰী বয়জনে লিখিছিল এই চিঠিখন। 

চিঠিখনত লিখা আছিল, ‘‘মোক ক্ষমা কৰা, তোমাৰ খাদ্য মই খালোঁ। মোৰ পেটটো ভোকত কলমলাই উঠিছিল। কিন্তু মোৰ হাতত টকা নাছিল। সেইবাবেই মই তোমাৰ খাদ্য খালোঁ। মই সোনকালেই চাকৰি এৰি দিম।’’ তেওঁ চিঠিখনৰ শেষত ডেমিয়েনক আশীৰ্বাদো প্ৰদান কৰিছে। 

গোটেই কাণ্ডটোত ডেমিয়েন ক্ষুব্ধ হৈ পৰিছিল। কিন্তু নেটিজেনসকলৰ মাজৰ বহুতেই ফুড ডেলিভাৰী বয়জনৰ প্ৰতি সহানুভূতি প্ৰকাশ কৰিছিল। বহুতে কৈছে যে মানুহে খাদ্য যোগাৰ কৰিবলৈ কি কি যে কৰিব লগা হয়। বহুতে ফুড ডেলিভাৰী বয়জনে নিজৰ কাম ভালদৰে নকৰা বাবে ক্ষোভ প্ৰকাশো কৰিছে।

এই ঘটনা বৰ্তমান ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ